অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লুচিয়া অলডানা

কাৰমেন লুচিয়া অলডানা ৰোলডান (জন্ম: ৯ মাৰ্চ ১৯৯২) এগৰাকী কলম্বিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ কলম্বিয়া ২০১২ খিতাপ জয় কৰিছিল। অলডানাই মিছ ইউনিভাৰ্ছ ২০১৩ ত কলম্বিয়াক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ২৩ জুন ২০২৬ ২০৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কাৰমেন লুচিয়া অলডানা ৰোলডান (জন্ম: ৯ মাৰ্চ ১৯৯২) এগৰাকী কলম্বিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ কলম্বিয়া ২০১২ খিতাপ জয় কৰিছিল। অলডানাই মিছ ইউনিভাৰ্ছ ২০১৩ ত কলম্বিয়াক প্ৰতিনিধিত্ব কৰিছিল। তেওঁৰ পৰৱৰ্তী মিছ কলম্বিয়া পউলিনা ভেগাই মিছ ইউনিভাৰ্ছ ২০১৪ জয় কৰাৰ পূৰ্বে অলডানা আছিল কলম্বিয়াৰ খিতাপবিহীন ধাৰাৰ অন্তিমগৰাকী প্ৰতিনিধি।১

প্ৰাৰম্ভিক জীৱন

অলডানা কলম্বিয়াৰ কেলিৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। তেওঁ গৃহিণী মাৰিয়া কন্সৱেলো ৰোলডান আৰু অধিবক্তা হেক্টৰ অলডানাৰ পাঁচটা সন্তানৰ ভিতৰত আটাইতকৈ সৰু।২ অলডানাই চৰকাৰী বিদ্যালয় ইনষ্টিটিউট' টেকনিক' ইণ্ডাষ্ট্ৰিয়েলৰ পৰা শিক্ষা সমাপ্ত কৰিছিল।৩ তেওঁ শৈশৱত কেথলিক হিচাপে ডাঙৰ-দীঘল হৈছিল যদিও ২০০৩ চনত ১১ বছৰ বয়সৰ পৰা তেওঁৰ পৰিয়াল কেলিৰ 'আভিভাণ্ডো লা ফে' নামৰ এখন প্ৰটেষ্টাণ্ট গীৰ্জাৰ সদস্য হয়। অলডানাই নিজকে প্ৰটেষ্টাণ্ট হিচাপে চিনাকি দিয়ে।৪

শিক্ষা

সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হোৱাৰ সময়লৈকে তেওঁ 'ইউনিভাৰ্চিডাড অটোনোমা ডি অক্সিডেণ্ট'ত সাংবাদিকতা বিষয়ত স্নাতক বৰ্ষৰ অধ্যয়ন কৰি আছিল।৫ তেওঁৰ এটা ডাঙৰ সপোন হৈছে এটা টেলিভিছন অনুষ্ঠানৰ প্ৰযোজক আৰু পৰিচালক হোৱা।৬

মিছ কলম্বিয়া

২০১২ চনৰ ১২ নৱেম্বৰ, সোমবাৰে নিশা কাৰ্টাজেনা ডি ইণ্ডিয়াছৰ কনভেনচন চেন্টাৰ জুলিঅ' চিজাৰ টুৰ্বে আয়ালাৰ গেথচেমেন প্ৰেক্ষাগৃহত অনুষ্ঠিত মিছ কলম্বিয়া সৌন্দৰ্য প্ৰতিযোগিতাৰ ৭৮ সংখ্যক সংস্কৰণত মিছ ভাল্লে লুচিয়া অলডানাক মিছ কলম্বিয়া ২০১১-ৰ বিজয়ী ডেনিয়েলা আলভাৰেজে মিছ কলম্বিয়া ২০১২-ৰ মুকুট পিন্ধায়। ইয়াৰ পিছত তেওঁ ৰাছিয়াৰ মস্কোত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৩-ত অংশগ্ৰহণ কৰিছিল, কিন্তু ছেমি ফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (15 November 2012). 20 year-old crowned Miss Colombia 2012. Emirates 24/7 (Reuters)
  2. ↑ (23 December 2012). "Tengo miedo a ser muy exitosa y estar sin nadie": Lucía Aldana Roldán
  3. ↑ Lucía Aldana, nueva Señorita Colombia, una reina con paso de ganadora
  4. ↑ (Revista Cromos No. 4868 junio 14 de 2013)
  5. ↑ Carmen Lucía Aldana habló sobre sus retos como nueva Señorita Valle 2012 - diario El Pais
  6. ↑ (Revista Cromos No. 4868 junio 14 de 2013)

সম্পৰ্কিত শ্ৰেণী

মডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লুচিয়া অলডানা” প্ৰবন্ধৰ সংশোধন ৬১৩৮৭৮ (২৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।