নবান্ন হৈছে বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবংগ, ত্ৰিপুৰা আৰু অসমৰ বৰাক উপত্যকাত পালন কৰা কৃষিভিত্তিক উৎসৱ। এই উৎসৱ সাধাৰণতে খাদ্য আৰু নৃত্য-সংগীতেৰে উদ্যাপন কৰা হয়। এই উৎসৱত পিঠাৰ দৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰা হয়। এই উৎসৱ অসমৰ ন-খোৱা উৎসৱ আৰু ওড়িশাৰ নুৱাখাইৰ সমপৰ্যায়ৰ।
উদ্যাপন
এই উৎসৱত মেলা অনুষ্ঠিত হয়, যাক নবান্ন মেলা বুলি কোৱা হয়। হিন্দু আৰু মুছলমান দুয়োটা প্ৰধান ধৰ্মীয় গোটৰ গাঁওবাসী আৰু স্থানীয় লোকে সমানে অংশগ্ৰহণেৰে এই উৎসৱত যোগদান কৰে। এই উৎসৱৰ লগত জড়িত সমাবেশত কবি, সংগীতজ্ঞ, বাউল আৰু চিত্ৰকৰক আমন্ত্ৰণ জনোৱা হয়।
সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱ
উৎসৱটোৰ সৈতে জড়িত ৰীতিনীতিবোৰৰ পৰা বহুকেইটা নৃত্য আৰু সংগীতৰ ধৰণ গঢ় লৈ উঠিছে। উদাহৰণস্বৰূপে চৌ, বিহু আদি। লগতে, "নবান্ন" নামটো বিভিন্ন গাঁৱলীয়া কল্যাণ প্ৰকল্প আৰু ভঁড়ালৰ লগত জড়িত।১২ ইয়াক আই.পি.টি.এ. আন্দোলন আৰু বাংলা নাট্যশিল্পৰ লগতো সংযোগ কৰা হয়।
১৯৪০ চনৰ দশকত IPTA-ৰ পথ-প্ৰদৰ্শক নাটক নবান্নই মঞ্চত বাওঁপন্থী ৰাজনৈতিক দৃষ্টিভঙ্গীক প্ৰেৰণা যোগাইছিল,৩ য'ত উৎপল দত্ত (অভিনেতা)ৰ দৰে নাট্যজগতৰ ব্যক্তিত্বসকল জিলিকি উঠিছিল।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নবান্ন” প্ৰবন্ধৰ সংশোধন ৫৪৯২২৬ (৯ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।