সাহনা বজ্ৰাচাৰ্য (নেপালী ভাষা: साहना बज्राचार्य) এগৰাকী নেপালী অভিনেত্ৰী, টিভি আঁতধৰোঁতা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ নেপাল আৰ্থ ২০১০-ৰ মুকুট লাভ কৰিছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেক্সট টপ মডেলৰ স্থানীয় সংস্কৰণ ‘মেগা মডেল’ ছিজন ২-ৰ আঁতধৰোঁতা আছিল। তেওঁ ‘টিএনএম মেগাজিন’ৰ বেটুপাতত স্থান পোৱা প্ৰথমগৰাকী মহিলা আছিল।১ ইয়াৰ উপৰিও তেওঁ এনটিভি প্লাছত ‘নমস্তে’ নামৰ টিভি অনুষ্ঠানটো পৰিচালনা কৰিছিল।
জীৱনী
১৯৮৯ চনৰ ১৫ আগষ্টত নেপালৰ কাঠমাণ্ডুত সাহনা বজ্ৰাচাৰ্যৰ জন্ম হৈছিল। তেওঁ ললিতপুৰৰ জাওলাখেলৰ ছেইণ্ট মেৰীজ স্কুলৰ পৰা স্কুলীয়া শিক্ষা আৰু ৱিগান এণ্ড লেই কলেজৰ পৰা মহাবিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিল।
কৰ্মজীৱন
বজ্ৰাচাৰ্যই ‘মেগা মডেল’ ছিজন ২ আৰু যুগান্তৰৰ দৰে টিভি অনুষ্ঠানৰ আঁত ধৰি এগৰাকী সংবাদ মাধ্যমৰ ব্যক্তিত্ব হিচাপে পৰিচিত হৈছিল। তেওঁ ‘ইমেজ চেনেল’তো কাম কৰিছিল। ২০০৮ চনত তেওঁ মিছ নেপাল ২০০৮ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল,২ কিন্তু মাওবাদীসকলৰ প্ৰতিবাদৰ বাবে সৌন্দৰ্য প্ৰতিযোগিতাখন পিছলৈ বাতিল কৰা হৈছিল। ২০১১ চনৰ অক্টোবৰ মাহত কোৰিয়াত অনুষ্ঠিত হোৱা ‘মিছ ছুপাৰটেলেণ্ট অব দ্য ৱৰ্ল্ড’ প্ৰতিযোগিতাত নেপালক প্ৰতিনিধিত্ব কৰিবলৈও সাহনাক বাছনি কৰা হৈছিল, য’ত তেওঁ শীৰ্ষ ১৫ গৰাকী প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰিছিল।
২০১০ চনৰ ১ ছেপ্টেম্বৰত তেওঁ মিছ নেপাল আৰ্থ ২০১০-ৰ মুকুট লাভ কৰে আৰু পিছলৈ ২০১০ চনৰ ৪ ডিচেম্বৰত মিছ আৰ্থ ২০১০ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।৩ ইয়াৰ পিছত তেওঁ ‘কান্তিপুৰ টেলিভিছন নেটৱৰ্ক’ত যোগদান কৰে আৰু চলচ্চিত্ৰৰ খবৰ তথা চৰ্চা সম্বলিত অনুষ্ঠান ‘ফ্ৰেম বাই ফ্ৰেম’ৰ আঁত ধৰে। কান্তিপুৰ টেলিভিছনৰ পৰা অব্যাহতি লোৱাৰ পিছত তেওঁ নেপাল টেলিভিছন নেটৱৰ্কৰ বাবে ‘নমস্তে টিভি শ্ব’ পৰিচালনা কৰিবলৈ আৰম্ভ কৰে।
চলচ্চিত্ৰপঞ্জী
| বৰ্ষ | চলচ্চিত্ৰ | ভাষা | টোকা |
|---|---|---|---|
| ২০১২ | গুড বাই কাঠমাণ্ডু | নেপালী | অতিথি শিল্পী |
তথ্যসূত্ৰ
- ↑ (16 August 2014). Sahana Bajracharya's Sexy Chitwan Shoot!. Lexlimbu.com
- ↑ Miss Nepal 2008 Contestants Profile - Sahana Bajracharya
- ↑ Sahana Bajracharya - Nepal - Miss Earth 2010 Vietnam. Missearth.vn
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাহনা বজ্ৰাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৫৯৬৯৮৬ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।