ভাৱনা শৰ্মা (ইংৰাজী ভাষা: Bhawana Sharma; জন্ম: ২০০৩) হিমাচল প্ৰদেশৰ এগৰাকী হেণ্ডবল খেলুৱৈ। তেওঁ ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় হেণ্ডবল দলৰ হৈ চেণ্টাৰ বেক হিচাপে খেলে।
প্ৰাৰম্ভিক জীৱন
শৰ্মা ভাৰতৰ হিমাচল প্ৰদেশৰ চোলান জিলাৰ কুনিহাৰৰ নৱগাঁৱৰ বাসিন্দা। তেওঁৰ পিতৃ হেম ৰাজ এজন কৃষক আৰু অফ-ছিজনত তেওঁ গাড়ী মেকানিক হিচাপেও কাম কৰে। তেওঁ তিনিগৰাকী ভগ্নীৰ ভিতৰত কনিষ্ঠতম আৰু তিনিওগৰাকী ভগ্নীয়েই হেণ্ডবল খেলুৱৈ। তেওঁ ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই হেণ্ডবল খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ জ্যেষ্ঠ ভগ্নী নিধি এগৰাকী প্ৰাক্তন ভাৰতীয় খেলুৱৈ আৰু তেওঁ ক্ৰীড়া ক’টাত চৰকাৰী চাকৰি লাভ কৰিছে। আনহাতে আনগৰাকী ভগ্নী মিতালীও ভাৰতীয় জ্যেষ্ঠ দলৰ সদস্য। তিনিওগৰাকী ভগ্নীক প্ৰথম অৱস্থাত প্ৰাক্তন ভাৰতীয় হেণ্ডবল খেলুৱৈ দম্পতী স্নেহ লতা আৰু শচীন চৌধুৰীয়ে বিচাৰি উলিয়াই প্ৰশিক্ষণ দিছিল।১ ২০২৩ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত তিনিওগৰাকী ভগ্নীয়েই ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।২
কেৰিয়াৰ
২০২২ চনৰ আই এইচ এফ মহিলা জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত অভিষেক ঘটোৱা ভাৰতীয় জ্যেষ্ঠ দলটোৰ শৰ্মা অংশ আছিল। এই চেম্পিয়নশ্বিপত ভাৰতে দুখন খেলত জয়লাভ কৰি ২৬সংখ্যক স্থান লাভ কৰিছিল। শৰ্মাই মুঠ ৫৮টা গ’ল দি টুৰ্ণামেণ্টৰ তৃতীয় সৰ্বাধিক গ’লদাতা হিচাপে পৰিগণিত হয়। তেওঁৰ প্ৰতিখন খেলত গড়ে ৮.২৯টা গ’লৰ হাৰো প্ৰতিযোগিতাখনত তৃতীয় আছিল।৩ ইয়াৰ পূৰ্বে ২০২২ চনত এছিয়ান উইমেনছ জুনিয়ৰ হেণ্ডবল চেম্পিয়নশ্বিপ জয় কৰা ভাৰতীয় দলটোৰো তেওঁ অংশ আছিল। এই জয়ে ভাৰতক আই এইচ এফ বিশ্ব চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰাত সহায় কৰিছিল।৪
২০২৩ চনত চীনত অনুষ্ঠিত এছিয়ান গেমছৰ বাবে মনোনীত ভাৰতীয় মহিলা দলৰ তেওঁ সদস্য আছিল। ভাৰতীয় মহিলা দলটোৱে জাপান আৰু চীনৰ পিছত গ্ৰুপত তৃতীয় স্থান লাভ কৰে আৰু পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িবলৈ সক্ষম নহ’ল।৫
২০২৪ চনৰ ডিচেম্বৰ মাহত নতুন দিল্লীৰ ইন্দিৰা গান্ধী এৰেনাত অনুষ্ঠিত এছিয়ান উইমেনছ হেণ্ডবল চেম্পিয়নশ্বিপত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ উন্নত প্ৰদৰ্শন কৰি 'প্লেয়াৰ অৱ দ্য মেচ' সন্মান লাভ কৰে।৬ এই প্ৰতিযোগিতাত ভাৰতে ষষ্ঠ স্থান লাভ কৰে, যিটো এছিয়ান ইভেণ্টত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ফলাফল।৭
ঘৰুৱা কেৰিয়াৰ
২০২২ চনৰ এপ্ৰিল মাহত শৰ্মা হিমাচল প্ৰদেশৰ জ্যেষ্ঠ মহিলা দলৰ অংশ আছিল আৰু তেওঁলোকে হাইদৰাবাদত অনুষ্ঠিত ৫০সংখ্যক জ্যেষ্ঠ মহিলা ৰাষ্ট্ৰীয় হেণ্ডবল চেম্পিয়নশ্বিপত জয়লাভ কৰিছিল। শৰ্মাই টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিছিল। ইয়াৰ পূৰ্বে ২০২১ চনতো হিমাচল প্ৰদেশে জ্যেষ্ঠ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জয় কৰিছিল।৮
তথ্যসূত্ৰ
- ↑ (2024-12-09). Solan's Bhawna Sharma shines for India at Asian Handball Championships. Hindustan Times
- ↑ Competition Athletes · The 19th Asian Games. www.ocagames.com
- ↑ IHF · Five talking points after the conclusion of the 2022 IHF Women's Junior World Championship. www.ihf.info
- ↑ IHF · India win debut continental title at Asian Women's Junior Championship. www.ihf.info
- ↑ Peesara, Anuraag. (30 September 2023). Asian Games 2023 handball: Indian women's team's campaigns ends in group stage. Olympics
- ↑ (3 December 2024). Asian Women's Handball Championship 2024: India begin campaign with win over Hong Kong China. Olympics
- ↑ (2024-12-10). India finish 6th at Asian Women's Handball Championship 2024. thebridge.in
- ↑ IHF · Himachal Pradesh take title at 50th Senior Women's National Handball Championship. www.ihf.info
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৱনা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৯৫৩৯৪ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।