চিৰত কাপুৰ (ইংৰাজী ভাষা: Seerat Kapoor; জন্ম: ৩ এপ্ৰিল ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, কৰিঅ'গ্ৰাফাৰ আৰু নৃত্যশিল্পী যিয়ে মূলতঃ তেলুগু ভাষা চিনেমাৰ সৈতে জড়িত। তেওঁ এগৰাকী সহকাৰী কৰিঅ'গ্ৰাফাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১৪ চনত তেলুগু ভাষা ছবি ৰান ৰাজা ৰানৰ জৰিয়তে তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে।১
প্ৰাৰম্ভিক জীৱন
কাপুৰৰ জন্ম ১৯৯৩ চনৰ ৩ এপ্ৰিলত২ ভাৰতৰ মুম্বাইত হৈছিল। তেওঁৰ পিতৃ প্ৰয়াত বিনীত কাপুৰ এজন হোটেল পৰিচালক আছিল আৰু মাতৃ নীনা চিহোটা কাপুৰ এয়াৰ ইণ্ডিয়াৰ এগৰাকী বিমান পৰিচাৰিকা। কাপুৰে মুম্বাইৰ পোদ্দাৰ ইণ্টাৰনেশ্যনেল স্কুল, চাণ্টাক্ৰুজত শিক্ষা গ্ৰহণ কৰিছিল আৰু বান্দ্ৰাৰ আৰ. ডি. নেচনেল কলেজৰপৰা প্ৰাক-বিশ্ববিদ্যালয় পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছত তেওঁ গণসংযোগ বিভাগত স্নাতক ডিগ্ৰীৰ বাবে নামভৰ্তি কৰিছিল যদিও অভিনয়ৰ সৈতে সময়ৰ মিল নোহোৱাৰ বাবে সেইটো বাদ দিছিল।২
সেই সময়ত তেওঁ নৃত্যৰ কেৰিয়াৰৰ শীৰ্ষত আছিল, যিটো তেওঁ ১৬ বছৰ বয়সতে বলীউডৰ কৰিঅ’গ্ৰাফাৰ এছলী লোবোৰ প্ৰতিষ্ঠান 'দ্য ডান্সৱৰ্ক্স', মুম্বাইত আৰম্ভ কৰিছিল।৩ কাপুৰ সেই একাডেমীত পূৰ্ণকালীন নৃত্য প্ৰশিক্ষক আছিল। এই যাত্ৰাৰ মাজতে কাপুৰে ৰকষ্টাৰ ছবিত কাম কৰিছিল আৰু তেওঁক সহকাৰী কৰিঅ’গ্ৰাফাৰ হিচাপে নিযুক্তি দিয়া হৈছিল।
মডেলিংৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ নিজৰ সম্পৰ্কীয় ককাদেউতাকৰ প্ৰতিষ্ঠান 'ৰোশন তানেজা স্কুল অৱ এক্টিং'ত অভিনেতা হিচাপে প্ৰশিক্ষণ লৈছিল।৪ ২০১৪ চনত কাপুৰে ৰান ৰাজা ৰানৰ জৰিয়তে আত্মপ্ৰকাশ কৰে।
অন্যান্য কাম
অভিনয় আৰু নৃত্যৰ উপৰি কাপুৰ ১২ বছৰ বয়সৰপৰাই 'ৰাজশ্ৰী স্কুল অৱ মিউজিক'ৰ এগৰাকী প্ৰশিক্ষিত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। তেওঁ এগৰাকী ফিটনেছ অনুৰাগীও।৫
তথ্যসূত্ৰ
- ↑ Seerat Kapoor commences shoot for her upcoming Telugu film. The Times of India
- ↑ Giri, Mohani. (3 April 2023). होटल में काम करते थे पिता, मां हैं एयर होस्टेस, एक्टिंग में आने के कारण छोड़ी पढाई, फिर बन गई एक्ट्रेस. News18 हिंदी
- ↑ Online Dance Classes In India Ballet. Thedanceworx.com
- ↑ Discovering her calling. The Hindu
- ↑ (27 May 2023). Seerat Kapoor's Weekend Fitness Motivation, Find Inspiration in the Actress's Passion for a Healthy Lifestyle. Ganga News Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিৰত কাপুৰ” প্ৰবন্ধৰ সংশোধন ৬৩৯৬৩৫ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।