ভাৰতৰ উৎসৱসমূহ
৯৫ প্ৰবন্ধ
-
নংক্ৰেম
নংক্ৰেম উৎসৱ হৈছে মেঘালয়ৰ খাচী জনজাতিৰ বাৰ্ষিক উৎসৱ। উৎসৱটো পাঁচ দিন ৰখা হয় আৰু সাধাৰণতে নৱেম্বৰ মাহত উদযাপন কৰা হয়। এই উৎসৱটো স্মৃতিত অনুষ্ঠিত হয়, যি খাচী পাহাৰৰ সাংস্কৃতিক কেন্দ্ৰ আৰু ৰাজধানী চহৰ শ্বিলঙৰ পৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত।
-
নাৰিকল পূৰ্ণিমা
নাৰিকল পূৰ্ণিমা হৈছে মহাৰাষ্ট্ৰ ৰ বিশেষকৈ মুম্বাই আৰু কংকা তীৰৰ হিন্দু মাছমৰিয়া সমাজে পালন কৰা এক উৎসৱ। হিন্দু ভাৰতীয় বৰ্ষপঞ্জী অনুসৰি শাওন মাহৰ পূৰ্ণিমা তিথিত (ইংৰাজী মাহ জুলাই আৰু আগষ্ট)ত এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱ পালনৰ বাবে ফুল, চাউল, নাৰিকল আদি নৈবেদ্য হিচাপে উৎসৰ্গা কৰা হয়।
-
বন মহোৎসৱ
বন মহোৎসৱ (Van Mahotsav, Forest Festival) হৈছে ভাৰতত উদযাপিত হোৱা এসপ্তাহজোৰা বাৰ্ষিক উৎসৱ। এই উৎসৱত গছ ৰোপণ কৰা হয়। জুলাই মাহৰ প্ৰথম সপ্তাহত এই উৎসৱ পালন কৰা হয়। ১৯৫০ চনত এই উৎসৱটি কানায়ালাল মানেকলাল মুঞ্চীয়ে আৰম্ভ কৰিছিল। দিল্লীৰ ৰাজঘাটত এজোপা গছ ৰোপণ কৰি তেওঁ এই মহোৎসৱৰ শুভাৰম্ভ কৰিছিল।
-
বালি যাত্ৰা
বালি যাত্ৰা (Bali Jatra) হৈছে এছিয়াৰ এক সৰ্ববৃহৎ মুক্ত বাণিজ্য মেলা। এই উৎসৱ উৰিষ্যাৰ (পূৱ ভাৰতৰ এখন ৰাজ্য), কটক চহৰৰ মহানদী নদীৰ গদাগাদিয়া ঘাটত অনুষ্ঠিত হয়।
-
বাহা পৰৱ
অসমৰ অন্তৰ্গত থকা চাওঁতালসকলে পালন কৰা অন্যতম প্ৰধান উৎসৱ হ'ল বাহা পৰৱ। এই উৎসৱ খন ছাওঁতালী দিনপুঞ্জী হিচাপে ফাগুন মাহৰ আৰম্ভণিৰ পঞ্চমী দিনা পোৱাৰ পৰা আৰম্ভ কৰা হয়। কোনো কোনো ঠাইত এই উৎসৱ প্ৰায় এমাহ জুৰি-বহাগ বিহুৰ সময়লৈকে। বাহা পৰৱ উৎসৱ হৈছে বসন্ত উৎসৱ।
-
ভাতৃ দ্বিতীয়া
ভাতৃ দ্বিতীয়া, ভাই দূজ, ভাও বীজ, ভাই টীকা, ভাই ফোঁটা হৈছে হিন্দু সকলৰ দ্বাৰা পালিত এক উৎসৱ। বিক্ৰম সংবৎ হিন্দু কেলেণ্ডাৰ মতে দ্বিতীয় শুক্ল পক্ষৰ দ্বিতীয়টো সৌৰ দিনত এই উৎসৱ পালন কৰা হয়। সাধাৰণতে দ্বীপান্বিতা, তিহাৰ উৎসৱ আৰু ফাকুৱাৰ সময়ত ভাই দূজ পালন কৰা দেখা যায়।
-
মুৰুং উত্সৱ
মুৰুং হৈছে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ আপাতানি জনজাতিসকলে উদযাপন কৰা এক তাত্পৰ্যপূৰ্ণ উত্সৱ। যদিও ই এক ব্যক্তিগত উৎসৱ, গোটেই গাওঁ আৰু নিশ্চিতভাৱে সমগ্ৰ আপাতনী লোক এই উৎসৱত জড়িত হৈ পৰে।ইয়াক জানুৱাৰী মাহত বা 'মুৰং পিলো' মাহত পালন কৰা হয়।
-
মেষ সংক্ৰান্তি
মেষ সংক্ৰান্তি (Mesha Sankranti) সৌৰ চক্ৰ বৰ্ষৰ প্ৰথম দিন আৰু হিন্দু চন্দ্ৰ-সৌৰ দিনপঞ্জী সমূহৰ সৌৰ নৱবৰ্ষ। হিন্দু দিনপঞ্জীত এক চন্দ্ৰ নৱবৰ্ষও উদযাপন কৰা হয় আৰু ই ধৰ্মীয়ভাৱে অধিক গুৰুত্বপূৰ্ণ।
