নিনা ব্ৰহুছ আগডাল পল (ইংৰাজী ভাষা: Nina Brohus Agdal Paul; জন্ম: ২৬ মাৰ্চ ১৯৯২) এগৰাকী ডেনিছ মডেল। তেওঁ স্প'ৰ্টছ ইলাষ্ট্ৰেটেড ছুইমছুট ইশ্বুত অভিনয়ৰ বাবে তেওঁ পৰিচিত। ২০১৪ চনত তেওঁ আলোচনীখনৰ ৫০বছৰীয়া জয়ন্তীৰ কভাৰত ক্ৰীচি টেইগেন আৰু লিলি এলড্ৰিজৰ সৈতে অভিনয় কৰে।
সামাজিক মাধ্যমৰ প্ৰভাৱশালী ব্যক্তি আৰু পেছাদাৰী মল্লযুঁজাৰু লগান পলৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হয়।১
প্ৰাথমিক জীৱন
১৯৯২ চনৰ ২৬ মাৰ্চত ডেনমাৰ্কত আগডালৰ জন্ম হৈছিল২ আৰু হিলেৰ'ড চহৰত ডাঙৰ-দীঘল হৈছিল।৩
কেৰিয়াৰ
গৃহ চহৰৰ এটা ৰাস্তাত থকাৰ সময়তে আৱিষ্কাৰ হয় আগডালক।৪ মডেলিঙৰ কোনো অভিজ্ঞতা নথকাৰ বাবে তেওঁ এলিট মডেল লুক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। তেওঁ জয়ী নহ’ল যদিও এলিট মডেলছ কোপেনহেগেনৰ সৈতে চুক্তিবদ্ধ হয় আৰু ১৮ বছৰ বয়সলৈকে স্কুলীয়া শিক্ষা গ্ৰহণ কৰে।৫ স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ আমেৰিকালৈ গুচি যায়, তাৰ পিছত তেওঁৰ মডেলিং কেৰিয়াৰ ফুলি উঠে।৪
তেওঁ বিলাবং, এড'ৰ মি, বেবে ষ্ট'ৰছ আৰু কেলজেডোনিয়াৰ বাবে মডেলিং কৰি আহিছে।৬৭
তেওঁ ভোগ মেক্সিকো, এলে, কচমোপলিটান, আৰু কেৰিন ৰইটফেল্ডৰ চি আৰ ফেশ্বন বুকত ফেশ্বন সম্পাদকীয়ত কাম কৰি আহিছে।৮
২০১২ চনত তেওঁ স্প'ৰ্টছ ইলাষ্ট্ৰেটেড ছুইমছুট ইছ্যুত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত ইছ্যুটোৰ "বছৰৰ ৰুকী" হিচাপে নিৰ্বাচিত হয়।৫ ২০১৭ চনত মেক্সিম আলোচনীৰ মাৰ্চ সংখ্যাৰ কভাৰতও তেওঁ অভিনয় কৰে।৯
২০১৩ চনত কাৰ্লছ জুনিয়ৰ / হাৰ্ডিৰ বাবে চুপাৰ বোলৰ টেলিভিছন বিজ্ঞাপনত অভিনয় কৰিছিল আগডালে।১০ ২০১৬ চনৰ আগষ্ট মাহত তেওঁ আইএমজি মডেলছৰ সৈতে চুক্তিবদ্ধ হয়।১১
ব্যক্তিগত জীৱন
২০২২ চনত আগডালে প্ৰভাৱশালী আৰু পেছাদাৰী মল্লযুঁজাৰু লগান পলৰ সৈতে ডেটিং আৰম্ভ কৰে।১২ ২০২৩ চনৰ জুলাই মাহত এই দম্পতীয়ে বাগ্দান কৰে,১৩ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত এগৰাকী কন্যাক আদৰণি জনায়,১৪ আৰু ২০২৫ চনৰ আগষ্ট মাহত ইটালীৰ লেক কোমোত বিবাহপাশত আবদ্ধ হয়।১৫
২০২৩ চনৰপৰা আগডালে বেলেটৰৰ যুঁজাৰু ডিলন ডেনিছৰ সৈতে ৰাজহুৱা কাজিয়াত লিপ্ত হয়। ডেনিছে অবিৰতভাৱে ছ’চিয়েল মিডিয়াত আগডালৰ ছবি শ্বেয়াৰ কৰিছিল। আগডালে গোচৰ তৰে আৰু ২০২৩ চনৰ ৮ ছেপ্টেম্বৰত আগদালক অস্থায়ী ৰেষ্ট্ৰেইনিং অৰ্ডাৰ প্ৰদান কৰা হয়। এতিয়াও চলি আছে এই গোচৰ।১৬
ফিল্মগ্ৰাফী
- ডন জন (২০১৩)
- ৰেডিকিউলিচনেচ (২০১৫; ২০২৩-২০২৪)
- লাভ এডভেণ্ট (২০১৭)
- লিপ চিংক বেটল (২০১৭)
