অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ছি-দঞি উৎসৱ

ছি-দঞি (Si-Donyi) হৈছে অৰুণাচল প্ৰদেশৰ টাগিন জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক উৎসৱ। ৰাজধানী ইটানগৰৰ লগতে ডাপ'ৰিজ', ডাম্প'ৰিজ', তালিহা, ছিয়াম আদি অঞ্চলত এই উৎসৱ ঘাইকৈ পালন কৰা হয়। ইয়াৰ বাহিৰেও টাগিন লোকসকলে বসবাস কৰা ঠাইসমূহত ছি-দঞি উৎসৱ উদযাপিত হয়।

হালনাগাদ: ২৫ ফেব্ৰুৱাৰী ২০২৪ ২৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ছি-দঞি (Si-Donyi) হৈছে অৰুণাচল প্ৰদেশৰ টাগিন জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক উৎসৱ। ৰাজধানী ইটানগৰৰ লগতে ডাপ'ৰিজ', ডাম্প'ৰিজ', তালিহা, ছিয়াম আদি অঞ্চলত এই উৎসৱ ঘাইকৈ পালন কৰা হয়। ইয়াৰ বাহিৰেও টাগিন লোকসকলে বসবাস কৰা ঠাইসমূহত ছি-দঞি উৎসৱ উদযাপিত হয়। ১৯৭৫ চনত এই উৎসৱটোৰ বিষয়ে প্ৰাথমিক ধাৰণা আগবঢ়োৱা ব্যক্তিগৰাকী হৈছে লে. তাটৰ উলি। লে. তাদাক দুলম আৰু প'পাক বাঘেও এই বিষয়ত ভূমিকা লয়। সেই বছৰৰেপৰা ছি-দঞি উৎসৱ প্ৰতি বছৰে পালিত হৈ আহিছে।

উৎসৱৰ কাল

এই উৎসৱ প্ৰতি বছৰে ৪-৬ জানুৱাৰীত পালন কৰা হয়। ছি-দঞি উৎসৱত ছি অৰ্থাৎ পৃথিৱী (পুৰুষ) আৰু দঞি অৰ্থাৎ সূৰ্যৰ (নাৰী) দৈৱৰূপক অৰ্চনা-অঞ্জলি আগবঢ়োৱা হয়।১

আচাৰ-অনুষ্ঠান

ছি-দঞি উৎসৱত নিবু অৰ্থাৎ স্থানীয় পুৰোহিতে ছি আৰু দঞিক উদ্দেশ্যি প্ৰাৰ্থনা (উই) কৰে। এই প্ৰাৰ্থনাৰ মূল উদ্দেশ্য হৈছে সমাজৰ মঙ্গল তথা প্ৰাচুৰ্য, ধ্বংসকাৰী অশুভ শক্তিসমূহৰ বিতাৰণ আৰু উন্নতমানৰ শস্য আৰু সুস্বাস্থ্যৰ অনুমতি কামনা।

আচাৰ-অনুষ্ঠান

ছি-দঞি উৎসৱত নিবু অৰ্থাৎ স্থানীয় পুৰোহিতে ছি আৰু দঞিক উদ্দেশ্যি প্ৰাৰ্থনা (উই) কৰে। এই প্ৰাৰ্থনাৰ মূল উদ্দেশ্য হৈছে সমাজৰ মঙ্গল তথা প্ৰাচুৰ্য, ধ্বংসকাৰী অশুভ শক্তিসমূহৰ বিতাৰণ আৰু উন্নতমানৰ শস্য আৰু সুস্বাস্থ্যৰ অনুমতি কামনা। এই উৎসৱত চেতু অৰ্থাৎ বাঁ‌হ-কাঠৰ এখন চাং সাজি বিভিন্ন পাত আৰু বাঁ‌হৰ সঁ‌জুলিৰে সজ্জিত কৰা হয়। চেতুৰ কাষতে মন্ত্ৰোচ্চাৰণ আৰু মেথোনৰ উছৰ্গাসমূহ অৰ্পণ কৰা হয়। নৃত্য ছি-দঞি উৎসৱৰ অন্যতম প্ৰধান আকৰ্ষণ। পুৰুষ-মহিলাই পৰম্পৰাগত সাঁ‌জ-পাৰত একেলগে মিলি চুংনে, কন্যি ব'কাৰ, ৰিয়াবু আৰু টাকাৰ ঘেনে আদি নৃত্য পৰিৱেশন কৰে। বয়সস্থ পুৰুষসকলে হয়ি পেনাম নৃত্যৰে আত্মাসমূহক আদৰণি জনায়। উৎসৱৰ সময়ত এট্টে অৰ্থাৎ চাউলৰপৰা নিৰ্মিত পানীয়ৰ এক মিশ্ৰণ আৰু চাউলৰ গুড়ি ইজনে-সিজনৰ মুখত সানি আনন্দ কৰে। উৎসৱৰ সামৰণিত দেৱতাসকলৰ উদ্দেশ্যে মেথোন উছৰ্গা কৰা হয় যদিও উদযাপন এক সপ্তাহ ধৰি চলি থাকে।১২৩৪৫

তথ্যসূত্ৰ

  1. ↑ Pakba, Tagia. (5 January 2017). ‘Si-Donyi’ – the festival of Arunachal Pradesh. The Arunachal Times. The Arunachal Times Publications Pvt. Ltd
  2. ↑ ‘Si Donyi Festival: Tagin Tribe - