অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কেমেৰন আলবৰ্জিয়ান

কেমেৰন আলবৰ্জিয়ান (ফাৰ্চী: کامران البرزیان; জন্ম ২৬ ফেব্ৰুৱাৰী ১৯৬৭) হৈছে এগৰাকী ইৰানী-ব্ৰিটিছ প্ৰাক্তন ছুপাৰমডেল। ফেশ্বন শ্ব’সমূহৰ জৰিয়তে বিশেষভাৱে পৰিচিত হোৱাৰ পিছত তেওঁ আয়ুৰ্বেদ, যোগ আৰু প্ৰাচীন সুস্থতা পদ্ধতিৰ ওপৰত বিশেষজ্ঞতা অৰ্জন কৰি সামগ্ৰিক নিৰাময় কেৰিয়াৰলৈ স্থানান্তৰিত হয়।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৬ ৩৬০ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

কেমেৰন আলবৰ্জিয়ান (ফাৰ্চী ভাষা: کامران البرزیان; জন্ম ২৬ ফেব্ৰুৱাৰী ১৯৬৭) হৈছে এগৰাকী ইৰানী-ব্ৰিটিছ প্ৰাক্তন ছুপাৰমডেল। ফেশ্বন শ্ব’সমূহৰ জৰিয়তে বিশেষভাৱে পৰিচিত হোৱাৰ পিছত তেওঁ আয়ুৰ্বেদ, যোগ আৰু প্ৰাচীন সুস্থতা পদ্ধতিৰ ওপৰত বিশেষজ্ঞতা অৰ্জন কৰি সামগ্ৰিক নিৰাময় কেৰিয়াৰলৈ স্থানান্তৰিত হয়।

প্ৰথম পৰ্যায়ৰ পুৰুষ ছুপাৰমডেলসকলৰ ভিতৰত অন্যতম হিচাপে আলবৰ্জিয়ানে ১৯৯০ৰ দশকত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। তেওঁ গেছ, লেভিছ, ভাৰ্চাচে, ডিয়ৰ, ভেলেণ্টিনো, চেনেল, গুচি, জিন পল গালটিয়াৰ, ডলচে এণ্ড গাবানা, কাৰ্ল লেগাৰফেল্ড, হাউচ অৱ মণ্টানা, জন গালিয়ানো, ইভ ছেণ্ট লৰেণ্ট, ভিভিয়েন ৱেষ্টউড, লুই ভিটতঁ, টম ফৰ্ড, ৰালফ লৰেন, বিজান, জৰ্জিঅ’ আৰমানী আদিকে ধৰি কেইবাটাও আগশাৰীৰ ফেশ্বন হাউচ আৰু ডিজাইনাৰৰ সৈতে কাম কৰিছিল।১২৩৪

ফেশ্বন উদ্যোগৰপৰা অৱসৰ লোৱাৰ পাছত আলবৰ্জিয়ানে যোগ, আয়ুৰ্বেদ আৰু সামগ্ৰিক সুস্থতাৰ বিষয়ত চাৰিখন কিতাপ ৰচনা কৰে, সেইকেইখন হৈছে: দ্য যোগী ক’ড, দ্য গুৰু ইন ইউ, দ্য ৱান প্লেন আৰু ট্ৰান্সফৰ্ম ইয়ৰ হেল্থ।

প্ৰাৰম্ভিক জীৱন

আলবৰ্জিয়ানৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল ইৰানৰ তেহৰানত। তেওঁৰ মাতৃ এগৰাকী ইংৰাজ মহিলা আৰু পিতৃ এজন ইৰানী পুৰুষ আছিল।৫৬ ১৯৭৮ চনৰ শেষৰফালে ইৰানী বিপ্লৱৰ ক্ৰমবৰ্ধমান অশান্তিৰ মাজতে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক যুক্তৰাজ্যৰ এখন বৰ্ডিং স্কুললৈ পঠিয়াই দিয়ে আৰু পৰৱৰ্তী সময়ত তেওঁ যুক্তৰাজ্যতে ডাঙৰ-দীঘল হয়।৭

কেৰিয়াৰ

মডেলিং

লণ্ডনৰ ৰাজপথত এজন স্কাউটে দেখা পোৱাৰ পিছত ১৯৮৬ চনত আলবৰ্জিয়ানৰ মডেলিং কেৰিয়াৰ আৰম্ভ হয়। ইয়াৰ কেইসপ্তাহমানৰ পিছত তেওঁ পেৰিছত জিন পল গালটিয়াৰৰ এটা শ্ব’ত অংশ লয়।৮ ইয়াৰ পিছত আলবৰ্জিয়ানে ডিয়ৰ আৰু ইভ ছেণ্ট লৰেণ্ট আদিকে ধৰি আন বহু ডিজাইনাৰৰ সৈতে কাম কৰে। ১৯৮৮ চনত গেছ জিন্সৰ সৈতে এটা চুক্তি সম্পন্ন কৰাৰ পাছত তেওঁ অধিক ব্যাপক স্বীকৃতি লাভ কৰে।৯ ইয়াৰ কিছুসময়ৰ পাছতে আলবৰ্জিয়ানে মিউজিক ভিডিঅ’ত অভিনয় কৰিবলৈ আৰম্ভ কৰে। তেওঁ ১৯৮৯ চনত মুক্তি পোৱা মাডোনাৰ এক্সপ্ৰেছ ইউৱাৰচেল্ফ মিউজিক ভিডিঅ’ত তেওঁৰ প্ৰেমিকৰ চৰিত্ৰত অভিনয় কৰিছিল।১০১১ পিছলৈ তেওঁ ১৯৯৭ চনত এল্টনজনৰ চামথিং এবাউট দ্য ৱে ইউ লুক টুনাইট মিউজিক ভিডিঅ’তো এটা চৰিত্ৰত অভিনয় কৰে, য’ত কেট মছো আছিল।১২