-
য়াওশং
য়াওশং (Yaosang) বসন্ত ঋতুত পাঁচদিন জুৰি উদযাপন কৰা মণিপুৰৰ এটা উৎসৱ। মেইটেই কেলেণ্ডাৰৰ ‘লমটা’ মাহৰ (ফেব্ৰুৱাৰী-মাৰ্চ) পূৰ্ণিমাৰ দিনাৰ পৰা আৰম্ভ হোৱা যাওচাং মেইটেই জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ। ইয়াক মণিপুৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ বুলি বিবেচনা কৰা হয়।
-
শাজিবু নোংমা পানবা
শ্বাজিবু নোংমা পানবা( Sajibu Nongma Pānba) মণিপুৰৰ “সনামহীবাদী’’ লোকসকলে “চান্দ্ৰ বৰ্ষপূৰ্তি’’ত কৰা এক উৎসৱ, যাক মীতেই চেইৰাওবা বা শ্বাজিবু চেইৰাওবা বুলিও কোৱা হয়৷ “শ্বজিবু নোংমা পানবা’’ নামটো মণিপুৰী শব্দৰ পৰা উদ্ভৱ হৈছে; শ্বাজিবুৰ অৰ্থ বছৰৰ প্ৰথম মাহ যিটো সাধাৰণতে মেইটেই পঞ্জিকা অনুসৰি এপ্ৰিল…
-
ৱাংগালা
ৱাংগালা (Wangala) হৈছে একধৰণৰ কৃষিভিত্তিক উৎসৱ। কৃষিভিত্তিক অনুষ্ঠান হ’লেও কৃষিৰ লগত ইয়াৰ কোনো পোনপটীয়া সম্পৰ্ক নাই। এই উৎসৱ মেঘালয়, নাগালেণ্ড আৰু অসমত বাস কৰা গাৰোসকলে পালন কৰে। ইয়াৰ লগতে বাংলাদেশৰ মৈমনচিঙসকলেও এই উৎসৱ পালন কৰে।
-
অশোকাষ্টমী
অশোকাষ্টমী বা অশোকা অষ্টমী চ’ত মাহৰ শুক্লা অষ্টমী তিথিত পালন কৰা এক ধৰ্মীয় উৎসৱ। এই দিনটো মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মতিথি আৰু গংগাকে আদি কৰি পুণ্যতীৰ্থবোৰ সেইদিনা ব্ৰহ্মপুত্ৰত মিলিত হয় বুলি প্ৰচলিত বিশ্বাস আছে।
-
আওলিং উৎসৱ
আওলিং উৎসৱ (Aoling; আওলেং, Aoleng হিচাপেও উচ্চাৰিত) কন্যাক নগা জনগোষ্ঠীৰ দ্বাৰা উদযাপিত এক উৎসৱ। এই উৎসৱ সাধাৰণতে প্ৰতিবছৰে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত পালন কৰা হয়। উত্তৰ পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ মন জিলাৰ কন্যাক গোষ্ঠীৰ অধিবাসীসকলৰ ই এক প্ৰধান উৎসৱ।
-
কামদা একাদশী
কামদা একাদশী হৈছে হিন্দু সকলৰ এক উৎসৱ। চান্দ্ৰ মাহ চৈত্ৰা (মাৰ্চ-এপ্ৰিল) একাদশীত এই উৎসৱ পালন কৰা হয়। নৱবৰ্ষ আৰম্ভৰ পিছত এইটো প্ৰথমটো একাদশী। কামদা নামে সকলো আকাংক্ষা পূৰণ কৰাটো বুজায়।
-
কেৰালাৰ আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱ
কেৰালাৰ আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱ (ইংৰাজী: International Theatre Festival of Kerala; চমুকৈ ITFoK) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ ত্ৰিশূৰ চহৰত প্ৰতি বছৰে ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা এক আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱ। এই উৎসৱ কেৰালা সংগীত নাটক একাডেমী আৰু কেৰালা চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা আয়োজন কৰা হয়।
