ভাৰতৰ উৎসৱসমূহ
৯৫ প্ৰবন্ধ
-
লোচাৰ
লোচাৰ (Losar) তিব্বতীয় বৌদ্ধ ধৰ্মৰ এক উৎসৱ। এই উৎসৱ তিব্বত, ভাৰত, ভূটান আৰু নেপালত পালন কৰা হয়। অঞ্চলভেদে ইয়াক বিভিন্ন দিনত পালন কৰা হয়। লোচাৰ তিব্বতীয় বৌদ্ধ ধৰ্মাৱলম্বী সকলৰ বাবে নৱবৰ্ষৰ দিন। তিব্বতীয় চন্দ্ৰসৌৰ দিনপঞ্জীৰ প্ৰথম দিনা এই উৎসৱ পালন কৰা হয়।
-
কুম্মাট্টিকলি
কুম্মাট্টিকলি (ইংৰাজী: Kummattikali) হৈছে কেৰালাৰ এক বিখ্যাত আৰু ৰঙীন মুখা-নৃত্য। এই নৃত্য প্ৰধানকৈ ত্ৰিছূৰ জিলা, পালক্কাড জিলা আৰু দক্ষিণ মালাবাৰৰ কিছু অংশত প্ৰচলিত। ওনাম উৎসৱৰ সময়ত কুম্মাট্টিকলি শিল্পীসকলে মানুহৰ ঘৰে ঘৰে গৈ সৰু সৰু উপহাৰ সংগ্ৰহ কৰে আৰু লোকসকলক মনোৰঞ্জন প্ৰদান কৰে।
-
গুৰু নানক জয়ন্তী
গুৰু নানক জয়ন্তী বা গুৰু নানক দেৱ জী গুৰুপৰব বা গুৰু নানক প্ৰকাশ উৎসৱ শিখ ধৰ্মৰ প্ৰৱৰ্তক আৰু প্ৰথম শিখ গুৰু গুৰু নানকৰ জন্মদিন। ই হৈছে শিখ ধৰ্মাৱলম্বী বা শিখী সকলৰ আটাইতকৈ পৱিত্ৰ উৎসৱ। শিখ সকলে ১০ গৰাকী শিখ গুৰুৰ তিথি পালন কৰে। এই গুৰুসকল শিখসকলৰ বিশ্বাস আৰু পৰম্পৰাক ৰূপ দিয়াৰ বাবে দায়বদ্ধ আছিল।
-
চেটি চান্দ
চেটি চান্দ (Cheti Chand) ভাৰত আৰু পাকিস্তানৰ হিন্দু সিন্ধী সকলে পালন কৰা উৎসৱ। এই উৎসৱে সিন্ধী হিন্দুসকলৰ বাবে চন্দ্ৰ হিন্দু নৱবৰ্ষৰ আৰম্ভণি চিহ্নিত কৰে। এই উৎসৱৰ তাৰিখ চন্দ্ৰসৌৰ হিন্দু কেলেণ্ডাৰৰ চন্দ্ৰমাহৰ ওপৰত আধাৰিত। চেটি চান্দ সিন্ধী সকলৰ নৱবৰ্ষৰ দিন।
-
চৰক পূজা
চৰক পূজা (Charak Puja) পশ্চিমবঙ্গ, বাংলাদেশ আৰু অসমৰ বঙালী অধ্যুষিত অঞ্চলক এক গুৰুত্বপূৰ্ণ লোকোৎসৱ। চ’ত মাহৰ শেষৰ দিনা এই পূজা অনুষ্ঠিত হয় আৰু বহাগৰ দুই তিনিদিন ব্যাপি চৰক পূজাৰ উৎসৱ চলে। ই চ’ত মাহত পালিত শিৱৰ গাজন উৎসৱৰ এক অংশবিশেষ।
-
ন্যোকুম
ন্যোকুম (Nyokum) অৰুণাচল প্ৰদেশৰ নিচি জনজাতিসকলে পালন কৰা এটা উৎসৱ। ন্যোকুম দুটা শব্দৰ সংমিশ্ৰিত ৰূপ- ন্যোক মানে ভূমি বা পৃথিৱী কুম মানে একত্ৰীকৰণ। মুখ্য দেৱী ন্যোকুমকে ধৰি বিশ্বব্ৰহ্মাণ্ডৰ সকলো দেৱদেৱীকে নিৰ্দিষ্ট এক সময়ত নিৰ্দিষ্ট এখন ঠাইলৈ যেন আমন্ত্ৰণ কৰা হৈছে, এই উৎসৱত এনেকৈ ব্যাখ্যা কৰিব…