১৯৯৮ চনত আলবৰ্জিয়ানে সতীৰ্থ মডেল মছ, নাওমি কেম্পবেল আৰু ক্ৰীষ্টি টাৰ্লিংটনৰ সৈতে একত্ৰিত হৈ দক্ষিণ আফ্ৰিকাৰ নেলছন মেণ্ডেলাক সাক্ষাৎ কৰে। এই ভ্ৰমণৰ উদ্দেশ্য আছিল মেণ্ডেলা ফাণ্ডৰ বাবে আয়োজিত এটা দাতব্য অনুষ্ঠানত অংশ লোৱা।১০

আয়ুৰ্বেদ আৰু যোগ চৰ্চাকাৰী

মেণ্ডেলাৰ সাক্ষাৎকাৰ আৰু প্ৰকৃতি চিকিৎসাৰ এজন ঘনিষ্ঠ বন্ধু তথা গুৰুৰ মৃত্যুৰদ্বাৰা অনুপ্ৰাণিত হৈ আলবৰ্জিয়ানে ২০০৫ চনত মডেলিং জগত ত্যাগ কৰে আৰু ধ্যানৰ পথ বাছি লয়।৭১৩ তেওঁ ইণ্টেগ্ৰেল যোগ আৰু যোগাভাইল কেন্দ্ৰত শিক্ষক প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে নিউয়ৰ্ক চহৰৰ অপেন চেণ্টাৰত ৰিফ্লেক্স’লজীৰ এটা মাষ্টাৰ্ছ ক’ৰ্চ সম্পূৰ্ণ কৰে।১৪ ইয়াৰ পিছত তেওঁ ভাৰতৰ তামিলনাডুৰ কইম্বাটুৰত থকা আৰ্ষ যোগ বিদ্যা পীঠম ট্ৰাষ্টত শ্ৰী বাসুদেৱনৰ অধীনত শিক্ষা গ্ৰহণ কৰে।১৫ আলবৰ্জিয়ানে বৰ্তমান যোগী কেমেৰন নামেৰে আয়ুৰ্বেদিক সেৱা আৰু নিৰ্দেশনা প্ৰদান কৰি আহিছে।১২১৬

তথ্যসূত্ৰ

  1. ↑ Hernández, Juan Ramón. (19 March 2022). 7 modelos masculinos que marcaron la década de los 90. Bad Hombre
  2. ↑ Evasión. (8 May 2012). Cameron Alborzian, de la pasarela a la meditación. ElEconomista.es
  3. ↑ Prabhakar, Binoy. (17 April 2011). Yogi Cameron: A super role model for yoga and ayurveda. The Economic Times
  4. ↑ Suárez, Juan. (19 August 2007). Cameron Alborzian, modelo: "La vida no es moda". Diario de Ibiza
  5. ↑ Rezaei, Shabnam. (2004). Talking to Cameron Alborzian. Persian Mirror
  6. ↑ (2018-08-23). Interview exclusive avec Cameron Alborzian mannequin yoga. Vogue
  7. ↑ Adelaide, Victoria. (2017-10-04). Yogi Cameron. Beautiful Humans Magazine
  8. ↑ Millea, Holly. (15 September 2008). Eat, Pray, Love: A supermodel turned yogi uses unusual methods to enlighten clients. Elle
  9. ↑ Afzal, Sara. (2014-03-12). 'Modelling Iranian style': surgical alterations and the 'porn star' look. The Guardian
  10. ↑ Gordinier, Jeff. (2011-02-08). Hot or Not? A Model Turned Guru on What to Eat. The New York Times
  11. ↑ Kinane, Ruth. (17 May 2017). Inside Madonna's 'Express Yourself' Video on Its 28th Anniversary. EW.com
  12. ↑ Seth, Kenisha. (2023-08-16). Yogi Cameron. PhotoBook Magazine
  13. ↑ Alborzian, Yogi Cameron. (2010). The Guru in You. HarperOne. ISBN 978-0-06-189803-7
  14. ↑ Integral Yoga Magazine
  15. ↑ Arsha Yoga
  16. ↑ Gordinier, Jeff. (2011-02-09). Sharing an Ayurvedic Lunch With a Yogi. Diner’s Journal, The New York Times

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিমডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেমেৰন আলবৰ্জিয়ান” প্ৰবন্ধৰ সংশোধন ৬৩৫৮৮৬ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।