-
খাৰ্চী
খাৰ্চী হৈছে ত্ৰিপুৰাত ৰ্পালন কৰা এক উৎসৱ। অতীজতে ৰাজপৰিয়াল সসূহে চৈধ্যজন দেৱতাক স্মৰণ কৰি অনুষ্ঠিত কৰা এই খাৰচী উৎসৱ বৰ্তমান ত্ৰিপুৰাত বসবাস কৰা সকলো সম্প্ৰদায়ৰ লোকে পালন কৰে।
-
চলুং
চলুং বা চলুং পূজা (Solung) অৰুণাচল প্ৰদেশৰ চিয়াং জিলা আৰু লোহিত জিলাত থকা আদি জনজাতীয় সমাজৰ এক উৎসৱ। চলুং উৎসৱ মূলতঃ কৃষি ভিত্তিক। জুলাই আগষ্ট মাহত সচৰাচৰ এই উৎসৱ আদি সকলে অতি পুৰণি কালৰেপৰা সামাজিক আৰু ধৰ্মীয় ৰীতি নীতি, আচাৰ ব্যৱহাৰেৰে পালন কৰি আহিছে।
-
চাঞ্জী
চাঞ্জী (Sanjhi) উত্তৰ ভাৰতত পালন কৰা একপ্ৰকাৰৰ লোকউৎসৱ। এই উৎসৱ দিল্লী, পঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কিছু অংশৰ হিন্দু মহিলা আৰু ছোৱালী সকলে লোকদেৱী চাঞ্জীলৈ উৎসৰ্গিত কৰি পালন কৰা হয়। এই লোকদেৱীৰ প্ৰতিমায়ো মহিলা সকলে নিজেই স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীৰে তৈয়াৰ কৰে।
-
চাম্বা দশমী
চাম্বা দশমী (Samba Dashami) হৈছে উৰিষ্যা, ভাৰতৰ এটি বাছকবনীয়া উৎসৱ। পুহ মাহৰ (ডিচেম্বৰ-জানুৱাৰী) শুক্ল পক্ষৰ দশম দিনা এই উৎসৱ পালন কৰা হয়। নতুবা পুহ মাহত চন্দ্ৰৰ বৰ্ধনকালত এই উৎসৱ উদযাপিত হয়। উৎসৱটিয়ে স্থানীয় উৰিয়া বৰ্ষপুঞ্জী অনুসৰণ কৰে। উৰিষ্যাৰ পূব অঞ্চলত সাধাৰণতে এই উৎসৱ পালিত হয়।
-
চাৰুল পৰৱ
চাৰুল পৰৱ হৈছে চাহ জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ। চ'ত মাহৰ পঞ্চমী, সপ্তমী আৰু নৱমী তিথিত এই উৎসৱ পালন কৰা হয়। চাহ জনগোষ্ঠীয়সকলে এই উৎসৱত নবিধ শাক একেলগে খায়। ঘৰে-ঘৰে নৃত্য-গীত গাই গৃহস্থক বছৰটোৰ বাবে আশীৰ্বাদ দিয়ে।
-
ঝুলন যাত্ৰা
ঝুলন যাত্ৰা বা ঝুলন পূৰ্ণিমা ভাৰতৰ বৈষ্ণৱ সম্প্ৰদায় সকলে শ্ৰাৱনী পূৰ্ণিমা তিথিত পালন কৰা উৎসৱ। হোলী আৰু জন্মাষ্টমীৰ পিছতেই কৃষ্ণপন্থী বৈষ্ণৱ সকলৰ ই অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ। হিন্দু দিনপঞ্জী মতে ঝুলন যাত্ৰা শ্ৰাৱণ মাহৰ শুক্লা দশমী তিথিত আৰম্ভ হৈ শ্ৰাৱনী পূৰ্ণিমাত শেষ হয়।
-
টখু এমং
টখু এমং (Tokhu Emong) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ লোথা নাগা জনগোষ্ঠীৰ লোকসকলে পালন কৰা পাৰম্পৰিক কৃষিভিত্তিক লোকউৎসৱ। লোথা নাগা নাগালেণ্ডৰ অন্যতম মুখ্য জনজাতি। এই উৎসৱ শস্য চপোৱাৰ পিছত উদযাপন কৰা হয়।
-
টামলা ডু