-
পহেলা বৈশাখ
পহেলা বৈশাখ (Pohela Boishakh) বা পয়লা বৈশাখ হৈছে বিশ্বজুৰি বাঙালী জনসাধাৰণে পালন কৰা বাংলা নৱবৰ্ষ। এই উৎসৱ বাংলাদেশত ১৪ এপ্ৰিল আৰু ভাৰতৰ পশ্চিমবংগ, ত্ৰিপুৰা, ঝাৰখণ্ড আৰু অসম (গোৱালপাৰা আৰু বৰাক উপত্যকা) ৰাজ্যত ১৫ এপ্ৰিলত বন্ধৰ দিন হিচাপে পালন কৰা হয়।
-
মাঘী
মাঘী (Maghi) ভাৰতৰ পঞ্জাব, হাৰিয়ানা আৰু হিমাচল প্ৰদেশত উদযাপন কৰা মকৰ সংক্ৰান্তি হিন্দু উৎসৱৰ আঞ্চলিক নাম। হিমাচলত এই উৎসৱক 'মাঘী সাজি' বা 'মাঘ ৰা সাজা' বুলিও কোৱা হয়। হিন্দু দিনপঞ্জী অনুসৰি মাঘৰ প্ৰথম দিনা মাঘী উদযাপন কৰা হয়। ই জনপ্ৰিয় শীতকালীন লোক উৎসৱ লহৰীক অনুসৰণ কৰে।
-
মোপিন উত্সৱ
মোপিন বা মপিন হৈছে অৰুণাচল প্ৰদেশত গালো জনজাতিসকলে অনুষ্ঠিত কৰা কৃষিসম্বন্ধীয় এটা উত্সৱ। গালো লোকসকল হৈছে পূৱ চিয়াং আৰু পশ্চিম চিয়াংত বসবাস কৰা এটা জনজাতি।এই উত্সৱটো গালো মাহৰ "লুমি" আৰু "লুকি"(মাৰ্চ আৰু এপ্ৰিল)ৰ সময়ত শস্য কটাৰ সময়ত অনুষ্ঠিত কৰা হয়, যিটো গালো জনজাতিসকলৰ নতুন বছৰৰ…
-
লহৰী
লহৰী (ਲੋਹੜੀ, Lohri) শীত কালৰ এক জনপ্ৰিয় জাতীয় উৎসৱ। এই উৎসৱ মূলত পঞ্জাব ৰাজ্যৰে সংযুক্ত। এই উৎসৱ মূলত উত্তৰ ভাৰতত উদযাপন কৰা হয়। লাহৰি উৎসৱৰ ইতিহাস আৰু তাৰ কথাৰ সৈতে ডুগাৰ অঞ্চল আৰু পাঞ্জাবৰ সম্পৰ্ক আছে। বহুতে বিশ্বাস কৰে যে এই উৎসৱ শীতকালৰ অৱসান আৰু দিন দীঘলীয়া হোৱাৰ সূচনা কৰে।
-
কন্যাৰকালি
কন্যাৰকালি (Kanniyar Kali; കന്നിയാർ കളി) হ’ল কেৰালাৰ পলক্কাদ জিলাৰ, চিট্টুৰ তালুকৰ গাঁৱৰ মন্দিৰবোৰত অনুষ্ঠিত হোৱা এটা লোকনৃত্য। অনুষ্ঠানটো সাধাৰণতে গাঁৱৰ বিষু উৎসৱৰ এটা অংশ আৰু ‘ভেলা’ৰ (গ্ৰাম্যমেলা) সৈতে সংগতি ৰাখি এপ্ৰিল-মে’ মাহত অনুষ্ঠিত কৰা হয়।
-
চাংকেন
পঞ চাংকেন বা পয়চাংকেন (Sangken) হৈছে অৰুণাচল প্ৰদেশ আৰু অসমৰ ঠাইবিশেষে বসতি কৰা টাই জাতিৰ নতুন বছৰক আদৰণি জনোৱা এক বসন্ত উৎসৱ। টাই জনগোষ্ঠীৰ লোক ম্যানমাৰ, থাইলেণ্ড আদিতো বাস কৰে৷ ম্যানমাৰত বাস কৰা টাইসকলক শ্যান নামে জনা যায়৷ নতুন বছৰক আদৰা এই উৎসৱক ম্যানমাৰত ’ক্ৰুট সংক্ৰণ’, উত্তৰ থাইলেণ্ডত…
