কেমিল ভেৰোনিকা কষ্টেক (ইংৰাজী ভাষা: Camille Veronica Kostek; জন্ম: ১৯ ফেব্ৰুৱাৰী, ১৯৯২) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন মডেল, উপস্থাপিকা আৰু অভিনেত্ৰী।১২ তেওঁ স্পৰ্টছ ইলাষ্ট্ৰেটেড চুইমচুট ইছ্যুত আত্মপ্ৰকাশ কৰিছিল আৰু আলোচনীখনৰ ২০১৯ চনৰ সংস্কৰণৰ বেটুপাতত তেওঁৰ ফটো প্ৰকাশ পাইছিল।৩৪ কষ্টেক টিবিএছৰ গেম শ্ব’ ৱাইপআউটৰ ফিল্ড হোষ্ট হিচাপে কৰ্মৰত আছিল আৰু ২০২২ চনত এনবিচিৰ ডান্সিং উইথ মাইচেল্ফ উপস্থাপন কৰিছিল।৫ তেওঁ ২০২১ চনৰ বোলছবি ফ্ৰী গাইতো অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৯২ চনৰ ১৯ ফেব্ৰুৱাৰীত কানেকটিকাটৰ কিলিংৱৰ্থত কেমিল কষ্টেকৰ জন্ম হৈছিল। তেওঁৰ পিতৃ এলান এজন সাধাৰণ ঠিকাডাৰ আছিল আৰু মাতৃ ক্ৰীষ্টিনা (পূৰ্বৰ উপাধি ডেকোষ্টা) এগৰাকী জিম মেনেজাৰ আছিল।৬ তেওঁ চাৰিজন ভাই-ভনীৰ ভিতৰত আটাইতকৈ ডাঙৰ। তেওঁ পলিছ, আইৰিছ আৰু জামাইকান মূলৰ।৬ তিনি বছৰ বয়সৰপৰাই তেওঁ বেলে নৃত্যৰ শিক্ষা ল’বলৈ আৰম্ভ কৰিছিল আৰু নিউয়ৰ্ক চহৰৰ ব্ৰডৱে ডান্স চেণ্টাৰত প্ৰশিক্ষণ অব্যাহত ৰাখি ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।৬
হিজ্ঞানামৰ হাডাম-কিলিংৱৰ্থ হাইস্কুলত পঢ়ি থকা সময়ত তেওঁ এগৰাকী চিয়াৰলিডাৰ,৭ লক্ৰোছ ভাৰ্চিটি দলৰ অধিনায়ক,৮ আৰু তেওঁৰ হাইস্কুলৰ ব্ৰডকাষ্টিং প্ৰগ্ৰেমৰ পৰিচালিকা আছিল।৯ তেওঁ ইষ্টাৰ্ণ কানেকটিকাট ষ্টেট ইউনিভাৰ্চিটিত কমিউনিকেচন বিষয়ত মেজৰ আৰু ব্যাৱসায়িক বিষয়ত মাইনৰ লৈ শিক্ষা গ্ৰহণ কৰিছিল। ইষ্টাৰ্ণৰ নৃত্য দলৰ পূৰ্ণকালীন সদস্য হোৱাৰ আগতে তেওঁ ইষ্টাৰ্ণৰ হৈ লক্ৰোছ খেলিছিল আৰু তেওঁলোকৰ নেটৱৰ্ক শ্ব’ৰ এংকৰ হিচাপে কাম কৰিছিল।১০১১ কষ্টেক এগৰাকী প্ৰমাণিত বাৰে প্ৰশিক্ষক।১২১৩
ব্যক্তিগত জীৱন
২০১৫ চনৰ পৰা১৪ কষ্টেক আমেৰিকান ফুটবলাৰ ৰব গ্ৰনকোভস্কিৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে।৪ শেহতীয়া তথ্য অনুসৰি তেওঁলোকৰ এই সম্পৰ্কই ১০ বছৰ অতিক্ৰম কৰিছে। তেওঁলোকে মাছাচুচেটছৰ ফক্সবৰ’ আৰু ফ্ল’ৰিডাৰ টাম্পাত একেলগে বসবাস কৰে।১৫১৬ তেওঁলোকৰ এটা ফ্ৰেন্স বুলডগ (কুকুৰ) আছে, যাৰ নাম ৰেলফী।
তথ্যসূত্ৰ
- ↑ (May 8, 2019). Camille Kostek lands SI Swimsuit 2019 cover. Sports Illustrated
- ↑ A Day in the Life: SI Swimsuit Model Camille Kostek. Yahoo!
- ↑ Kickham, Debbi. (November 26, 2019). Sports Illustrated Swimsuit Cover Girl Camille Kostek: My Favorite Trips and Travel Tips. Forbes
- ↑ Talarico, Brittany. (May 8, 2019). Model Camille Kostek Lands Her First Sports Illustrated Swimsuit Cover – as a Rookie!. People
- ↑ Cordero, Rosy. (2022-03-15). 'Dancing With Myself': Shaquille O'Neal & Liza Koshy Join Shakira As Series Creators; Camille Kostek To Host. Deadline
- ↑ photographer, Engel LaurenEurasian; vids 📍LA, I. make. (April 19, 2016). Living in Boston- Camille Kostek by Lauren Engel. C-Heads Magazine
- ↑ Staff reports. Shoreline Conference honors 117 Scholar Athletes. Shoreline Times
- ↑ Cassandra Day. (October 12, 2017). Small-town Connecticut girl defies modeling convention, lands Sports Illustrated's coveted swimsuit issue. The Middletown Press
- ↑ (November 27, 2013). Official Website of the New England Patriots · Cheerleaders – Spotlight
- ↑ (November 24, 2017). CT woman featured in Sports Illustrated Swimsuit magazine. FOX 61
- ↑ (February 2, 2015). Patriots cheerleader, Killingworth woman, rides wave of Super Bowl win. New Haven Register
- ↑ Ceneviva, Alex. (March 10, 2015). Learn a Modern Barre Workout from an NFL cheerleader. WTNH
- ↑ CT STYLE. (March 10, 2015). Learn a Modern Barre Workout from an NFL cheerleader
- ↑ Patriots' Rob Gronkowski and model Camille Kostek 'Really Enjoy Being with Each Other,' Source Says. People
- ↑ (May 23, 2020). Rob Gronkowski, Camille Kostek Donate Masks To Foxboro Fire Department. CBS Boston
- ↑ Rob Gronkowski leaves lasting impression on Bucs. Tampa Bay Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেমিল কষ্টেক” প্ৰবন্ধৰ সংশোধন ৬০৩৩১১ (২৮ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।