অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনাহিতা খালাতবাৰী

অনাহিতা খালাতবাৰী এগৰাকী ইৰানী মূলৰ আমেৰিকান সাংবাদিক, সংবাদ পৰিৱেশক, প্ৰতিবেদক (ৰিপ’ৰ্টাৰ), অভিনেত্ৰী আৰু টিভি শ্ব’ৰ আঁতধৰোঁতা। তেওঁ ব্ৰিটেইনত ডাঙৰ-দীঘল হৈছিল আৰু তাতেই শিক্ষা গ্ৰহণ কৰিছিল।

হালনাগাদ: ৩১ মে’ ২০২৬ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অনাহিতা খালাতবাৰী এগৰাকী ইৰানী মূলৰ আমেৰিকান সাংবাদিক, সংবাদ পৰিৱেশক, প্ৰতিবেদক (ৰিপ’ৰ্টাৰ), অভিনেত্ৰী আৰু টিভি শ্ব’ৰ আঁতধৰোঁতা।১ তেওঁ ব্ৰিটেইনত ডাঙৰ-দীঘল হৈছিল আৰু তাতেই শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ আজু-ককা ছেপাহদাৰ আজম ৰাজকীয় খালাতবাৰী পৰিয়ালৰ আছিল আৰু তেওঁ ৪টা কাৰ্যকালৰ বাবে (১৯০৯ চনত) ইৰানৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯২০ চনত ব্ৰিটিছৰদ্বাৰা জাপি দিয়া পহ্লৱী ৰাজবংশ আৰু ৰেজা খানৰ উত্থানৰ লগে লগে, ছেপাহদাৰ আজমৰ ওপৰত ৰাজনৈতিক চাপ বৃদ্ধি পায়। তেওঁৰ ধন-সম্পত্তি আৰু ক্ষমতা নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াসত নতুন চৰকাৰে তেওঁৰ বহু সম্পত্তি জব্দ কৰে। পৰৱৰ্তী সময়ত ছেপাহদাৰ আজমে আত্মহত্যা কৰে।

শিক্ষা

খালাতবাৰীয়ে ইংলেণ্ডৰ লণ্ডনত ৰাজনীতি বিজ্ঞান আৰু সমাজবিজ্ঞান অধ্যয়ন কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ ৰক্ষণশীল পিতৃৰ সন্মতি নথকা সত্ত্বেও ব্ৰডকাষ্টিং (সম্প্ৰচাৰ কাৰ্য) আৰু অভিনয়ৰ প্ৰতি থকা হেঁপাহ পূৰণ কৰিবলৈ কেলিফৰ্নিয়ালৈ স্থানান্তৰিত হয়।১

কেৰিয়াৰ

অনাহিতা খালাতবাৰীয়ে তেওঁৰ সমগ্ৰ কেৰিয়াৰত ৰাজনীতিবিদ, চিকিৎসক, শল্যচিকিৎসক আৰু কেইবাগৰাকীও তাৰকাসহ শতাধিক বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে; যাৰ ভিতৰত ইজৰাইলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, চিনেটৰ ৰডৰিক ডি. ৰাইট, শ্বেৰিফ লী বাক্কা, লছ এঞ্জেলছৰ প্ৰাক্তন মেয়ৰ এণ্টনিঅ’ ভিলাৰাইগোছা আৰু লেৰী কিং অন্যতম।

এন.বি.চি. (NBC) চেনেলৰ ৰি-এনেক্টমেণ্ট কোৰ্ট টিভি শ্ব’ "উই দ্য পিপল উইথ গ্ল’ৰিয়া অলৰেড"-ত অধিবক্তা গ্ল’ৰিয়া অলৰেডৰ বিপৰীতে তেওঁ জেণ্টিফাৰ হাৰ্ডিসন নামৰ এগৰাকী বাদীৰ চৰিত্ৰত অভিনয় কৰিছিল।১২ ইয়াৰ উপৰি খালাতবাৰীয়ে ৰামিন নিয়ামীৰ পৰিচালনাত নিৰ্মিত ৰোমাণ্টিক কমেডী ছবি শ্বিৰীন ইন লাভ-তো অভিনয় কৰিছিল। এই ছবিখনত অনাহিতা খালাতবাৰীৰ উৎকৃষ্ট অভিনয়শৈলীক বিখ্যাত চলচ্চিত্ৰ সমালোচক ৰজাৰ ইবাৰ্টে প্ৰশংসা কৰি ইয়াৰ তুলনা ফে ডোনাৱেৰ সৈতে কৰিছিল। ৰজাৰ ইবাৰ্টে লিখিছিল, "অনাহিতা খালাতবাৰীয়ে ছবিখনত যিধৰণৰ অভিনয় প্ৰদৰ্শন কৰিছে, সেয়া 'মামী ডিয়াৰেষ্ট' ছবিত ফে ডোনাৱেৰ অতি মাত্ৰা নিয়ন্ত্ৰণকাৰী মাতৃৰ চৰিত্ৰটোৰ এক হাস্যৰসাত্মক সংস্কৰণৰ দৰে সুন্দৰ হৈছে। ই ইমানেই ভাল হৈছে যে খালাতবাৰীৰ এইখন প্ৰথম ছবি হিচাপে এয়া দুগুণে প্ৰশংসনীয়।" ৩৪৫

তথ্যসূত্ৰ

  1. ↑ آناهيتا خلعتبري چهره معروف و با سابقه تلويزيوني
  2. ↑ We the People With Gloria Allred: Season 1, Episode 55 Eyelash Disaster/Heart Broken Heirloom. imdb.com
  3. ↑ Shirin in Love. imdb.com
  4. ↑ Shirin in Love movie review & film summary (2014)
  5. ↑ (March 14, 2014). Writing a New Romance

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিসাংবাদিকঅভিনেত্ৰীমডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনাহিতা খালাতবাৰী” প্ৰবন্ধৰ সংশোধন ৬১০৫২৬ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।