লজ্জা গোস্বামী (ইংৰাজী ভাষা: Lajja Goswami; জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় লক্ষ্যভেদী (শ্বুটাৰ) আৰু আৰক্ষী বিষয়া।১ তেওঁ ৰাষ্ট্ৰীয় কেডেট কোৰ্পছৰ (এনচিচি) এজন প্ৰাক্তন কেডেট। ২০০৯ চনত তেওঁক ৰক্ষা মন্ত্ৰী পদক প্ৰদান কৰা হৈছিল।২ ইয়াৰ উপৰি তেওঁ স্পেইনৰ গ্ৰানাডাত অনুষ্ঠিত ২০১৩ চনৰ আইএচএচএফ বিশ্বকাপত মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচন ইভেণ্টত ৰূপৰ পদক জয় কৰিছিল।৩ তেওঁ গুজৰাট ৰাজ্যৰ ব্ৰেণ্ড এম্বেচেডৰ হোৱাৰ লগতে ক্ৰীড়া ক’টাত গুজৰাট আৰক্ষীৰ পৰ্যায়ত আৰক্ষী পৰিদৰ্শক হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা খেলুৱৈ।৪
তেওঁ ২০১৪ চনৰ এছিয়ান গেমছতো অংশগ্ৰহণ কৰিছিল আৰু শীৰ্ষ ৮ গৰাকী খেলুৱৈৰ ভিতৰত স্থান লাভ কৰিছিল। সৰুৰেপৰাই লজ্জা ৰাইফল আৰু বন্দুকৰ প্ৰতি আগ্ৰহী আছিল। আন ল’ৰা-ছোৱালীয়ে পুতলাৰে খেলি থকাৰ সময়তে লজ্জাই বন্দুকৰে খেলিছিল। এইদৰে তেওঁ আন শিশুতকৈ পৃথক আছিল।
আৰম্ভণিতে লজ্জাই এনচিচি কেডেট হিচাপে শ্বুটিঙত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল। তাৰ পিছত নিজৰ প্ৰদৰ্শন অধিক উন্নত কৰিবলৈ তেওঁ পুনেৰ ইণ্ডিয়ান শ্বুটিং একাডেমীৰপৰা প্ৰশিক্ষণ লয় আৰু প্ৰশিক্ষক ছানি থমাছে তেওঁক শ্বুটিঙৰ প্ৰশিক্ষণ দিয়ে।
ব্যক্তিগত জীৱন
তেওঁ গুজৰাটৰ আনন্দ জিলাত অৱস্থিত জিতাডীয়া নামৰ এখন সৰু গাঁৱৰ বাসিন্দা। লজ্জাৰ পিতৃ তিলক গিৰি গোস্বামী জিতাডীয়া গাঁৱৰ বৈজনাথ মহাদেৱ নামৰ এটা প্ৰাচীন শিৱ মন্দিৰৰ তত্ত্বাৱধায়ক।৪ তেওঁ পিতৃ, মাতৃ আৰু এজন ভাতৃৰে গঠিত চাৰিজনীয়া এটা সৰু পৰিয়ালত বাস কৰিছিল।
প্ৰাৰম্ভিক শৈশৱ
লজ্জাৰ পৰিয়ালটো এটা মধ্যবিত্ত পৰিয়াল আছিল। তেওঁৰ পিতৃ তিলক গিৰিয়ে সংবাদ মাধ্যমক জনোৱা মতে, আন শিশুৱে পুতলাৰে খেলি থকাৰ সময়তে লজ্জাই বন্দুকৰে খেলিছিল।৪ এনচিচিত কেডেট হিচাপে ভৰ্তি হোৱাৰ পিছত শ্বুটিঙত তেওঁৰ প্ৰতিভা ফুটি উঠিছিল। তেওঁ পুনেত প্ৰশিক্ষক ছানি থমাছৰপৰা শ্বুটিঙৰ প্ৰশিক্ষণ লৈছিল।৫
সাফল্য আৰু পদকসমূহ
| প্ৰতিযোগিতা | ইভেণ্ট | স্থান | পদক | বছৰ |
|---|---|---|---|---|
| কমনৱেলথ গেমছ | ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচন (যুগ্ম) | নতুন দিল্লী (ভাৰত) | ৰূপ | ২০১০ |
| একাদশ চৰ্দাৰ সজ্জন সিং চেঠী মেম’ৰিয়েল মাষ্টাৰ্ছ শ্বুটিং প্ৰতিযোগিতা | ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচন (একক) | নতুন দিল্লী (ভাৰত) | সোণ | ২০১২ |
| আইএচএচএফ বিশ্বকাপ | ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচন (একক) | গ্ৰানাডা (স্পেইন) | ৰূপ | ২০১৩ |
| কমনৱেলথ গেমছ | ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচন (একক) | গ্লাছগো (স্কটলেণ্ড) | ব্ৰঞ্জ | ২০১৪ |
| আন্তঃৰাষ্ট্ৰীয় শ্বুটিং প্ৰতিযোগিতা | ৫০ মিটাৰ ৰাইফল প্ৰ’ন (একক) | হেনোভাৰ (জাৰ্মানী) | সোণ | ২০১৫ |
তথ্যসূত্ৰ
- ↑ (June 25, 2018). Lajja grabs first spot at shooting national selection trials. Business Standard
- ↑ (June 3, 2009). Gujarat's ace shooter bags Raksha Mantri medal. The Times of India
- ↑ (July 9, 2013). Lajja Gauswami wins silver in shooting World Cup. The Times of India
- ↑ (February 14, 2014). Shooter Lajja Goswami is now an inspector. Ahmedabad Mirror
- ↑ Menon, Prasanth. (October 6, 2010). Lajja bags cwg silver. Ahmedabad Mirror
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লজ্জা গোস্বামী” প্ৰবন্ধৰ সংশোধন ৫৯৫২৩৪ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।