অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চেক্ৰেনী

চেক্ৰেনী (Sekrenyi) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ নাগালেণ্ড ৰাজ্যৰ আংগামী নগা জনগোষ্ঠীয়ে পালন কৰা পাৰম্পৰিক উৎসৱ। স্থানীয়ভাৱে ফৌচানী বুলি জনাজাত চেক্ৰেনী উৎসৱ আংগামী নগাসকলৰ এক মুখ্য বাৰ্ষিক উৎসৱ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৮৩ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

চেক্ৰেনী (Sekrenyi) ভাৰতৰ উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ আংগামী নগা জনগোষ্ঠীয়ে পালন কৰা পাৰম্পৰিক উৎসৱ। স্থানীয়ভাৱে ফৌচানী বুলি জনাজাত চেক্ৰেনী উৎসৱ আংগামী নগাসকলৰ এক মুখ্য বাৰ্ষিক উৎসৱ। আন বহুতো সংগঠন আৰু ৰাজ্য চৰকাৰৰ সৈতে সংযোজন কৰি আংগামী ৰাজহুৱা সংগঠনৰ অধীনত আংগামী দিনপঞ্জীৰ "কেজেই" (সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জিত ২৫ ফেব্ৰুৱাৰীৰ সৈতে সংশ্লিষ্ট) মাহৰ ২৫তম দিনৰ পৰা দহ দিনৰ বাবে ইয়াক পালন কৰা হয়। এয়া অতীতৰ সকলো পাপ কৰ্মৰ পৰা পৰিত্ৰাণ পাবলৈ অনুষ্ঠিত হোৱা এক "শুদ্ধিকৰণ উৎসৱ।" ১২ উৎসৱৰ উদ্দেশ্য হৈছে সামগ্ৰিকভাৱে গোটেই গাঁওখনৰ "শৰীৰ আৰু আত্মা" পৰিষ্কাৰ কৰি নৱীকৰণ আৰু "পবিত্ৰ" কৰা আৰু নাগালেণ্ডৰ সকলো সম্প্ৰদায়ৰ মাজত একতা স্থাপন কৰা। ই যুৱ লোকসকলক প্ৰাপ্তবয়স্কলৈ ৰূপান্তৰ আৰম্ভ হোৱা চিহ্নিত কৰে আৰু ইয়াক "আংগামীৰ পৰিচয় প্ৰতীক" বুলি গণ্য কৰা হয়।৩৪ খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰিত হোৱা জনজাতীয় লোকসকলে ক্ৰমান্বয়ে এই ৰীতি-নীতিবোৰ অস্বীকাৰ কৰিছে।

বৰ্ণনা

চেক্ৰেনী শব্দটো 'চেক্ৰে' অৰ্থাৎ "পৱিত্ৰকৰণ" আৰু 'থেনী' অৰ্থাৎ "উৎসৱ"ৰ দ্বাৰা গঠিত। এই উৎসৱ কৃষি চক্ৰৰ সৈতে সম্পৰ্কিত আৰু অতীতত ঠাই ভেদে বিভিন্ন গাঁৱত বেলেগ বেলেগ দিনত উদযাপন কৰা হৈছিল। সাধাৰণতে ইয়াৰ উদযাপন ডিচেম্বৰ-মাৰ্চ মাহৰ ভিতৰত অনুষ্ঠিত হয় আৰু দহৰ পৰা পোন্ধৰ দিন ধৰি চলে।৩

বৰ্তমান গ্ৰেগৰিয়ান বৰ্ষপঞ্জি অনুসৰি উৎসৱটো সাধাৰণতে ২৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হয়।২ ইয়াক ক্ৰুণা আংগামী আৰু খ্ৰীষ্টান আংগামী দুয়োৰে দ্বাৰা উদযাপন কৰা হয়। খ্ৰীষ্টান ধৰ্মালম্বী গাঁওবাসীসকলৰ বাবে উৎসৱৰ সময়কাল পাঁচ দিনলৈ হ্ৰাস কৰা হৈছে। যিসকলে আগতে খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল কিন্তু একে জনজাতিৰ আছিল; তেওঁলোকে এই উৎসৱত অংশগ্ৰহণ কৰে কিন্তু তেওঁলোকে ইয়াৰ সৈতে সম্পৰ্কিত কোনো ৰীতি-নীতি অনুসৰণ নকৰে।৩

ৰীতি-নীতি

চেক্ৰেনী উৎসৱত পৰম্পৰাগত পোছাকত আংগামী নগা পুৰুষ
চেক্ৰেনী উৎসৱত পৰম্পৰাগত পোছাকত আংগামী নগা পুৰুষছবি: Yves Picq · CC BY-SA 3.0

