অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভেল্লুভা কোৰোথ বিষ্ময়া

ভেল্লুভা কোৰোথ বিষ্ময়া (ইংৰাজী: Velluva Koroth Vismaya; জন্ম: ১৪ মে' ১৯৯৭) কেৰালাৰ এগৰাকী ভাৰতীয় খেলুৱৈ৷ তেওঁ ৪০০ মিটাৰ দৌৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। তেওঁ ২০১৮ চনৰ এছিয়ান গেমছত সোণৰ বিজয়ী ভাৰতীয় দলৰ খেলুৱৈ আছিল।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ৭১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ভেল্লুভা কোৰোথ বিষ্ময়া (ইংৰাজী: Velluva Koroth Vismaya; জন্ম: ১৪ মে' ১৯৯৭) কেৰালাৰ এগৰাকী ভাৰতীয় খেলুৱৈ৷ তেওঁ ৪০০ মিটাৰ দৌৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। তেওঁ ২০১৮ চনৰ এছিয়ান গেমছত সোণৰ বিজয়ী ভাৰতীয় দলৰ খেলুৱৈ আছিল।১

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

কেৰালাৰ কান্নুৰত বিষ্ময়াৰ জন্ম হৈছিল।১ তেওঁৰ দেউতাক এজন নিৰ্মাণ শ্ৰমিক আছিল। ১১ বছৰ বয়সত তেওঁ এথলেটিকছ আৰম্ভ কৰিছিল। তেওঁ গণিতৰ স্নাতক।১

কেৰিয়াৰ

বিষ্ময়া ২০১৮ চনৰ এছিয়ান গেমছত সোণৰ পদক লাভ কৰা ভাৰতীয় মহিলা ৪ × ৪০০ মিটাৰ ৰিলে দলৰ অংশ আছিল।১ ২০১৯ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত মহিলাৰ ৪ x ৪০০ মিটাৰ ৰিলেত ৰূপ আৰু মিক্সড ৪ x ৪০০ মিটাৰ ৰিলেত ৰূপৰ পদক লাভ কৰে। ২০১৯ চনৰ দোহাত অনুষ্ঠিত হোৱা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত বিষ্ময়া, মহম্মদ আনাছ, নোয়া নিৰ্মল টম আৰু জিছনা মেথিউৰ চাৰিজনীয়া দলটোৱে ২০১৯ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৪ × ৪০০ মিটাৰ মিশ্ৰিত দলীয় ৰিলেত অংশগ্ৰহণ কৰিছিল, খেলখনত তেওঁলোকে ৩:১৬:১৪ সময় লৈ ফাইনেলত প্ৰৱেশ কৰে আৰু ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত স্থান নিশ্চিত কৰে।২ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত ৩:১৫:৭৭ সময়ত দৌৰ সমাপ্ত কৰি দলটোৱে সপ্তম স্থান দখল কৰে।৩

ঘৰুৱা খেল

২০১৯ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত ৫৯ সংখ্যক ৰাষ্ট্ৰীয় মুকলি এথলেটিকছ চেম্পিয়নশ্বিপত ৪০০ মিটাৰ দৌৰত তেওঁ স্বৰ্ণ পদক লাভ কৰে৷৪

তথ্যসূত্ৰ

  1. ↑ (2018-08-30). Weak link Vismaya anchors India to relay gold. ESPN
  2. ↑ Rayan, Stan. (28 September 2019). World Athletics Championships: Indian mixed relay team books Olympics berth, reaches final. The Hindu
  3. ↑ (30 September 2019). Indian 4x400m mixed relay team finishes 7th in World Championships. The Hindu
  4. ↑ Tajinder breaks shot put national record, gets closer to Tokyo Olympics

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেল্লুভা কোৰোথ বিষ্ময়া” প্ৰবন্ধৰ সংশোধন ৫৯৫৩০০ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।