- পল আমেৰিকান (২০২৫)
বাহ্যিক সংযোগ
- Nina Agdal gallery at Sports Illustrated Swimsuit
- Nina Agdal profile at Models.com
তথ্যসূত্ৰ
- ↑ Flam, Charna; Robinette, Ashlyn. (2025-08-15). Logan Paul Marries Nina Agdal in Lavish Lake Como Wedding. People.com
- ↑ Tamburro, Paul (3 February 2017). "Meet Your New Favorite Woman on the Internet" . CraveOnline
- ↑ Tamburro, Paul (3 February 2017). "Meet Your New Favorite Woman on the Internet" . CraveOnline
- ↑ Sadick, Sydney. (7 August 2015). Nina Agdal’s Supermodel Moves At SLT. The Daily Front Row
- ↑ (17 February 2012). The Rookies Class Of 2012. Sports Illustrated
- ↑ (13 December 2016). Nina Agdal she grew up in Hillerød, Denmark, and has modeled for Billabong, Victoria's Secret, Bebe Stores and Calzedonia. Hot Fitness Girl
- ↑ Hendrix, Kelsey. (8 August 2016). Nina Agdal is the new face of Adore Me Swimwear. Sports Illustrated
- ↑ Luciani, Jene. (11 October 2012). Bikini Body Secrets from Sport's Illustrated Model Nina Agdal. Shape
- ↑ Murphy, Meaghan. (1 February 2013). Nina Agdal follows Kate Upton as Carl's Jr., spokesmodel, lands Super Bowl commercial. Fox News
- ↑ (29 January 2013). Carl's Jr. Releases New Charbroiled Atlantic Cod Fish Sandwich, With Swimsuit Model Nina Agdal (VIDEO). The Huffington Post
- ↑ Okwodu, Janelle. (19 August 2016). Forget the Leo Rumors! Nina Agdal Is More Than Who She's Dating. Vogue
- ↑ Petter, Olivia. (2 January 2023). Logan Paul and Nina Agdal confirm relationship with Instagram post on New Year's Eve. The Independent
- ↑ Simpson, Michael Lee; Rice, Nicholas. (9 July 2023). Logan Paul Engaged to Girlfriend Nina Agdal: 'My Best Friend'. People
- ↑ Becker, Emma Aerin; Rice, Nicholas. (29 September 2024). Logan Paul, Fiancée Nina Agdal Welcome First Baby, a Girl: Photos. People
- ↑ Flam, Charna; Robinette, Ashlyn. (15 August 2025). Logan Paul Marries Nina Agdal in Lavish Lake Como Wedding. People
- ↑ (2023-09-08). Paul fiancée Agdal sues Danis for 'revenge porn'. ESPN.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিনা আগডাল” প্ৰবন্ধৰ সংশোধন ৫৮২৮৫২ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।