অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ডচমোছে

ডচমোছে (Dosmoche) ভাৰতৰ লাডাখত উদযাপন কৰা এক পাৰম্পৰিক লোক উৎসৱ। ইয়াক লেহ, লিকিৰ আৰু ডিস্কিৰ বৌদ্ধ মঠসমূহত উদযাপন কৰা হয়। এইটো নতুন বছৰ উদযাপনৰ অন্তিম উৎসৱ। লোচাৰ ইয়াৰ লগত জড়িত আন এক উৎসৱ। দুদিনীয়াকৈ অনুষ্ঠিত ডচমোছে উৎসৱ লেহ জিলা আৰু জাংস্কাৰ মহকুমাৰৰ বাবে ৰাজপত্ৰিত বন্ধৰ দিন।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৪ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ডচমোছে (Dosmoche) ভাৰতৰ লাডাখত উদযাপন কৰা এক পাৰম্পৰিক লোক উৎসৱ। ইয়াক লেহ, লিকিৰ আৰু ডিস্কিৰ বৌদ্ধ মঠসমূহত উদযাপন কৰা হয়।১ এইটো নতুন বছৰ উদযাপনৰ অন্তিম উৎসৱ। লোচাৰ ইয়াৰ লগত জড়িত আন এক উৎসৱ।২৩ দুদিনীয়াকৈ অনুষ্ঠিত ডচমোছে উৎসৱ লেহ জিলা আৰু জাংস্কাৰ মহকুমাৰৰ বাবে ৰাজপত্ৰিত বন্ধৰ দিন।২ ডচমোছেক "বলিৰ ছাগলীৰ উৎসৱ" বুলিও কোৱা হয়। ই লাডাখৰ আটাইতকৈ জনপ্ৰিয় প্ৰাৰ্থনা উৎসৱৰ ভিতৰত অন্যতম।১

ইতিহাস

ডচমোছে উৎসৱ লাডাখৰ শাসকসকলে আৰম্ভ কৰিছিল।৪ এই উৎসৱটো ৰজা লাচেন গংডপ/ লহা-চেন-ডনোছ-গ্ৰুবৰ (১২৯৫-১৩২০) শাসনকালত আৰম্ভ কৰা হৈছিল।৫৪ তেওঁ যুদ্ধত বিনাশকাৰী শক্তিক প্ৰতিহত কৰিবলৈ নুংটি (হিমাচল প্ৰদেশৰ কুল্লু) পৰা আক্ৰমণকাৰীসকলৰ সৈতে দুখন যুদ্ধ কৰিছিল।৪ পৱিত্ৰ মুখ পৰিহিত চাম নৃত্য এই অনুষ্ঠানত কৰা হৈছিল। লেহ পেলেচৰ প্ৰৱেশদ্বাৰৰ তলত অৱস্থিত ৰাজকীয় দৰবাৰত এই নৃত্য অনুষ্ঠিত কৰা হৈছিল।৬ লামাসকলক এই উৎসৱৰ বাবে ঘূৰ্ণনৰ আধাৰত লাডাখৰ ওপৰেৰে বিভিন্ন মঠৰ পৰা আমন্ত্ৰণ কৰা হয়।

উদযাপন

পাৰম্পৰিক তালসমূহ পৰ্যায়ক্ৰমিক শব্দৰ সৈতে গয়লিঙৰ উচ্চ শব্দ আৰু ঢোলৰ তালবদ্ধ স্পন্দনেৰে পাহাৰৰ ঢালৰ পৰা প্ৰতিধ্বনিত হয়।৭ বৌদ্ধ ভিক্ষুসকলক বহুৰঙী পোছাক আৰু বিভিন্ন মুখাত আকৰ্ষণীয় ৰূপত দেখা যায়। তেওঁলোকে বুদ্ধকে ধৰি বিভিন্ন দেৱতাৰ ৰূপক প্ৰতিনিধিত্ব কৰে।৪ তেওঁলোকে অশুভক আঁতৰাই আনিবলৈ আৰু সৰ্বজনীন শান্তি আৰু সুখক আদৰণি জনাবলৈ তালৰ বৃদ্ধিৰ সৈতে স্পন্দনত নৃত্য কৰে।৪ মুখাযুক্ত চাম নৃত্য মহায়ান বৌদ্ধ ধৰ্মৰ তান্ত্ৰিক পৰম্পৰাৰ এক অত্যাৱশ্যকীয় অংশ।৭

