ছুজান মিচেল ৱাৰ্ড১ (জন্ম: ১৫ এপ্ৰিল, ১৯৭৬)২ এগৰাকী আমেৰিকান প্ৰাক্তন অভিনেত্ৰী আৰু মডেল। তেওঁ ১৯৯৭ চনৰ ছিকুৱেল পইজন আইভি: দ্য নিউ চিডাকচনৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ দ্য ইন ক্ৰাউড (২০০০), গয়িং গ্ৰীক (২০০১), শ্ব্যালো হেল (২০০১) আৰু ৱাইল্ড থিংছ ২ (২০০৪) আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছে।
ৱাৰ্ড সম্ভৱতঃ ছোপ অপেৰা চানছেট বিচত (১৯৯৭–১৯৯৯) মেগ কামিংছ আৰু মেক ইট অৰ ব্ৰেক ইট (২০০৯–২০১১) ধাৰাবাহিকত ক্লয় ক্মেটকোৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বেছিকৈ পৰিচিত।
প্ৰাৰম্ভিক জীৱন
ৱাৰ্ডৰ জন্ম আৰু লালন-পালন লুইজিয়ানাৰ মনৰোত হৈছিল।২৩ তেওঁ ডিটেকটিভ এডি ৱাৰ্ড আৰু নাৰ্চ তথা সহযোগী অধ্যাপিকা ইমিলি ছু ৱাৰ্ডৰ কন্যা।৪১ ৱাৰ্ডে মনৰো খ্ৰীষ্টান স্কুলত অধ্যয়ন কৰিছিল। তেওঁ ১৩ বছৰ বয়সৰপৰাই মডেলিং আৰম্ভ কৰিছিল আৰু ইয়াৰ বাবে স্কুল ত্যাগ কৰি নিউয়ৰ্ক চহৰলৈ গুচি গৈছিল।৩ অভিনয় জীৱন আৰম্ভ কৰাৰ আগতে তেওঁ এবছৰ ধৰি নৰ্থইষ্ট লুইজিয়ানা ইউনিভাৰ্ছিটিত অধ্যয়ন কৰিছিল।৫
কেৰিয়াৰ
ৱাৰ্ডে ১৯৯৫ চনত এবিচিৰ দিনৰ ভাগৰ ছোপ অপেৰা অল মাই চিলড্ৰেনত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে। পিছৰ বছৰত তেওঁ এৰন স্পেলিং প্ৰযোজিত এনবিচিৰ টিন ড্ৰামা মালিবু শ্বোৰ্চত নিয়মীয়া অভিনয় শিল্পী হিচাপে কাম কৰে।৫ তেওঁ হাৰকিউলিছ: দ্য লেজেণ্ডাৰী জাৰ্নিজ আৰু জেনা: ৱাৰিয়ৰ প্ৰিন্সেছত অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল আৰু পইজন আইভি: দ্য নিউ চিডাকচন নামৰ থ্ৰিলাৰখনত এটা গৌণ চৰিত্ৰত অভিনয় কৰিছিল।৫
১৯৯৬ চনৰ শেষৰফালে ৱাৰ্ডক এৰন স্পেলিঙৰ এনবিচি ধাৰাবাহিক চানছেট বিচত মেগ কামিংছৰ চৰিত্ৰৰ বাবে নিৰ্বাচিত কৰা হয়।৬ ১৯৯৯ চনত তেওঁ চলচ্চিত্ৰৰ দিশে মনোনিৱেশ কৰে আৰু ২০০০ চনৰ থ্ৰিলাৰ দ্য ইন ক্ৰাউডত মানসিক বিকাৰগ্ৰস্ত ব্ৰিটানি ফষ্টাৰৰ চৰিত্ৰত অভিনয় কৰে। পিছৰ বছৰত তেওঁ ফেৰেলী ব্ৰাদাৰ্ছৰ চিনেমা শ্ব্যালো হেলত এটা সহযোগী চৰিত্ৰত অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ আন কেইবাখনো ছবিত অভিনয় কৰিছে আৰু বিভিন্ন টিভি শ্ব’ত অতিথি শিল্পী হিচাপে কাম কৰিছে, যাৰ ভিতৰত ফ্ৰেণ্ডছ উল্লেখযোগ্য।
২০০৯ চনত তেওঁ এবিচি ফেমিলিৰ ড্ৰামা ছিৰিজ মেক ইট অৰ ব্ৰেক ইটত এজনী যুৱ জিমনাষ্টৰ মাতৃ ক্লয় ক্মেটকোৰ চৰিত্ৰত অভিনয় কৰে। তেওঁ ধাৰাবাহিকখনৰ প্ৰথম দুটা ছিজনত মূল অভিনয় শিল্পীৰ অংশ আছিল।
ব্যক্তিগত জীৱন
২০০৫ চনৰ ৪ জুনত ৱাৰ্ডে মৰগান ক্ৰিক প্ৰডাকচনৰ উপ-সভাপতি ডেভিদ চি. ৰবিনছনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকে ১৯৯৯ চনত দ্য ইন ক্ৰাউড ছবিৰ কাষ্টিঙৰ সময়ত ইজনে সিজনক লগ পাইছিল। কইনাক চিনাকি দি দিওঁতে তেওঁলোকৰ বন্ধু ডা° ৱেইন কেল্টনাৰে বিবাহৰ অনুষ্ঠান সম্পন্ন কৰিছিল।৪ বৰ্তমান তেওঁ অভিনয়ৰপৰা আঁতৰি আছে আৰু নৰ্থ কেৰোলাইনাত স্বামী আৰু পুত্ৰৰ সৈতে বাস কৰি আছে।
তথ্যসূত্ৰ
- ↑ "Deaths: Emily Sue Ward". The Monroe News-Star. July 21, 2012. p. 4B. Retrieved June 22, 2024
- ↑ (April 15, 2011). Friday's Horoscope: Birthday Gal. The Montreal Gazette. পৃ. C10
- ↑ Reichardt, Nancy M. (April 26, 1997). "Tune In Tomorrow: For now, Susan Ward says she's mighty happy being nice, not naughty". Richmond Times-Dispatch. p. F37. Retrieved June 22, 2024
- ↑ (June 5, 2005). Susan Ward and David Robinson. The New York Times
- ↑ Susan Ward. AllMovie
- ↑ Reichardt, Nancy M. (March 30, 1997). Ex-vixen Ward prefers new 'nice girl' role. Austin American-Statesman. পৃ. 38
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছুজান ৱাৰ্ড” প্ৰবন্ধৰ সংশোধন ৫৯৮৬৪৩ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।