অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মঞ্জুছা কোঁৱৰ

মঞ্জুছা কোঁৱৰ (ইংৰাজী: Manjusha Kanwar, জন্ম: ২০ মাৰ্চ ১৯৭১) এগৰাকী ভাৰতীয় প্ৰাক্তন বেডমিণ্টন খেলুৱৈ। ভাৰতৰ মহাৰাষ্ট্ৰৰ পুনেত তেওঁ জন্মগ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ ভাৰতীয় তেল নিগমৰ ক্ৰীড়া বিভাগৰ নতুন দিল্লীত উপ-সাধাৰণ প্ৰবন্ধক হিচাপে কাম কৰে।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মঞ্জুছা কোঁৱৰ (ইংৰাজী: Manjusha Kanwar, জন্ম: ২০ মাৰ্চ ১৯৭১) এগৰাকী ভাৰতীয় প্ৰাক্তন বেডমিণ্টন খেলুৱৈ। ভাৰতৰ মহাৰাষ্ট্ৰৰ পুনেত তেওঁ জন্মগ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ ভাৰতীয় তেল নিগমৰ১ ক্ৰীড়া বিভাগৰ নতুন দিল্লীত উপ-সাধাৰণ প্ৰবন্ধক হিচাপে কাম কৰে। ২০১৮–২০ চনত দিল্লী দলৰ প্ৰশিক্ষক হিচাপে ইণ্ডিয়ান বেডমিণ্টন লীগৰ অংশ আছিল। খেলুৱৈ হিচাপে আৰু ক্ৰীড়াৰ প্ৰসাৰৰ বাবে কৰা কামৰ বাবে ২০২০ চনত তেওঁক FICCI লাইফ টাইম এচিভমেণ্ট বঁটা২ প্ৰদান কৰা হয়।

কেৰিয়াৰ

১৯৯১ চনত মঞ্জুছা কোৱঁৰে প্ৰথমবাৰৰ বাবে ভাৰতত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জয় কৰে। ইয়াৰ পিছত ২০০২ চনলৈকে আৰু ৯টা খিতাপ লাভ কৰে। ১৯৯৮ চনত তেওঁ কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক লাভ (দল)৩ কে য'ত তেওঁ একক আৰু ডাবল দুয়োটা খেলতে অংশগ্ৰহণ কৰে। দক্ষিণ এছিয়ান গেমছ ২০০৪ চনত দলীয় ভাৱে স্বৰ্ণ পদক লাভ কৰে আৰু মহিলা ডাবলছ আৰু মিক্সড ডাবলছত ৰূপৰ পদক লাভ কৰে। ১২ বছৰ ধৰি তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Indian Oil Corporation Ltd.: IndianOil - The Energy of India. IndianOil
  2. ↑ FICCI presents India Sports Awards 2020,The Pioneer,Dec 10, 2020. ficci.in
  3. ↑ Manjusha Kanwar · Commonwealth Games Federation. thecgf.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঞ্জুছা কোঁৱৰ” প্ৰবন্ধৰ সংশোধন ৫৯৫৩১০ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।