অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

সাক্ষী শৰ্মা

সাক্ষী শৰ্মা (জন্ম: ২০০৪) এগৰাকী ভাৰতীয় কাবাডী খেলুৱৈ। তেওঁ হিমাচল প্ৰদেশৰ বাসিন্দা আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় কাবাডী দলৰ হৈ খেলে। ঘৰুৱা প্ৰতিযোগিতাত তেওঁ হিমাচল প্ৰদেশক প্ৰতিনিধিত্ব কৰে। তেওঁ এগৰাকী ডিফেণ্ডাৰ হিচাপে খেলে।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

সাক্ষী শৰ্মা (জন্ম: ২০০৪) এগৰাকী ভাৰতীয় কাবাডী খেলুৱৈ। তেওঁ হিমাচল প্ৰদেশৰ বাসিন্দা আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় কাবাডী দলৰ হৈ খেলে। ঘৰুৱা প্ৰতিযোগিতাত তেওঁ হিমাচল প্ৰদেশক প্ৰতিনিধিত্ব কৰে। তেওঁ এগৰাকী ডিফেণ্ডাৰ হিচাপে খেলে।১২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

শৰ্মা হিমাচল প্ৰদেশৰ সিৰমৌৰ জিলাৰ মহাৰাল গাঁৱৰ বাসিন্দা, যদিও বৰ্তমান তেওঁ হামিৰপুৰত বাস কৰে।১ তেওঁৰ পিতৃ প্ৰদীপ শৰ্মা হিমাচল প্ৰদেশ বিদ্যুৎ বিভাগৰ এগৰাকী লাইনমেন। তেওঁ চণ্ডীগড় ইউনিভাৰ্ছিটিত ইংৰাজী বিষয়ত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰিছিল।২

কেৰিয়াৰ

২০১৫ চনত শৰ্মাই হিমাচল প্ৰদেশ স্পৰ্টছ হোষ্টেলত যোগদান কৰে আৰু তাতেই তেওঁ কাবাডী খেলৰ প্ৰশিক্ষণ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ বিশ্ববিদ্যালয় আৰু ৰাজ্যিক স্তৰত কাবাডীত সাফল্য লাভ কৰে।

২০২৪ চনত তেওঁ খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছৰ চতুৰ্থ সংস্কৰণত চণ্ডীগড় ইউনিভাৰ্ছিটিৰ দলৰ অংশ হিচাপে মহিলা কাবাডীত সোণৰ পদক জয় কৰে।৩ ইয়াৰ আগতে তেওঁ হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি ওড়িশাত অনুষ্ঠিত প্ৰথম খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছত সোণৰ পদক জয় কৰিছিল।৪ তৃতীয় সংস্কৰণত তেওঁ হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ৰ হৈ খেলি ৰূপৰ পদকো লাভ কৰিছিল।১

২০২৩ চনৰ মাৰ্চ মাহত হাৰিয়ানাত অনুষ্ঠিত ৬৯তম মহিলা ছিনিয়ৰ ৰাষ্ট্ৰীয় কাবাডী চেম্পিয়নশ্বিপত তেওঁ হিমাচল প্ৰদেশ ৰাজ্যিক দলৰ অধিনায়ক আছিল।৫

২০২৫ চনৰ নৱেম্বৰ মাহত বাংলাদেশত অনুষ্ঠিত মহিলা কাবাডী বিশ্বকাপত সোণৰ পদক জয় কৰা ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় কাবাডী দলৰ তেওঁ সদস্য আছিল।৬

তথ্যসূত্ৰ

  1. ↑ Rohit. (2025-11-15). Sakshi Sharma Biography: Rising Defender in Indian Women’s Kabaddi. sportsvichar.com
  2. ↑ (2025-11-13). Sakshi Sharma Biography: Early Life, Domestic Career, Achievements, Social Media and More - Kabaddi Adda
  3. ↑ Khelo India University Games: Sakshi Sharma Inspires Chandigarh University To Clinch Maiden Women’s Kabaddi Gold · India.com. www.india.com
  4. ↑ (2024-02-22). Khelo India University Games: Sakshi Sharma Leads Chandigarh To Glorious Debut In Women's Kabaddi. Outlook India
  5. ↑ Sakshi Sharma of Hamirpur to lead state kabaddi team. The Tribune
  6. ↑ Nag, Utathya. (24 November 2025). Women’s Kabaddi World Cup 2025: India defend title - all match results, scores and points table. Olympics

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাক্ষী শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৯৫৩৮৭ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।