নোজোমি ছাচাকী (ইংৰাজী ভাষা: Nozomi Sasaki; জন্ম: ৮ ফেব্ৰুৱাৰী, ১৯৮৮) — এগৰাকী জাপানী ভাষা অভিনেত্ৰী, গ্লেমাৰ মডেল, ত্ৰেণ্টো, ইউটিউবাৰ, কণ্ঠশিল্পী আৰু বৃত্তিমূলক ফেশ্বন মডেল।১ তেওঁৰ ফেশ্বন মডেলিঙৰ কেৰিয়াৰৰ সময়ত তেওঁ কেৱল নোজোমি নামেৰে পৰিচিত আছিল।২
প্ৰায় ৭ বছৰ ধৰি ফেশ্বন মডেল হিচাপে কাম কৰাৰ পাছত, তেওঁ এগৰাকী গ্ৰাভিয়াৰ আইডল হিচাপে বিখ্যাত হয়। ইয়াৰ উপৰি ২০০৯ চনৰপৰা তেওঁ মিক্সড মাৰ্শ্বিয়েল আৰ্টছ প্ৰতিযোগিতা 'ড্ৰিম ফাইটিং চেম্পিয়নশ্বিপ' আৰু কিকবক্সিং প্ৰতিযোগিতা 'কে-ৱান ৱৰ্ল্ড মেক্স'ৰ মূল ৰিংছাইড ধাৰাভাষ্যকাৰ তথা মুখপাত্ৰ হিচাপে কাম কৰি আহিছে।৩৪
২০০৮ চনৰ শেষৰফালৰপৰা তেওঁ আঠখন ফটুবুক আৰু তিনিখন ডিভিডি মুকলি কৰিছে। তেওঁ টেলিভিছন, আলোচনী আৰু বিজ্ঞাপনত অগণনবাৰ উপস্থিত হৈছে। ইয়াৰ ভিতৰত ক’কা-ক’লাৰ গ্ৰীণ টি সামগ্ৰী, ছাণ্টোৰীৰ চফ্ট ড্ৰিংক সামগ্ৰী, ছো-নেট, উইলকম, ফুজিফিল্ম, কাও কৰ্পৰেশ্বন, ৰোহটো ফাৰ্মাচিউটিকেল আৰু ছেইকোৰ 'টিচে' ব্ৰেণ্ডৰ বিজ্ঞাপন উল্লেখযোগ্য। তেওঁৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা এক্সেছৰী ব্ৰেণ্ড 'কটন ক্লাউড'ৰ লগতো তেওঁ ২০১০ চনৰপৰা জড়িত হৈ আছে।২
২০১০ চনত তেওঁ নিজৰ সংগীত জীৱনৰ আৰম্ভণি কৰে। তেওঁৰ প্ৰথমটো একক গীত আছিল "কামু টু ফুনিয়ান", য'ত ৰেপাৰ এষ্ট্ৰোৱে সহযোগিতা কৰিছিল। এই গীতটো লট্টে ফিটছ চিউইং গামৰ ব্যাৱসায়িক বিজ্ঞাপনত ব্যৱহাৰ কৰা হৈছিল। ছাচাকীৰ প্ৰথমটো এলবাম নোজোমি কালেকচন ২০১২ চনৰ ১৮ এপ্ৰিলত মুক্তি পাইছিল।
ব্যক্তিগত জীৱন
নোজোমি ছাচাকীৰ জন্ম হৈছিল ১৯৮৮ চনৰ ৮ ফেব্ৰুৱাৰীত আকিটা প্ৰেফেকচাৰৰ ইজিমা চহৰত (বৰ্তমান আকিটা চহৰৰ অন্তৰ্ভুক্ত)। তেওঁৰ এজন ককায়েক আছে।৫
বিবাহ
দু বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত ২০১৭ চনৰ ১১ এপ্ৰিলত ছাচাকীয়ে তেওঁতকৈ ১৬ বছৰৰ ডাঙৰ কৌতুক অভিনেতা তথা টেলিভিছন উপস্থাপক কেন ৱাটানাবেৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৬ তেওঁ নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে ঘোষণা কৰিছিল যে ২০১৮ চনৰ ১৩ ছেপ্টেম্বৰত তেওঁলোকৰ প্ৰথম সন্তান (এজন পুত্ৰ) জন্ম হৈছে।৭৮