চেক্ৰেনী উৎসৱৰ সৈতে বহুতো অনুষ্ঠান আৰু ৰীতি-নীতি জড়িত। উৎসৱৰ প্ৰথম দিনক "কেজি" বুলি কোৱা হয়। কেজিৰ দিনা মানুহে "জুমহো" নামৰ পাত্ৰৰ পৰা লোৱা কেইটোপালমান চাউলৰ পানীৰে নিজকে ছটিয়াই লয়। পানীৰ টোপালবোৰ প্ৰথমে পাতত একত্ৰিত কৰা হয় আৰু ঘৰৰ মুখ্য মহিলাগৰাকীয়ে সন্মানীয়ভাৱে ঘৰৰ তিনিটা মুখ্য কোণৰ স্তম্ভত পাতবোৰ গুজি দিয়ে। ইয়াৰ পিছত মানুহবোৰে গা ধুবলৈ কুঁৱাত একত্ৰিত হয়।২

দ্বিতীয় দিনা গাঁওখনৰ যুৱকসকলে গাওঁখনত ৰীতিগত পাৰম্পৰিক শুদ্ধিকৰণ কৰিবলৈ একত্ৰিত হয়। তেওঁলোকে নিজকে দুখন নতুন চাদৰেৰে সজ্জিত কৰে আৰু তাৰ পিছত ৰীতি-নীতিগতভাৱে তেওঁলোকৰ সকলো পাপ আৰু দুৰ্ভাগ্য ধুই যোৱাৰ চিহ্ন হিচাপে তেওঁলোকৰ বুকুৰ, আঁঠু আৰু সোঁ বাহুত পৱিত্ৰ পানী ছটিয়াই দিয়ে। তেওঁলোকে কুঁৱাৰ পৰা উভতি আহি দেৱতাৰ সন্তুষ্টিৰ বাবে এটা কুকুৰাৰ বলি দিয়ে।২

উৎসৱৰ চতুৰ্থ দিনা আংগামীসকলৰ নৱবৰ্ষৰ দিন চিহ্নিত কৰে।৩ ই তিনি দিন ধৰি চলি থকা নৃত্য-গীত আৰু ভোজ কৰি আনন্দৰ সৈতে আৰম্ভ হয়। অবিবাহিত যুৱক যুৱতীয়ে নিজৰ মূৰ খুৰাই লয় আৰু তেওঁলোকে গোটেই দিনটো পৰম্পৰাগত গীত গায়। এই উৎসৱৰ গীতবোৰ অতীতৰ বীৰত্ব আৰু সাহসিকতাৰ সৈতে সম্পৰ্কিত।২৫ সংগীত আৰু নৃত্যৰ আনন্দৰ বাবে সম্প্ৰদায়ৰ পুৰুষ আৰু মহিলাসকলে পৰম্পৰাগত পোছাক পিন্ধে। পুৰুষে মূৰত চিকাৰৰ সঁজুলি বহন লয় আৰু মহিলাসকলে বাস্কেট বহন কৰে।৪

সপ্তম দিনটো জনজাতিৰ যুৱকসকলৰ দ্বাৰা চিকাৰৰ বাবে নিয়োজিত। অষ্টম দিনা অনুষ্ঠানটোত প্ৰৱেশদ্বাৰ উঠাই লোৱা নিয়ম অন্তৰ্ভুক্ত থাকে। এই নিয়ম মতে সম্পত্তিৰ সীমানিৰ্ধাৰণ কৰা পুৰণি প্ৰৱেশদ্বাৰ এখন সলনি কৰা হয়। ইয়াৰ পিছত পৰৱৰ্তী দুই দিনত গাঁৱৰ লোকসকলে আনুষ্ঠানিকভাৱে গাঁৱৰ জনসাধাৰণে সাক্ষাৎ বিনিময় কৰে আৰু ইজনে সিজনক শুভেচ্ছা জনায়। দহ দিনৰ উৎসৱৰ সময়ত খেতি পথাৰৰ কাম স্থগিত কৰা হয় আৰু স্থানীয় ভাষাত এই কাৰ্যক 'পেনিউ' বুলি কোৱা হয়।২ উৎসৱ হোৱাৰ পিছত গাঁৱৰ পুৰুষসকলে নিজকে পৰিষ্কাৰ আৰু পৱিত্ৰ কৰে আৰু আশীৰ্বাদ লাভ কৰে। ইয়াৰ পিছত তেওঁলোকে খেতি-বাতি, ঘৰ নিৰ্মাণ আৰু বিবাহ আদি কাৰ্য আৰম্ভ কৰে।৩

তথ্যসূত্ৰ

  1. ↑ (24 February 2016). Nagas to celebrate Sekrenyi. Telegraph India
  2. ↑ The Major Festival: Sekrenyi.. National Informatics Center
  3. ↑ Joshi, Vibha. (15 September 2012). A Matter of Belief: Christian Conversion and Healing in North-East India. Berghahn Books. পৃ. 12, 106–107. ISBN 978-0-85745-673-1
  4. ↑ (16 March 2016). Nagaland's Angami Tribe celebrates Sekrenyi Festival Nagaland's Angami Tribe celebrates Sekrenyi Festival. ANI News
  5. ↑ Kiranshankar Maitra. (15 September 2011). Nagaland: The Land of Sunshine. Anjali Publishers. পৃ. 78–. ISBN 978-81-89620-92-9

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ উৎসৱসমূহনাগালেণ্ড

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেক্ৰেনী” প্ৰবন্ধৰ সংশোধন ৩৮০৮৬৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।