-
চাপচাৰ কুট
চাপচাৰ কুট মিজোৰামৰ মিজো জনগোষ্ঠীৰ লোকসকলৰ কৃষিভিত্তিক উৎসৱ। ঝুম খেতিৰ বাবে হাবি কাটি জুই লগাই মুকলি কৰাৰ পাছত মাৰ্চ মাহত "চাপচাৰ কুট" উৎসৱ উদযাপন কৰা হয়। এই উৎসৱৰ উপলক্ষে মিজো যুৱক যুৱতীয়ে চেৰাউ নৃত্য নাচে। ই অসমীয়া ৰঙালী বিহুৰ সমতুল্য বসন্ত উৎসৱ।
-
ছি-দঞি উৎসৱ
ছি-দঞি (Si-Donyi) হৈছে অৰুণাচল প্ৰদেশৰ টাগিন জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক উৎসৱ। ৰাজধানী ইটানগৰৰ লগতে ডাপ'ৰিজ', ডাম্প'ৰিজ', তালিহা, ছিয়াম আদি অঞ্চলত এই উৎসৱ ঘাইকৈ পালন কৰা হয়। ইয়াৰ বাহিৰেও টাগিন লোকসকলে বসবাস কৰা ঠাইসমূহত ছি-দঞি উৎসৱ উদযাপিত হয়।
-
জল্লিকট্টু
জল্লিকট্টু বা চল্লিকট্টু (Jallikattu; சல்லிகட்டு) তামিলসকলৰ প্ৰাচীন পৰম্পৰাগত ক্ৰীড়া, য’ত এটি ষাঁড় গৰুক তাৰ শিঙত ধৰি পৰাস্ত কৰিব লাগে। এই খেল তামিলনাডুৰ এক প্ৰাচীন উৎসৱ পোঙ্গল উৎসৱ উপলক্ষে আয়োজন কৰা হয়। জল্লিকট্টু শব্দটো আহিছে চল্লি (মুদ্ৰা) আৰু কট্টু (উপহাৰ)ৰ পৰা।
-
ডচমোছে
ডচমোছে (Dosmoche) ভাৰতৰ লাডাখত উদযাপন কৰা এক পাৰম্পৰিক লোক উৎসৱ। ইয়াক লেহ, লিকিৰ আৰু ডিস্কিৰ বৌদ্ধ মঠসমূহত উদযাপন কৰা হয়। এইটো নতুন বছৰ উদযাপনৰ অন্তিম উৎসৱ। লোচাৰ ইয়াৰ লগত জড়িত আন এক উৎসৱ। দুদিনীয়াকৈ অনুষ্ঠিত ডচমোছে উৎসৱ লেহ জিলা আৰু জাংস্কাৰ মহকুমাৰৰ বাবে ৰাজপত্ৰিত বন্ধৰ দিন।
-
তুলসী বিবাহ
তুলসী বিবাহ (Tulsi Vivah) হৈছে হিন্দুসকলৰ এক পৰম্পৰাগত উৎসৱ য'ত তুলসী পুলিটোক ঈশ্বৰৰ অংশ বুলি ভবা হয়। এই উৎসৱত তুলসীৰ সৈতে শালেগ্ৰাম বা বিষ্ণু বা তেওঁৰ অৱতাৰ কৃষ্ণৰ বিবাহ অনুষ্ঠিত কৰা হয়। তুলসী বিবাহে হিন্দু ধৰ্ম্মত বৰ্ষাৰ অন্ত আৰু বিবাহৰ ঋতুৰ আগমণ সূচায়।
-
দুৰ্গা অষ্টমী
দুৰ্গা অষ্টমী বা মহা অষ্টমী হৈছে পাঁচ দিন ব্যাপী চলা দুৰ্গা পূজাৰ মাজৰ এটি অন্যতম শুভ দিন। প্ৰকৃত পক্ষে দুৰ্গা পূজা দহ দিনীয়া। সেয়ে হ'লেও অনুষ্ঠানিকতা ৰক্ষা কৰি ষষ্ঠীৰ পৰা আৰম্ভ কৰি এই উৎসৱ পাঁচ দিনৰ বাবে আয়োজিত হয়। ভাৰতত এই পবিত্ৰ উৎসৱ উপলক্ষে বহু লোকে উপবাস গ্ৰহণ কৰে।
