অলিভিয়া জেনেভিভ ৱেলছ (ইংৰাজী ভাষা: Olivia Genevieve Wells; জন্ম: ২৯ এপ্ৰিল ১৯৯৪) এগৰাকী অষ্ট্ৰেলিয়ান পৰোপকাৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে ২০১৩ চনৰ মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰিছিল। তেওঁ ২০১৩ চনৰ ৯ নৱেম্বৰত ৰাছিয়াৰ মস্কোত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৩ প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰিছিল।১
প্ৰাৰম্ভিক জীৱন
ৱেলছ নিজ পৰিয়ালৰ সৈতে ব্লেক ৰকৰ বেচাইড উপ-নগৰত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লোৰেটো মেণ্ডেভিল হলত সম্পূৰ্ণ হৈছিল। বিদ্যালয়ত পঢ়ি থকাৰ সময়তে তেওঁ শৈক্ষিক দিশত উৎকৃষ্ট প্ৰদৰ্শন কৰি ২০১০ চনত ভিক্টোৰিয়ান প্ৰিমিয়াৰৰ স্পিৰিট অৱ এঞ্জাক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি ২০১১ চনত মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ কোৱং লে ডাউ ইয়ং স্কলাৰ্ছ প্ৰগ্ৰেমলৈ তেওঁ নিৰ্বাচিত হৈছিল। ৱেলছে ২০১২ চনত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে আৰু বৰ্তমান মেলবৰ্ণৰ মনাছ বিশ্ববিদ্যালয়ৰ এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী। ২০১৩ চনৰ মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া খিতাপ জয় কৰাৰ পাছত তেওঁ নিজৰ অধ্যয়নৰপৰা এবছৰৰ বিৰতি লৈছিল।২
মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা
মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া আছিল ৱেলছে অংশগ্ৰহণ কৰা প্ৰথমখন সৌন্দৰ্য প্ৰতিযোগিতা; য’ত তেওঁ নিজৰ গৃহ ৰাজ্য ভিক্টোৰিয়াক প্ৰতিনিধিত্ব কৰিছিল আৰু মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া ২০১৩-ৰ খিতাপ অৰ্জন কৰিছিল। তেওঁ সমগ্ৰ মহাদেশখনৰপৰা অহা অন্য ২৯ গৰাকী ৰাষ্ট্ৰীয় চূড়ান্ত প্ৰতিযোগীক পৰাস্ত কৰিছিল। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ পূৰ্বে খিতাপ জয়ৰ ক্ষেত্ৰত ৱেলছৰ সম্ভাৱনা যথেষ্ট কম আছিল আৰু বাজীৰ নিৰিখত তেওঁৰ পক্ষত ৫১:১ অনুপাতহে আছিল।৩
ৱেলছে ২০১৩ চনৰ ৯ নৱেম্বৰত মস্কোত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৩ প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰিছিল। এগৰাকী প্ৰিয় প্ৰতিযোগী হিচাপে গণ্য কৰা সত্ত্বেও তেওঁ ছেমি ফাইনেলত স্থান লাভ কৰিবলৈ ব্যৰ্থ হয়। ইয়াৰ ফলতে ২০০৮ চনৰপৰা ২০১২ চনলৈকে মিছ ইউনিভাৰ্ছত অষ্ট্ৰেলিয়াৰ ধাৰাবাহিক স্থান লাভৰ পাঁচবছৰীয়া যাত্ৰাটোৰ অন্ত পৰে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Epstein, Jackie. (12 July 2013). University can wait for Miss Universe Australia Olivia Wells. Herald Sun
- ↑ Jackie Epstein; Anna Byrne. (13 July 2013). Miss Universe Australia Olivia Wells to take medicine skills to developing world. Herald Sun
- ↑ Entertainment Betting
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অলিভিয়া ৱেলছ” প্ৰবন্ধৰ সংশোধন ৫৯৭৪৮৮ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।