অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাজুৰা

নুৰ ফাজুৰা শ্বৰীফুদ্দিন (ইংৰাজী: Nur Fazura Sharifuddin; জন্ম: ২৭ ছেপ্টেম্বৰ ১৯৮৩, মঞ্চত ফাজুৰা নামেৰে বেছি পৰিচিত) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী, গায়িকা, টেলিভিছন পৰিচালক, ভি.জে.

হালনাগাদ: ২৭ ফেব্ৰুৱাৰী ২০২৬ ২৯৭ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নুৰ ফাজুৰা শ্বৰীফুদ্দিন (ইংৰাজী ভাষা: Nur Fazura Sharifuddin; জন্ম: ২৭ ছেপ্টেম্বৰ ১৯৮৩, মঞ্চত ফাজুৰা নামেৰে বেছি পৰিচিত) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী, গায়িকা, টেলিভিছন পৰিচালক, ভি.জে. আৰু উকিল, যিয়ে মালয়েছিয়াৰ মনোৰঞ্জন উদ্যোগত এটা টেলিভিছন শ্ব' আয়োজন কৰি আৰু কেইবাটাও সৰু সৰু অভিনয় ভূমিকাত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

টিন ৱৰ্ল্ড নামৰ এটা টেলিভিছন শ্ব'ৰ আয়োজক আছিল। ২০০৪ চনত বিকাৰা হাতী ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰি বঁটাৰ মনোনয়ন লাভ কৰে। পিছলৈ ২০০৫ চনত তেওঁ গ'ল এণ্ড গীঞ্চু ছবিত অভিনয় কৰে। ২০১০ চনত প্ৰায় ১০খন ছবি, টিভি ধাৰাবাহিক আৰু নাটকত অভিনয় কৰা তেখেতে কেইবাটাও টেলিভিছন অনুষ্ঠান আয়োজন কৰিছিল।

জীৱন আৰু শিক্ষা

ফাজুৰাই পেকান, পাহাং, মালয়েছিয়াত জন্মগ্ৰহণ কৰে। তেওঁ চাৰি সন্তানৰ ভিতৰত তৃতীয় আৰু এজনমাত্ৰ কন্যা। তেওঁৰ তিনিজন ভাই আছে। তেওঁৰ পিতৃ ১৪ ছেপ্টেম্বৰ ২০০০ তাৰিখে মৃত্যুবৰণ কৰে। তেওঁ ফেশ্বন ডিজাইন কলেজত অধ্যয়ন কৰিছিল, কিন্তু কিছু মাহৰ পিছত এৰি দিয়ে।১

কেৰিয়াৰ

প্ৰাথমিক কৰ্মজীৱন

ফাজুৰা টীন'চ ৱৰ্ল্ড টেলিভিশন শ্ব'ৰ হোষ্ট আছিল। তেওঁ MTV শ্ব' MTV জাছ আৰু MTV পপ ইনকত হোষ্ট কৰিছিল। ২০০৭ চনত তেওঁ গ'ল এণ্ড গীঞ্চু দ্য চিৰিজৰ দ্বিতীয় চিজনত পুত্ৰী চৰিত্ৰত অভিনয় কৰে। ২০০৮ চনত তেওঁ ছেলামাট পাগি চিন্তাত জুলিয়া চৰিত্ৰত অভিনয় কৰে আৰু এযোৰা শৃংখলাত মুখ্য চৰিত্ৰত অভিনয় কৰে। সেই বছৰত কেলিওৱন হৰৰ টিভি শৃংখলাত অতিথি চৰিত্ৰত দেখা যায়।২

২০০৯–২০১৪: চলচ্চিত্ৰ আৰু টিভি নাটক

২০০৯ চনত তেওঁ পিছাউ কুকুৰত অভিনয় কৰে। ২০১২ চনত বেংগছাৰত হাউচ অৱ ডল বুটিক খোলে। ২০১৪ চনত কামি হিষ্টেৰিয়া, টেমবুস আৰু মানিছন চিন্তা দি কাপাড'চিয়াত অভিনয় কৰে। ২৭তম মেলেছিয়া চলচ্চিত্ৰ উৎসৱত মানিছন চিন্তা দি কাপাড'চিয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে।৩

২০১৫–বৰ্তমান

ফাজুৰা নিজৰ কোম্পানী হ'ল ডমিনেচনৰ অধীনত মিষ্টিকেল বাই ফাজুৰা নামৰ বডি মিষ্ট স্প্ৰে উন্মোচন কৰে। তেওঁ ২০১৬ চনত চলচ্চিত্ৰ লংগিত চিন্তা আৰু ইণ্ডোনেছিয়াৰ চলচ্চিত্ৰ বুলান তৰবেলাহ দি লংগিত আমেৰিকাত অভিনয় কৰে।৪

ব্যক্তিগত জীৱন

২৩ নৱেম্বৰ ২০১৭ তাৰিখে ফাজুৰা আৰু ফাতাহ আমিনৰ এনগেজমেণ্ট নিশ্চিত হয়। তেওঁলোক ২৭ নৱেম্বৰ ২০১৭ তাৰিখে কোৱালা লুম্পুৰ ৰিটজ কাৰ্লটন হোটেলত বিয়া কৰে। ১৩ ছেপ্টেম্বৰ ২০২৪ তাৰিখে ফাজুৰাই বিচ্ছেদৰ বাবে আবেদন দাখিল কৰে।৫

তথ্যসূত্ৰ

  1. ↑ Delving into the heart of the story
  2. ↑ Sinopsis Filem Selamat Pagi, Cinta! Lakonan Fazura
  3. ↑ MFF27: Fazura bags Best Actress trophy
  4. ↑ M'sian actress Fazura says no to love, yes to career
  5. ↑ Fazura files for divorce

সম্পৰ্কিত শ্ৰেণী

মালয়েছিয়ান অভিনেত্ৰীমডেলগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাজুৰা” প্ৰবন্ধৰ সংশোধন ৫৮২৯৪৮ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।