টামলা ডু অৰুণাচল প্ৰদেশৰ মিচিমি জনজাতিয়ে উদযাপন কৰা এটি উৎসৱ। শান্তি, একতা তথা মঙ্গল কামনাৰে উদ্যাপিত এই উৎসৱটি লোহিত জিলাৰ বসতি প্ৰধান মিচিমি জনজাতিয়ে উলহ-মালহেৰে উদযাপন কৰে।
-
ধনু যাত্ৰা
ধনু যাত্ৰা (ଧନୁଯାତ୍ରା; Dhanu Jatra) উৰিষ্যাৰ বৰগড়ত অনুষ্ঠিত হোৱা মুক্তাঙ্গনত পৰিবেশিত নাট্যানুষ্ঠান। বৰগড়ৰ ৮ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ পৌৰ অঞ্চলত বিয়পি থকা ই পৃথিৱীৰ সৰ্ববৃহৎ মুক্তাঙ্গন থিয়েটাৰ আৰু ই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে।
-
নিংঙোল চাকৌবা
নিংঙোল চাকৌবা (ꯅꯤꯉꯣꯜ ꯆꯥꯀꯧꯕ; Ningol Chakouba) বা নিংঙোল চাক্কৌবা (ꯅꯤꯉꯣꯜ ꯆꯥꯛꯀꯧꯕ; Ningol Chakkouba) ভাৰতৰ মণিপুৰ ৰাজ্যৰ মীতেই জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰা পাৰম্পৰিক লোকউৎসৱ। ইয়াক 'চাকৌবা' বা 'হিয়াংগৈ নিনি পান্বা' বুলিও কোৱা হয়।
-
নীৰ্জল একাদশী
নীৰ্জল একাদশী হৈছে এক হিন্দু ধৰ্মীয় উৎসৱ। চান্দ্ৰ কেলেণ্ডাৰ অনুসৰি জ্যেষ্ঠ(মে/জুন) মাহৰ একাদশীত এই উৎসৱ পালন কৰা হয়। এই একাদশীৰ নাম পানীৰ অন্য নাম নীৰ আৰু জলৰ পৰা অহা(নীৰ-জল)। এই একাদশীত পানী বিহীন ভাবে ব্ৰত পালন কৰা হয়। ২৪টা একাদশীৰ ভিতৰত এই একাদশীৰ বিশেষত্ব অধিক। ই এক ধৰ্মীয় উৎসৱ।
-
প'লা উৎসৱ
প'লা (Pola) হৈছে খেতিয়ক সকলৰ ষাঁড় আৰু বলধ গৰুক সন্মান জনাই মহাৰাষ্ট্ৰ, ছত্তীছগঢ়, মধ্য প্ৰদেশ, তেলঙ্গানা, কৰ্ণাটক আদি ৰাজ্যৰ খেতিয়ক সকলে পালন কৰা এক উৎসৱ। ইয়াৰ দ্বাৰা খেতিয়ক পৰিয়ালে তেওঁলোকৰ খেতিৰ কামত সহায় কৰা ষাঁড় আৰু বলধ গৰুক সন্মান জনাই আৰু ধন্যবাদ জ্ঞাপন কৰে।
-
পনা সংক্ৰান্তি
পনা সংক্ৰান্তি, (ପଣା ସଂକ୍ରାନ୍ତି) বা মহাবিষুৱ সংক্ৰান্তি (ମହା ବିଷୁବ ସଂକ୍ରାନ୍ତି), হৈছে ভাৰতৰ ওড়িয়া লোক সকলৰ দ্বাৰা উদযাপিত পৰম্পৰাগত নৱবৰ্ষৰ উৎসৱ। এই উৎসৱৰ তাৰিখ চান্দ্ৰ-সৌৰ কেলেণ্ডাৰ অনুসৰি সৌৰ চক্ৰৰ ওপৰত নিৰ্ভৰশীল।
-
বন্দী ছোড় দিৱস
বন্দী ছোড় দিৱস (Bandi Chhor Divas) শিখ ধৰ্মাৱলম্বী সকলে উদযাপন কৰা উৎসৱ। এই দিনা শিখসকলৰ ষষ্ঠ গুৰু, গুৰু হৰগোৱিন্দক গ্বালিয়ৰ দুৰ্গৰ পৰা মুক্তি দিয়া হৈছিল। মোগল সম্ৰাট জাহাংগীৰে তেওঁক কেইবা মাহ ধৰি গ্বালিয়ৰ দুৰ্গত বন্দী কৰি ৰাখিছিল।
-
ভুমচু
ভুমচু (Bhumchu) প্ৰতিবছৰে তিব্বত, ভূটান আৰু ভাৰতৰ ছিক্কিম ৰাজ্যত উদযাপন কৰা পাৰম্পৰিক উৎসৱ। এই বৌদ্ধ উৎসৱ তিব্বতীয় চন্দ্ৰ বৰ্ষপঞ্জীৰ প্ৰথম মাহৰ চতুৰ্দশ আৰু পঞ্চদশ দিনত অনুষ্ঠিত হয়। এই দিন সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ফেব্ৰুৱাৰী বা মাৰ্চ মাহত পৰে।