২০২০ চনৰ জুন মাহত শুকান বুঞ্চুন নামৰ আলোচনীত প্ৰকাশিত খবৰ অনুসৰি ছাচাকীৰ স্বামী তেওঁলোকৰ সম্পৰ্কৰ সময়ছোৱাত বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত আছিল। ইয়াৰে কিছুমান সম্পৰ্ক ৰোপোংগি হিলছৰ শৌচালয়ত গোপন সাক্ষাতৰ জৰিয়তে হৈছিল আৰু তাৰ বাবে তেওঁ ১০,০০০ জাপানী য়েন নগদ ধন দিছিল বুলি অভিযোগ উত্থাপন হৈছিল।৯ ৱাটানাবেয়ে এই সম্পৰ্কসমূহৰ কথা স্বীকাৰ কৰি নিজৰ আচৰণৰ বাবে ক্ষমা বিচাৰে আৰু তেওঁৰ কেইবাটাও ৰাজহুৱা কাৰ্যসূচী বাতিল কৰে।১০১১
ৱাটানাবেৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাতৰিৰ পিছতো ছাচাকীয়ে ২০২২ চনৰ নৱেম্বৰ মাহত তেওঁলোকৰ দ্বিতীয়টো সন্তানৰ আগমনৰ কথা ঘোষণা কৰে। ২০২৩ চনৰ ২৭ এপ্ৰিলত দম্পতীটোৱে তেওঁলোকৰ দ্বিতীয় পুত্ৰ সন্তানৰ জন্মৰ কথা ৰাজহুৱা কৰে।১২১৩
বাহ্যিক সংযোগ
- topcoat.co.jp/nozomi_sasaki at Top Coat
- www.sonymusic.co.jp/artist/nozomisasaki in Sony Music Japan
- at NHK
তথ্যসূত্ৰ
- ↑ Ms. Natsuki Kato and Nozomi Sasaki become the "Akita Beauty Country Ambassadors" আৰ্কাইভ কপি, in Japanese, November 29, 2010, Akita Prefecture
- ↑ Yahoo Profile
- ↑ Nikkan Sports March 24, 2009 Nikkan Sports
- ↑ Nifty Profile Nifty
- ↑ (2016-12-16). 佐々木希、兄との2ショット公開に反響「イケメン臭がすごい」「仲良しで素敵」 - モデルプレス. Modelpress
- ↑ アンジャ渡部&佐々木希 連名で結婚報告 2人そろっての会見の予定なし – スポニチ Sponichi Annex 芸能. スポニチ Sponichi Annex
- ↑ 佐々木希が第1子男児出産 渡部建パパに「奇跡に感動し、夫婦で涙しました」 |最新ニュース|eltha(エルザ). eltha
- ↑ (2018-09-13). 佐々木希:第1子男児を出産 産声聞いて「夫婦で涙しました」 渡部建がパパに コメント全文. MANTANWEB(まんたんウェブ)
- ↑ (2020-06-24). 渡部建の1回1万円の〝トイレ不倫〟は買春に当たるのか? 専門家に聞く. Tokyo Sports
- ↑ Lim, Ruey Yan. (2020-06-14). Japanese model-actress Nozomi Sasaki apologises for husband's affair. The Straits Times
- ↑ Master, Blaster. (2020-12-04). Japanese comedian apologizes for his many "multipurpose toilet affairs"
- ↑ 佐々木希が第2子出産「幸せです」 渡部建「さらに精進いたします。やるぞぉやるぞぉ」 - 芸能: 日刊スポーツ. nikkansports.com
- ↑ 佐々木希「一気に編んだ」手作りバッグ披露 「素敵すぎて欲しいです」「どこまで完璧なの~」注目集まる - スポニチ Sponichi Annex 芸能. スポニチ Sponichi Annex
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নোজোমি ছাচাকী” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৪৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।