অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

খাৰ্‌চী

খাৰ্‌চী হৈছে ত্ৰিপুৰাত ৰ্পালন কৰা এক উৎসৱ। অতীজতে ৰাজপৰিয়াল সসূহে চৈধ্যজন দেৱতাক স্মৰণ কৰি অনুষ্ঠিত কৰা এই খাৰচী উৎসৱ বৰ্তমান ত্ৰিপুৰাত বসবাস কৰা সকলো সম্প্ৰদায়ৰ লোকে পালন কৰে।

হালনাগাদ: ২১ এপ্ৰিল ২০২৩ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

খাৰ্‌চী হৈছে ত্ৰিপুৰাত ৰ্পালন কৰা এক উৎসৱ। অতীজতে ৰাজপৰিয়াল সসূহে চৈধ্যজন দেৱতাক স্মৰণ কৰি অনুষ্ঠিত কৰা এই খাৰচী উৎসৱ বৰ্তমান ত্ৰিপুৰাত বসবাস কৰা সকলো সম্প্ৰদায়ৰ লোকে পালন কৰে। চৈধ্যজন আৰাধ্য দেৱতাৰ ইতিহাস অনুসৰি কাছাৰ ৰাজ্যৰ ৰজা ত্ৰিলোচনে মৃত্যুৰ আগমুহূৰ্তত বৰপুত্ৰ দ্ৰিকপতিক উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰে। অন্যহাতেদি ত্ৰিলোচনা সৰু পুত্ৰ দক্ষিণত ৰাজকুমাৰ হিচাপে ঘোষণা কৰি যায়। ত্ৰিলোচনৰ মৃত্যুৰ পাছত দক্ষিণে ৰাজসিংহাসনত আৰোহণ কৰে। এই বাতৰিত দ্ৰিক্‌পতি ক্ষুদ্ধ হৈ ভায়েকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত দ্ৰিক্‌পতি জয় হয় আৰু কথিত আছে যুদ্ধখনৰ অন্তত দক্ষিণে চৈধ্যজন সেনাৰ মূৰ কাটি লৈ যায়। তেতিয়াৰ পৰাই দ্ৰিক্‌পতিৰ উত্তৰাধিকাৰীসকলে এই চৈধ্যজন বীৰ যোদ্ধাক স্মৰণ কৰি খাৰ্‌চী পূজাৰ আয়োজন কৰে। অৱশ্যে এই কাহিনীৰ সত্যাসত্যৰ ওপৰত আজিও ইতিহাসবিদসকলৰ মাজত বিতৰ্ক হয়। যি কি নহওক এই চৈধ্যটা শিৰ চৈধ্যজন দেৱতাৰ অৱতাৰ হিচাপে এটা জনবিশ্বাস প্ৰচলিত হৈ আহিছে আৰু ইয়াৰ পৰাই "খাৰ্‌চী" শব্দটোৰ উৎপত্তি হৈছে যাৰ অৰ্থ হ'ল 'খাৰ্‌' অৰ্থাৎ পলায়ন কৰা আৰু চী হ'ল 'জ্ঞাত হোৱা'। এই শব্দটো সম্পূৰ্ণ অৰ্থত যুদ্ধ ক্ষেত্ৰৰ পৰা পলায়ন কৰা কাৰ্যক বুজোৱা হয়। আহাৰ মাহৰ শুক্লপক্ষৰ অষ্টম দিনটোত চৈধ্যজন দেৱতাৰ পূজা আৰম্ভ হয় আৰু ই সাতদিনলৈকে চলি থাকে। দেৱতাসকলৰ প্ৰতিমূৰ্তি হিচাপে বাঁহেৰে কিছুমান মূৰ্তি বনোৱা হয়। উৎসৱটো 'চান্থাই' অৰ্থাৎ প্ৰধান পুৰোহিতে সম্পাদনা কৰে। ইয়াৰ উপৰি নাৰাণ, বেৰিফাং, য়াকচুক্‌, গালিম নামৰ চাৰিজন ধৰ্মীয় পদবী লোকে চান্থাইজনক সহায় সহযোগ আগবঢ়ায়।১

তথ্যসূত্ৰ

  1. ↑ শৰাইঘাট ইয়াৰবুক ২০১৯. শৰাইঘাট প্ৰকাশন. পৃ. ৪২৫. ISBN 978-93-84211-23-3

সম্পৰ্কিত শ্ৰেণী

ত্ৰিপুৰী সংস্কৃতিভাৰতৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাৰ্‌চী” প্ৰবন্ধৰ সংশোধন ৩৫৫০৫০ (২১ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।