অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হাৰুকা আয়াসি

আয়া টাডামাৰু (ইংৰাজী: Aya Tademaru; জন্ম: ২৪ মাৰ্চ, ১৯৮৫) তেওঁৰ মঞ্চ নাম হাৰুকা আয়াসি নামেৰেহে অধিক পৰিচিত। তেওঁ এগৰাকী জাপানী অভিনেত্ৰী যিয়ে ২০০০ চনত এগৰাকী মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেতিয়াৰপৰাই তেওঁ টেলিভিছন আৰু চলচ্চিত্ৰ জগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ২৩০ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

আয়া টাডামাৰু (ইংৰাজী ভাষা: Aya Tademaru; জন্ম: ২৪ মাৰ্চ, ১৯৮৫) তেওঁৰ মঞ্চ নাম হাৰুকা আয়াসি নামেৰেহে অধিক পৰিচিত। তেওঁ এগৰাকী জাপানী ভাষা অভিনেত্ৰী যিয়ে ২০০০ চনত এগৰাকী মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।১ তেতিয়াৰপৰাই তেওঁ টেলিভিছন আৰু চলচ্চিত্ৰ জগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে।২

ব্যক্তিগত জীৱন

হাৰুকা আয়াসিৰ জন্ম হৈছিল ১৯৮৫ চনৰ ২৪ মাৰ্চত হিলচিমা প্ৰেফেকচাৰত আয়া টাডামাৰু হিচাপে।৩ আয়াসিৰ এজন ককায়েক আছে।৪ তেওঁৰ ককাক-আইতাক হিলচিমা আৰু নাগাচাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰপৰা ৰক্ষা পোৱা লোক আছিল।৩

ৰাজহুৱা ছবি

বাতৰি কাকত দ্য জাপান টাইমছে আয়াসিক "এনী হেথাৱেৰ জাপানী সংস্কৰণ" বুলি অভিহিত কৰিছে।৫ ২০১৮ চনত আয়াসিক জাপানৰ আটাইতকৈ ধুনীয়া মুখমণ্ডল হিচাপে ঘোষণা কৰা হৈছিল।৬

স্বাস্থ্য

চাইবৰ্গ চি (Cyborg She) ছবিৰ শ্বুটিং কৰি থকা সময়ত আয়াসিৰ নাক ভাগিছিল।৭

২০২১ চনৰ ৩১ আগষ্টত আয়াসিয়ে টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে ঘোষণা কৰিছিল যে তেওঁ ক’ভিড-১৯ ডেল্টা ভেৰিয়েণ্টত আক্ৰান্ত হৈছে।৮ যদিও তেওঁ প্ৰথমতে ঘৰতে সুস্থ হৈ উঠিছিল, পিছলৈ নিউমোনিয়াৰ লক্ষণ দেখা দিয়াত তেওঁক হাস্পতালত ভৰ্তি কৰা হৈছিল।৮

আইনী জটিলতা

২০০৬ চনত নিউজিলেণ্ডত আয়াসিক এগৰাকী চোৰাংচোৱা বুলি ভুল বুজা-বুজি হোৱাৰ পিছত আটক কৰা হৈছিল।৯

২০২০ চনৰ বসন্তকালৰ আশে-পাশে আয়াসিৰ মাতৃয়ে পৰিচালনা কৰা তেওঁৰ ব্যক্তিগত কাৰ্যালয়ৰ এটা কোম্পানীয়ে আয়াসি পৰিয়ালৰ দীৰ্ঘদিনীয়া চিনাকি এজন হিলচিমাৰ কৰ একাউণ্টেণ্টৰদ্বাৰা সহ-পৰিচালিত এটা আঁচনিত প্ৰায় ১০ কোটি জাপানী য়েন বিনিয়োগ কৰিছিল। ২০২১ চনৰ মে' মাহত আঁচনিখনে আয়াসিৰ কোম্পানীক ধন ঘূৰাই দিয়াৰ ক্ষেত্ৰত বিফল হয় আৰু পিছলৈ একাউণ্টেণ্টজনৰ পুত্ৰই সম্পূৰ্ণ বিনিয়োগৰ ধন ওভতাই দিয়াৰ ব্যৱস্থা কৰে। ২০২২ চনৰ নৱেম্বৰ মাহত বিনিয়োগ আইন উলংঘাৰ অভিযোগত একাউণ্টেণ্টজনৰ লগতে আন তিনিজনক গ্ৰপ্তাৰ কৰা হয়। আন একাংশ বিনিয়োগকাৰীয়ে অভিযোগ উত্থাপন কৰিছিল যে একাউণ্টেণ্টজনে সেই আঁচনিখনত বিনিয়োগৰ বাবে মানুহক আকৰ্ষিত কৰিবলৈ আয়াসিৰ সৈতে থকা তেওঁৰ সম্পৰ্কক ব্যৱহাৰ কৰিছিল।১০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ ja:綾瀬はるか. Kinema-Junposha.Co.Ltd
  2. ↑ Spotlight: Documentary in Japan reveals dark history of "poison gas island". Xinhua News Agency - SK-II celebrates women with new facial treatment. Jakarta Post - These were Japan's most used celebrity endorsers in 2017. Campaign Asia - (January 16, 2017). Japan Box Office: 'Honnoji Hotel' Bows at No. 1. Variety
  3. ↑ (February 15, 2018). 綾瀬はるか「世界平和」の夢にこめた「祖母との約束」. エンタメニュース. 女性自身
  4. ↑ (2014-05-25). 綾瀬はるか 実家ではほっかむりして農作業 腕前はプロ級(全文). デイリー新潮
  5. ↑ Schilling, Mark. (2017-01-25). 'Honnouji Hotel': Drama on the wrong side of history. The Japan Times
  6. ↑ 櫛田健介. (2018-07-09). 自信がなくても、「よーい、どん」で走り出いたら全力で ――綾瀬はるか流・女優の「続け方」. リクナビNEXTジャーナル
  7. ↑ ja:『僕の彼女はサイボーグ』綾瀬はるか 単独インタビュー
  8. ↑ ja:綾瀬はるかコロナ感染 26日陽性反応、自宅療養も肺炎の症状で入院 - 芸能: 日刊スポーツ. nikkansports.com
  9. ↑ (2008-11-08). Haruka Ayase arrested on suspicion of spying! ?
  10. ↑ 綾瀬はるかが広告塔に使われた40億円投資トラブル 逮捕された税理士「国民的女優を利用」の周到手口. NEWSポストセブン

সম্পৰ্কিত শ্ৰেণী

জাপানী অভিনেত্ৰীগায়িকামডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰুকা আয়াসি” প্ৰবন্ধৰ সংশোধন ৫৯৭১০১ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।