ভাৰতৰ উৎসৱসমূহ
৯৫ প্ৰবন্ধ
-
লুই ঙাই নি
লুই ঙাই নি (Lui Ngai Ni) হৈছে ভাৰতৰ মণিপুৰৰ নগা জনগোষ্ঠীসমূহৰ দ্বাৰা উদযাপন কৰা বীজ-বোৱাৰ উৎসৱ। এই উৎসৱৰ দ্বাৰা বীজ বোৱাৰ ঋতুৰ আৰম্ভণি হয় আৰু নগাসকলৰ বাবে বছৰটো আৰম্ভ হয়। এই উৎসৱটো ১৯৮৮ চনৰ পৰা মণিপুৰত ৰাজ্যিক ছুটিৰ দিন ৰূপে ঘোষণা কৰা হয়। "লুই ঙাই নি" শব্দটো তিনিটা পৃথক নগা ভাষাৰ পৰা লোৱা হৈছে।
-
শ্বিলং চেৰী ব্লছম ফেষ্টিভেল
শ্বিলং চেৰী ব্লছম ফেষ্টিভেল (Shillong Cherry Blossom Festival) মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হোৱা এক বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান। মূলতঃ নৱেম্বৰ মাহত উদ্যাপন কৰা, এই উৎসৱটো চেৰী ফুল (চেৰী ব্লছম নামেৰে পৰিচিত)ৰ ফুলাৰ কালছোৱাৰ সৈতে মিল খায়।
-
সংকষ্টী চতুৰ্থী
সংকষ্টী চতুৰ্থী (Sankashti Chaturthi) হʼল হিন্দু পঞ্জিকাৰ প্ৰতিটো চান্দ্ৰ মাহৰ এটা পৱিত্ৰ দিন। হিন্দু দেৱতা গণেশৰ প্ৰতি উৎসৰ্গিত এই অনুষ্ঠানটোক সংকটহৰ চতুৰ্থী আৰু সংকষ্টী নামেৰেও জনা যায়। এই দিনটো কৃষ্ণপক্ষৰ চতুৰ্থ দিনত পৰে।
-
হালধি কুমকুম
হালধি কুমকুম বা হালধি কুমকুম অনুষ্ঠান হৈছে ভাৰতৰ এক সামাজিক অনুষ্ঠান য'ত বিবাহিত মহিলাসকলে তেওঁলোকৰ বিবাহিত মৰ্যাদাৰ প্ৰতীক হিচাপে হালধি আৰু কুমকুম (ভাৰ্মিলিয়ন পাউডাৰ) বিনিময় কৰে আৰু তেওঁলোকৰ স্বামীসকলৰ দীৰ্ঘ জীৱন বিচাৰে।
-
ৰজপৰ্ব
ৰজ বা ৰজপৰ্ব (Raja parba) ওড়িশাৰ পৰম্পৰাগত উৎসৱ। এই উৎসৱ তিনিদিন ধৰি উদযাপন কৰা হয়। এই উৎসৱৰ দ্বিতীয় দিন অৰ্থাৎ ৰজ সংক্ৰান্তি বা মিথুন সংক্ৰান্তিৰ পৰা হিন্দু সৌৰদিনপঞ্জী অনুসৰি মিথুন ৰাশিৰ মাহ আৰম্ভ হয় আৰু তাৰ পিছত বৰ্ষা ঋতু আৰম্ভ হয়।