অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চাপচাৰ কুট

চাপচাৰ কুট মিজোৰামৰ মিজো জনগোষ্ঠীৰ লোকসকলৰ কৃষিভিত্তিক উৎসৱ। ঝুম খেতিৰ বাবে হাবি কাটি জুই লগাই মুকলি কৰাৰ পাছত মাৰ্চ মাহত "চাপচাৰ কুট" উৎসৱ উদযাপন কৰা হয়। এই উৎসৱৰ উপলক্ষে মিজো যুৱক যুৱতীয়ে চেৰাউ নৃত্য নাচে। ই অসমীয়া ৰঙালী বিহুৰ সমতুল্য বসন্ত উৎসৱ।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৯৪ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

চাপচাৰ কুট মিজোৰামৰ মিজো জনগোষ্ঠীৰ লোকসকলৰ কৃষিভিত্তিক উৎসৱ।১ ঝুম খেতিৰ বাবে হাবি কাটি জুই লগাই মুকলি কৰাৰ পাছত মাৰ্চ মাহত "চাপচাৰ কুট" উৎসৱ উদযাপন কৰা হয়। এই উৎসৱৰ উপলক্ষে মিজো যুৱক যুৱতীয়ে চেৰাউ নৃত্য নাচে।২ ই অসমীয়া ব'হাগ বিহুৰ সমতুল্য বসন্ত উৎসৱ।

ইতিহাস

চপচাৰ কুট ১৪৫০-১৭০০ খ্ৰীষ্টাব্দত চুইপুই নামৰ এখন গাঁৱত আৰম্ভ হোৱা বুলি অনুমান কৰা হৈছে। সম্ভৱতঃ যেতিয়া চিকাৰীসকলে চিকাৰ নাপাই খালী হাতেৰে গাঁৱলৈ উভতি আহি হতাশাত ভুগিছিল, তেতিয়া গাঁৱৰ মুখিয়ালসকলে চাউলৰ মদ আৰু মাংসৰ সৈতে অপ্ৰত্যাশিত উৎসৱৰ প্ৰস্তাৱ দিছিল। তেতিয়াৰে পৰা চুইপুই গাঁৱৰ লোকসকলে প্ৰতি বছৰে এই উৎসৱ উদযাপন কৰিছিল। লাহে লাহে এই উৎসৱ আন গাঁৱলৈ বিয়পি পৰিছিল।৩ চপচাৰ কুট ১৯৬২ চনত প্ৰথমবাৰৰ বাবে আইজলত বৃহৎ পৰিসৰত উদযাপন কৰা হৈছিল। কিন্তু ই মিজোৰামত বৰ্তমান প্ৰচলিত খ্ৰীষ্টধৰ্মৰ পৰিপন্থী হিচাপে বিতৰ্কৰ সন্মুখীন হৈছিল। ১৯৭৩ চনত পুনৰাই পাৰম্পৰিক ৰীতি-নীতি আৰু চেৰাউ নৃত্যৰে চাপচাৰ কুট পালন কৰা হৈছিল।৪ আনকি ইয়াৰ সমালোচনা কৰা গীৰ্জাসমূহে ইয়াৰ সমালোচনা বন্ধ কৰিছিল। তেওঁলোকে অনুভৱ কৰিছিল যে পাৰম্পৰিক সংস্কৃতি নাইকিয়া হোৱাৰ উপক্ৰম হৈছে।৫ বৰ্তমান চাপচাৰ কুট প্ৰতি বছৰে মাৰ্চ মাহত উলহ-মালহেৰে অনুষ্ঠিত কৰা হয়। মানুহৰ মাজত বন্ধুত্বভাৱ জাগৰিত কৰিবলৈ তেওঁলোকে নৃত্য-গীত গাই, ভোজৰ আয়োজন কৰি তেওঁলোকৰ প্ৰিয় উৎসৱ উদযাপন কৰে।৬

চাপচাৰ কুট হৈছে বাৰ্ষিক কৃষিচক্ৰৰ তিনিটা বিভিন্ন পৰ্যায় চিহ্নিত কৰিবলৈ উদযাপন কৰা মিজোসকলৰ তিনিটা বাৰ্ষিক উৎসৱৰ এটা। আন দুটা হৈছে মিম কুট আৰু পাৱল কুট। এই তিনি উৎসৱ যোৱা শতিকাত পুনৰুজ্জীৱিত কৰা হৈছিল।

উদযাপন

ত উদযাপিত চাপচাৰ কুট উৎসৱত চেৰাউ নৃত্য]]

