অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বন মহোৎসৱ

বন মহোৎসৱ (Van Mahotsav, Forest Festival) হৈছে ভাৰতত উদযাপিত হোৱা এসপ্তাহজোৰা বাৰ্ষিক উৎসৱ। এই উৎসৱত গছ ৰোপণ কৰা হয়। জুলাই মাহৰ প্ৰথম সপ্তাহত এই উৎসৱ পালন কৰা হয়। ১৯৫০ চনত এই উৎসৱটি কানায়ালাল মানেকলাল মুঞ্চীয়ে আৰম্ভ কৰিছিল। দিল্লীৰ ৰাজঘাটত এজোপা গছ ৰোপণ কৰি তেওঁ এই মহোৎসৱৰ শুভাৰম্ভ কৰিছিল।

হালনাগাদ: ৫ ডিচেম্বৰ ২০২০ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

বন মহোৎসৱ (Van Mahotsav, Forest Festival) হৈছে ভাৰতত উদযাপিত হোৱা এসপ্তাহজোৰা বাৰ্ষিক উৎসৱ। এই উৎসৱত গছ ৰোপণ কৰা হয়। জুলাই মাহৰ প্ৰথম সপ্তাহত এই উৎসৱ পালন কৰা হয়। ১৯৫০ চনত এই উৎসৱটি কানায়ালাল মানেকলাল মুঞ্চীয়ে আৰম্ভ কৰিছিল। দিল্লীৰ ৰাজঘাটত এজোপা গছ ৰোপণ কৰি তেওঁ এই মহোৎসৱৰ শুভাৰম্ভ কৰিছিল। সেইসময়ৰ কৃষি আৰু খাদ্যৰ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী আছিল। ২০২০ চনত এই উৎসৱটি ১ তাৰিখৰ পৰা ৭ তাৰিখলৈকে পালন কৰা হয়।১

উদ্দেশ্য

ভাৰতীয়সকলক বৃক্ষৰোপণৰ প্ৰতি উৎসাহিত কৰায়েই এই মহোৎসৱৰ অন্যতম লক্ষ্য। উদ্যোক্তাসকলে দেশত সেইজ-অঞ্চলৰ পৰিসৰ বৃদ্ধি কৰিবলৈ বিচাৰে। কাৰণ বৃক্ষৰ দ্বাৰা বিকল্প শক্তি পোৱা যায়। খাদ্যৰ সমল বৃদ্ধি, পশুৰ বাবে আশ্ৰয় আৰু খাদ্য যোগান, খৰাং হ্ৰাস আৰু ভূমিস্খলন ৰোধ কৰাতো বৃক্ষৰোপণৰ ভূমিকা আছে। জুলাই মাহৰ প্ৰথম সপ্তাহটো গছ ৰোপণ কৰাৰ উপযুক্ত সময়। কিয়নো ভাতৰ অধিকাংশ ঠাইতেই মৌচুমী বায়ু ব'বলৈ ধৰে।১

উদ্‌যাপন

সাধাৰণতে ঘৰ, আৱাসগৃহ, কাৰ্যালয়, বিদ্যালয় আৰু মহাবিদ্যালয়ত বৃক্ষ ৰোপণ কৰি এই উৎসৱ পালন কৰা হয়। সমান্তৰালভাৱে বিভিন্ন পৰ্যায়ত কিছুমান প্ৰচাৰকাৰ্যও চলোৱা হয়। কিছুমান সংগঠন আৰু স্বেচ্ছাসেৱকে বিনামূলীয়াকৈ বৃক্ষ বিতৰণ কৰে।১

তথ্যসূত্ৰ

  1. ↑ Van Mahotsav Day Festival for Tree Planting Held on 1st -7th July, 2020

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বন মহোৎসৱ” প্ৰবন্ধৰ সংশোধন ২৫৩০২৬ (৫ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।