-
নবান্ন
নবান্ন হৈছে বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ, ত্ৰিপুৰা আৰু অসমৰ বৰাক উপত্যকাত পালন কৰা কৃষিভিত্তিক উৎসৱ। এই উৎসৱ সাধাৰণতে খাদ্য আৰু নৃত্য-সংগীতেৰে উদ্যাপন কৰা হয়। এই উৎসৱত পিঠাৰ দৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰা হয়। এই উৎসৱ অসমৰ ন-খোৱা আৰু ওড়িশাৰ নুৱাখাইৰ সমপৰ্যায়ৰ।
-
মিম কুট
মিম কুট (Mim Kut) মিজোৰামৰ মিজো জনগোষ্ঠীৰ লোকসকলৰ কৃষিভিত্তিক উৎসৱ। ইয়াক মুখ্যতঃ কুকি জনজাতিৰ দ্বাৰা উদযাপন কৰা হয় আৰু মাকৈ সংগ্ৰহ কৰাৰ পিছত আগষ্ট আৰু ছেপ্টেম্বৰত উৎসৱ উদযাপন কৰা হয়।
-
শিগমো
শিগমো বা শিশিৰোৎসৱ (Shigmo) গোৱাৰ হিন্দু সম্প্ৰদায়ে উদযাপন কৰা এটা প্ৰধান বসন্তোৎসৱ। এই উৎসৱ কোংকণীসকলেও উদযাপন কৰে আৰু হোলী উৎসৱৰ অংশবিশেষ। শিগমো এটা কোংকণী শব্দ। ই প্ৰাকৃত ভাষাৰ ‘সুগিমাহো’ আৰু সংস্কৃত ভাষাৰ ‘সুগ্ৰীস্মক’ শব্দৰ পৰা উদ্ভৱ হৈছে।
-
সৰহুল
সৰহুল ভাৰতৰ ঝাৰখণ্ড ৰাজ্যৰ লোকসকলে পালন কৰা বসন্ত কালৰ এক লোক উৎসৱ। এই উৎসৱ চ’ত মাহৰ শুক্ল পক্ষত ৩ তাৰিখৰ পৰা চৈত্ৰ্য পূৰ্ণিমালৈকে তিনিদিনীয়াকৈ পালন কৰা হয়।
-
অকালবোধন
অকালবোধন (अकालबोधन) হʼল শাৰদীয়া দুৰ্গাপূজাৰ প্ৰাৰম্ভিক অনুষ্ঠান। হিন্দু পঞ্জিকা অনুসৰি, আহিন মাহৰ কৃষ্ণপক্ষৰ নৱমী তিথি অথবা শুক্লপক্ষৰ ষষ্ঠী তিথিত হিন্দু দেৱী পাৰ্বতীৰ দুৰ্গা ৰূপৰ পূজা-আৰম্ভৰ প্ৰাক্কালত এই অনুষ্ঠান আয়োজিত হয়। হিন্দুধৰ্মীয় বিশ্বাস অনুসৰি, শৰৎকাল দেৱলোকৰ ৰাতি দক্ষিণায়নৰ অন্তৰ্গত।
-
অৰুণাচল প্ৰদেশৰ উৎসৱসমূহ
অৰুণাচল প্ৰদেশৰ সমাজৰ সকলো শ্ৰেণীৰ লোকে কৃষি, ধৰ্ম আৰু সংস্কৃতিৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে। এই সমূহত তেওঁলোকে নৃত্য কৰি, ভোজ-ভাত খাই আনন্দ কৰে। কৃষিৰ লগত জড়িত থকা উৎসৱ সমূহত খেতি ভাল হ’বৰ বাবে ভগৱানক প্ৰাৰ্থনা অথবা ভাল খেতি হোৱা বাবে ভগৱানক ধন্যবাদ কৃতজ্ঞতা বাবে উদযাপন কৰা হয়।
-
ঋষি পঞ্চমী
