অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাহ্ৰিয়ে এভচেন

ফাহ্ৰিয়ে এভচেন ওজচিভিট (ইংৰাজী: Fahriye Evcen Özçivit; জন্ম: ৪ জুন ১৯৮৬) এগৰাকী জাৰ্মানীত জন্মগ্ৰহণ কৰা তুৰ্কী অভিনেত্ৰী আৰু মডেল। তেওঁ টিভি ধাৰাবাহিক য়াপ্ৰাক ডোকুমু-ত নেক্লা টেকিন আৰু টিভি ধাৰাবাহিক কালিকুচু-ত ফেৰিদে চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।

হালনাগাদ: ১৯ মে’ ২০২৬ ২৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ফাহ্ৰিয়ে এভচেন ওজচিভিট (ইংৰাজী: Fahriye Evcen Özçivit; জন্ম: ৪ জুন ১৯৮৬) এগৰাকী জাৰ্মানীত জন্মগ্ৰহণ কৰা তুৰ্কী অভিনেত্ৰী আৰু মডেল। তেওঁ টিভি ধাৰাবাহিক য়াপ্ৰাক ডোকুমু-ত নেক্লা টেকিন আৰু টিভি ধাৰাবাহিক কালিকুচু-ত ফেৰিদে চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত। এই দুয়োখন ধাৰাবাহিক ৰেচাট নুৰী গুণ্টেকিনৰ উপন্যাসৰ ওপৰত আধাৰিত।

জীৱন আৰু কেৰিয়াৰ

কম বয়সতে তুৰস্কত ছুটি কটাই থকা সময়ত তেওঁ ওৱা আইডোগানৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল, যিয়ে তেওঁক প্ৰযোজক ইব্ৰাহিম মেৰ্টোগ্লুৰ সৈতে চিনাকি কৰাই দিছিল। তেওঁৰ প্ৰথমটো উল্লেখযোগ্য চৰিত্ৰ আছিল টিভি ধাৰাবাহিক য়াপ্ৰাক ডোকুমু-ৰ নেক্লা। ২০০৮ চনত মুক্তি পোৱা চেন্নেট চলচ্চিত্ৰৰ জৰিয়তে তেওঁৰ চিনেমা জগতত অভিষেক ঘটে আৰু একে বছৰতে তেওঁ আস্ক টুটুলমাচি চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰে। যিহেতু এভচেনে জাৰ্মানীত তেওঁৰ পঢ়া-শুনা শেষ কৰা নাছিল, সেয়েহে তেওঁ বগাজিচি বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে আৰু ইতিহাস অধ্যয়ন কৰে। পিছলৈ তেওঁ টিমচ প্ৰডাকচনৰদ্বাৰা নিৰ্মিত টিভি ধাৰাবাহিক কালিকুচু-ত ফেৰিদে চৰিত্ৰত অভিনয় কৰে।১ পৰৱৰ্তী সময়ত তেওঁ বুৰাক ওজচিভিটৰ বিপৰীতে আস্ক চানা বেনজাৰ চলচ্চিত্ৰত অভিনয় কৰে। ২০১৭ চনত তেওঁ এংগিন আকিউৰেকৰ বিপৰীতে ওলেনে কাদাৰ টিভি ধাৰাবাহিকত অভিনয় কৰে আৰু মুৰাট য়িল্ডিৰিমৰ বিপৰীতে চিনচুজ আস্ক চলচ্চিত্ৰতো অভিনয় কৰে।২ ২০২১ চনত তেওঁ আল্পাৰচলান: বুয়ুক চেলচুকু-ত আকচা হাটুন হিচাপে অভিনয় কৰে,৩ আৰু একে বছৰতে তেওঁ আইভি পিপল নামেৰে নিজাকৈ কাপোৰৰ ব্ৰেণ্ড মুকলি কৰে।৪

ব্যক্তিগত জীৱন

তেওঁৰ মাতৃৰ পৰিয়াল চাৰকাচিয়ান বংশোদ্ভূত। আনহাতে তেওঁৰ পিতৃৰ পৰিয়াল অটোমান সাম্ৰাজ্যৰ কাভালাৰপৰা প্ৰব্ৰজন কৰা তুৰ্কী বংশোদ্ভূত।৫৬ ২০১৭ চনৰ ২৯ জুনত তেওঁ ইস্তানবুলত অভিনেতা তথা মডেল বুৰাক ওজচিভিটৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৭ ২০১৯ চনৰ ১৩ এপ্ৰিলত তেওঁলোকৰ প্ৰথম পুত্ৰ কৰণৰ জন্ম হয়।৮ ২০২৩ চনৰ ১৮ জানুৱাৰীত তেওঁলোকৰ দ্বিতীয় পুত্ৰ কেৰেমৰ জন্ম হয়।৯

তথ্যসূত্ৰ

  1. ↑ (21 September 2013). Feride, Fahriye'nin gözlerinde canlandı
  2. ↑ (2017-02-03). Murat Yıldırım ve Fahriye Evcen'li Sonsuz Aşk seyirciyle buluşmak için gün sayıyor. Gzt
  3. ↑ Özdemir, Eray Alpay. (2022-07-03). Fahriye Evcen: One of Turkey's Most Recognizable Women Figures. DoYouKnowTurkey.com
  4. ↑ (30 June 2021). Fahriye Evcen moda dünyasına adım atti. Hürriyet
  5. ↑ (22 July 2019). Burak Özçivit'in eşi güzel oyuncu Fahriye Evcen'in eski sevgilisi şok etti! Fahriye Evcen'den iddialı sözler. takvim.com.tr
  6. ↑ Fahriye Evcen Kimdir?. Sabah
  7. ↑ (29 June 2017). Fahriye Evcen ve Burak Özçivit'in düğünü. Haberturk
  8. ↑ Burak Özçivit-Fahriye Evcen çiftinin bebekleri Karan dünyaya geldi
  9. ↑ (18 January 2023). Fahriye Evcen ikinci kez anne oldu! Burak Özçivit ile Fahriye Evcen'in mutlu günü bakın Karan'ın kardeşinin adı ne oldu. Takvim

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰীমডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাহ্ৰিয়ে এভচেন” প্ৰবন্ধৰ সংশোধন ৬০৭২৪৭ (১৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।