জনশ্ৰুতি মতে চাপচাৰ কুট ম্যানমাৰ-মিজোৰাম সীমান্তৰ চেইপুই গাৱঁত উদযাপন কৰা হৈছিল। এই অঞ্চলত মিজো আৰু তেওঁলোকৰ সম্বন্ধীয় জনজাতীয় লোকসকল বাস কৰে। বছৰৰ আৰম্ভণিতে ঝুম খেতিৰ বাবে পাহাৰৰ ঢালত বন পৰিষ্কাৰৰ সময়ত তেওঁলোক ক্ষতিৰ পৰা ৰক্ষা কৰাৰ বাবে দেৱতাসকলক ধন্যবাদ জনাবলৈ চপচাৰ কুট উদযাপন কৰা হৈছিল। প্ৰথমে এই উৎসৱত যথেষ্ট সুৰাপান আৰু ভোজৰ সৈতে পালন কৰা হৈছিল। উৎসৱৰ প্ৰথম নিশা যুৱতী আৰু মহিলাসকলে গোটেই নিশা নাচে। মহিলাসকলে ভাকিৰীয়া পিন্ধি পোছাক পিন্ধি নৃত্যত যোগদান কৰে। এই উৎসৱ চাই নৃত্যৰ উৎস।৭

বৰ্তমান সময়ত ফেব্ৰুৱাৰীৰ শেষৰ ফালে বা মাৰ্চৰ আৰম্ভণিভাগত এই উৎসৱ পালন কৰা হয়। এই সময়ত ঝুমৰ বাবে হাবি জংঘল কাটি গছ আৰু বাঁহবোৰ শুকাবলৈ দিয়া হয় আৰু স্থানান্তৰিত খেতিয়কসকলৰ আনন্দ উপভোগ কৰাৰ বাবে যথেষ্ট সময় থাকে।৮

চাপচাৰ কুটৰ সময়ত কৰা মুখ্য কাৰ্যকলাপবোৰ হৈছে:

  • চাৱনঘানাৱাহ - সিজোৱা কণী পৰস্পৰিকৰ মুখত ভৰোৱা প্ৰাক খ্ৰীষ্টান প্ৰথা৯
  • নৃত্য - চেৰাউ নৃত্য ইয়াৰ মুখ্য নৃত্য যদিও এই মহোৎসৱত পৰিৱেশন কৰা অন্যান্য নৃত্য হৈছে খুলম, চেইহলাম, চাই আৰু চাৰ্লামকাই১০
  • কলা, শিল্প আৰু ফটো প্ৰদৰ্শনী১১
  • চাপচাৰ কুট দৌৰ১২
  • মিজো পাৰম্পৰিক ক্ৰীড়া আৰু সাজ-সজ্জা১৩
  • কৰ্মস্থানত পাৰম্পৰিক পোছাক পিন্ধা১৪
  • পাৰম্পৰিক জাতীয় খাদ্যৰ বিপনি১৫

তথ্যসূত্ৰ

  1. ↑ Barthakur, Dilip Ranjan. (2003). The Music And Musical Instruments Of North Eastern India. Mittal Publications. পৃ. 55. ISBN 978-81-7099-881-5
  2. ↑ www.onlytravelguide.com/mizoram/arts-crafts/cher
  3. ↑ THE ORIGIN OF THE CHAPCHAR KUT. mizoram.nic.in
  4. ↑ Thanzawna. Origin of Chapchar Kut. Mizoram.nic.in
  5. ↑ Pachuau, Joy. (2015). The Camera as Witness. Cambridge. পৃ. 275–276. ISBN 9781107073395
  6. ↑ Chapchar Kut: The Festival of Bonhomie. thenortheasttoday
  7. ↑ LALTHANGLIANA, B. Culture and folklore of Mizoram
  8. ↑ Hindustan Times. Egged on: Mizoram festival revives pre-Christian custom. Hindustan Times
  9. ↑ Call to promote Mizo moral code and tradition. nenow
  10. ↑ Mizoram celebrates its biggest festival ‘Chapchar Kut’. eastmojo
  11. ↑ Mizoram: Chapchar Kut celebration underway. morungexpress
  12. ↑ Mizoram all set to celebrate Chapchar Kut on Feb 28 & March 1. eastmojo
  13. ↑ Mizoram all set for Chapchar Kut festival. Telegraph India
  14. ↑ Mizoram to celebrate Chapchar Kut on March 6. nenow
  15. ↑ Chapchar Kut' festival celebrated with cultural fervour across Mizoram. Business standard

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ উৎসৱসমূহমিজোৰাম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাপচাৰ কুট” প্ৰবন্ধৰ সংশোধন ৬৩২৫৭৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।