ঋষি পঞ্চমী হৈছে চান্দ্ৰ কেলেণ্ডাৰৰ পঞ্চম মাহ ভাদ্ৰপদৰ পঞ্চমটো দিনত এই উৎসৱ পালন কৰা হয়। ই গণেশ চতুৰ্থীৰ পিছৰটো দিন। এই উৎসৱৰ জৰিয়তে পৰম্পৰাগত ভাৱে সপ্ত ঋষি ক্ৰমে কাশ্যপ, অত্ৰী, ভৰদ্বাজ, বিশ্বামিত্ৰ, গৌতম মহৰ্ষি, জমদগ্নি আৰু ঋষি বশিষ্ঠ। কেৰালাৰ কোনো অংশত এইদিনটো বিশ্বকৰ্মা পূজা হিচাপে পালন কৰা হয়।
-
কৰৱা চৌথ
কৰৱা চৌথ (Karva Chauth) কাৰ্তিক মাহৰ পূৰ্ণিমাৰ পিছত চতুৰ্থ দিনা ভাৰতীয় উপমহাদেশৰ হিন্দু মহিলাসকলে উদযাপন কৰা এক উৎসৱ। বহুতো হিন্দু উৎসৱৰ দৰে, হিন্দু বৰ্ষপঞ্জিকাৰ আধাৰত কৰৱা চৌথ চন্দ্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি উদযাপন কৰা হয়। বৰ্ষপঞ্জি অনুসৰি, ই অক্টোবৰত আহে।
-
গঙ্গা পূজা
গঙ্গা পূজা (Ganga Puja) উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য ত্ৰিপুৰাত পালন কৰা এক ধৰ্মীয় উৎসৱ। ত্ৰিপুৰী জনজাতিৰ লোকসকলে নদীৰ দেৱীক পূজা কৰে আৰু মহামাৰীৰ পৰা যাতে বচাই ৰাখে তথা গৰ্ভৱতী মহিলাসকলৰ কুশল-মঙ্গলৰ বাবে প্ৰাৰ্থনা কৰে। নদী বা জানৰ মাজত বাঁহেৰে মন্দিৰ সাজি এই পূজা অনুষ্ঠিত কৰা হয়।
-
চেক্ৰেনী
চেক্ৰেনী (Sekrenyi) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ নাগালেণ্ড ৰাজ্যৰ আংগামী নগা জনগোষ্ঠীয়ে পালন কৰা পাৰম্পৰিক উৎসৱ। স্থানীয়ভাৱে ফৌচানী বুলি জনাজাত চেক্ৰেনী উৎসৱ আংগামী নগাসকলৰ এক মুখ্য বাৰ্ষিক উৎসৱ।
-
চেট্টীকুলংগৰা কুম্ভ ভৰণী
চেট্টীকুলংগৰা কুম্ভ ভৰণী হৈছে প্ৰতি বছৰে কেৰালাৰ আলাপ্পুঝা জিলাৰ চেট্টীকুলংগৰাত অৱস্থিত চেট্টীকুলংগৰা দেৱী মন্দিৰত উদ্যাপন কৰা এটা উৎসৱ। এই উৎসৱ ফেব্ৰুৱাৰী বা মাৰ্চ মাহত অনুষ্ঠিত হয় আৰু ইয়াৰ তাৰিখ মালায়ালম কেলেণ্ডাৰ অনুসৰি নিৰ্ধাৰণ কৰা হয়।
-
জীৱিতপুত্ৰিকা
জীৱিতপুত্ৰিকা (Jivitputrika, জীতিয়া বুলিও কোৱা হয়) হৈছে হিন্দুসকলৰ এটি তিনিদিনীয়া উৎসৱ। আহিন মাহৰ কৃষ্ণ পক্ষৰ সপ্তমীৰ পৰা নৱমীলৈকে এই উৎসৱটি পালন কৰা হয়। মৈথেলী, মাগধী, ভোজপুৰীভাষী অঞ্চলত এই উৎসৱটি সাধাৰণতে পালন কৰা হয়। বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ লগতে নেপালতো ইয়াক পালন কৰা দেখা যায়।