মোতী-বজাৰৰ পৰা লেহ বজাৰৰ আনটো মুৰলৈ এক কিলোমিটাৰ প্ৰসাৰত দুদিনীয়া উৎসৱত হাজাৰ হাজাৰ দোকানৰ সৈতে মেলা বহে।৭ ৰঙীন পোছাক পিন্ধি থকা হাজাৰ হাজাৰ লোকে লেহ বজাৰত একেলগ হয়।৮ তাম্বোলা আৰু লটাৰী দৰে খেল আৰু বজাৰ কৰিবলৈ তেওঁলোক মেলালৈ যায়।৪

চাম নৃত্য

ডচমোছে উৎসৱৰ লগত জড়িত চাম নৃত্য তিব্বতীয় বৌদ্ধ ধৰ্ম আৰু বৌদ্ধ উৎসৱৰ লগত জড়িত পৰম্পৰাগত লোকনৃত্য। তিব্বতীয় কিছুমান সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত জীৱন্ত মুখাযুক্ত আৰু পোছাক পৰিহিত চাম নৃত্য চীন, ভাৰত আৰু ভূটানত প্ৰচলিত। নৃত্যৰ সৈতে পৰম্পৰাগত তিব্বতীয় বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি সন্ন্যাসীসকলে লোক সংগীত গায়। নৃত্যবোৰে প্ৰায়ে প্ৰেৰিত কৰুণা বা সহানুভূতি সম্পৰ্কীয় নৈতিক নিৰ্দেশনা প্ৰদান কৰে আৰু ইয়াক অনুভৱ কৰা সকলোৰে বাবে যোগ্যতা আনিবলৈ অনুষ্ঠিত কৰা হয়।

তাৰিখ

লাডাখত তিব্বতীয় চন্দ্ৰ বৰ্ষপঞ্জি অনুসৰণ কৰা হয়। সেয়ে ডচমোছে উৎসৱ তিব্বতীয় বৰ্ষপঞ্জিৰ দ্বাদশ মাহৰ ২৮ আৰু ২৯ তাৰিখে পালন কৰা হয়। প্ৰতি বছৰে উৎসৱটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জিৰ এটা পৃথক তাৰিখত পৰে যদিও সাধাৰণতে ফেব্ৰুৱাৰী মাহত এই উৎসৱ অনুষ্ঠিত হয়।৯

বছৰতাৰিখ
২০১৪২৭–২৮ ফেব্ৰুৱাৰী
২০১৫১৭–১৮ ফেব্ৰুৱাৰী
২০১৬৬–৭ ফেব্ৰুৱাৰী
২০১৭২৪–২৫ ফেব্ৰুৱাৰী
২০১৮১৩–১৪ ফেব্ৰুৱাৰী
২০১৯২–৩ ফেব্ৰুৱাৰী
২০২০২১–২২ ফেব্ৰুৱাৰী

তথ্যসূত্ৰ

  1. ↑ Leh, Likir Dosmoche begins
  2. ↑ Sutinder Singh. (15 September 2017). Tourist Places in Jammu and Kashmir. Educreation Publishing. পৃ. 50–
  3. ↑ Dosmoche Festival
  4. ↑ Ladakh celebrates winter festival of 'Dosmoche'
  5. ↑ Antiquities of Indian Tibet. Asian Educational Services. পৃ. 98–. ISBN 978-81-206-0769-9
  6. ↑ Likir Festival in Likir Gompa. india.com
  7. ↑ ’Leh, Likir Dosmoche begins’
  8. ↑ Usha Sharma. (1 January 2008). Festivals In Indian Society (2 Vols. Set). Mittal Publications. পৃ. 107–. ISBN 978-81-8324-113-7
  9. ↑ Calendar of Monastic festival. Leh official website

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডচমোছে” প্ৰবন্ধৰ সংশোধন ৪৩২২৫৫ (১৭ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।