অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰেয়া হুদা

শ্ৰেয়া হুদা (ইংৰাজী: Shreya Hooda; জন্ম: ২৫ মে' ১৯৯৯) হাৰিয়ানাৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ। তেওঁ ইণ্ডিয়ান উইমেনছ লীগ ক্লাব গোকুলম কেৰালা আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ গ’লৰক্ষক হিচাপে খেলে। তেওঁ ২০২২ চনৰ এছিয়ান গেমছত ভাৰতীয় দলৰ অংশ আছিল।

হালনাগাদ: ১৬ মে’ ২০২৬ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

শ্ৰেয়া হুদা (ইংৰাজী ভাষা: Shreya Hooda; জন্ম: ২৫ মে' ১৯৯৯) হাৰিয়ানাৰ এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ। তেওঁ ইণ্ডিয়ান উইমেনছ লীগ ক্লাব গোকুলম কেৰালা আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ গ’লৰক্ষক হিচাপে খেলে।১ তেওঁ ২০২২ চনৰ এছিয়ান গেমছত ভাৰতীয় দলৰ অংশ আছিল।২

প্ৰাৰম্ভিক জীৱন

তেওঁৰ জন্ম হাৰিয়ানাৰ সোণিপাটত হৈছিল। মাত্ৰ ১৩ বছৰ বয়সতে তেওঁ ফুটবল খেলিবলৈ আৰম্ভ কৰে আৰু ভাৰতৰ হৈ অনুৰ্ধ-১৪ আৰু অনুৰ্ধ-১৬ টুৰ্ণামেণ্টত গ’লৰক্ষক হিচাপে খেলিছিল।৩

ঘৰুৱা কেৰিয়াৰ

হাৰিয়ানা ৰাজ্যিক দলৰপৰা আৰম্ভ কৰি শ্ৰেয়াই ঘৰুৱা প্ৰতিযোগিতাত গোকুলম কেৰালা এফ চি, ফুটবল ক্লাব কোলহাপুৰ চিটী, পিআইএফএ স্পৰ্টছ (কোলাবা) এফ চি, হিমাচল প্ৰদেশ ফুটবল এছ’চিয়েচন (মহিলা) ক্লাব, হিমাচল প্ৰদেশ সন্তোষ ট্ৰফী দল ২০১৭ আৰু হংস কেপিটেল ফুটবল ক্লাবক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ খেল’ ইণ্ডিয়া গেমছত বিজয়ী হাৰিয়ানা দলক প্ৰতিনিধিত্ব কৰিছিল।৩ তেওঁ গোকুলম কেৰালা এফ চিৰ হৈ ইণ্ডিয়ান উইমেনছ লীগতো জয়লাভ কৰিছিল।৪ তেওঁ এএফচি মহিলা ক্লাব চেম্পিয়নশ্বিপত খেলা গোকুলম কেৰালা দলৰ অংশ আছিল।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ

২০২১ চনত তেওঁ জ্যেষ্ঠ ভাৰতীয় দলত অভিষেক ঘটায়। ২০২৩ চনৰ মাৰ্চ মাহত আম্মানৰ পেট্ৰা ষ্টেডিয়ামত জৰ্ডানৰ বিৰুদ্ধে গ’লহীন ড্ৰ’ খেলা ভাৰতীয় জ্যেষ্ঠ দলত তেওঁ আছিল।৫ ২০২৩ চনৰ জুলাই মাহত অক্টোবৰ মাহত হ’বলগীয়া এএফচি অলিম্পিক কোৱালিফায়াৰৰ দ্বিতীয় ৰাউণ্ডৰ বাবে ঘোষিত ৩৪ জনীয়া ভাৰতীয় সম্ভাৱ্য তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল।৬ এছিয়ান গেমছৰ প্ৰথমখন মেচত চাইনীজ টাইপেইৰ বিৰুদ্ধে শ্ৰেয়াই সম্পূৰ্ণ সময়ৰ বাবে গ’লৰক্ষক হিচাপে খেলিছিল, য’ত ভাৰত ২–১ ব্যৱধানত পৰাস্ত হৈছিল।

কেৰিয়াৰ পৰিসংখ্যা

আন্তঃৰাষ্ট্ৰীয়

ৰাষ্ট্ৰীয় দলবছৰঅংশগ্ৰহণগ’ল
ভাৰত২০২১১০
২০২২০০
২০২৩৮০
২০২৪৩০
২০২৫৩০
২০২৬১০
মুঠ১৬০

সন্মান

গোকুলম কেৰালা

  • ইণ্ডিয়ান উইমেনছ লীগ: ২০২১–২২

ওড়িশা

  • ইণ্ডিয়ান উইমেনছ লীগ: ২০২৩–২৪৭

হাৰিয়ানা

  • ৰাজমাতা জিজাবাই ট্ৰফী ৰানাৰ্ছ আপ: ২০২২–২৩৮

ব্যক্তিগত

  • ইণ্ডিয়ান উইমেনছ লীগৰ শ্ৰেষ্ঠ গ’লৰক্ষক: ২০২৩–২৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Player Profile: Shreya Hooda. www.the-aiff.com
  2. ↑ (8 August 2023). Indian Football Team full Schedule with Asian Games: Dates, squad, men's and women's teams. Sportstar
  3. ↑ Odisha FC. Odisha FC
  4. ↑ (7 August 2022). Odisha FC Women make statement signing in Shreya Hooda!. Arunava about Football
  5. ↑ India senior women's football team play goalless draw against Jordan. risingkashmir.com
  6. ↑ IANS. (26 July 2023). Indian Women's Football Team; 34 players selected for training camp in Bhubaneswar. www.thestatesman.com
  7. ↑ (24 March 2024). Odisha FC take home the IWL trophy with stunning ease. i-league.org. I-League
  8. ↑ (28 June 2023). Comeback queens Tamil Nadu regain National supremacy. AIFF

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়াবিদমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰেয়া হুদা” প্ৰবন্ধৰ সংশোধন ৬০৬৭০৪ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।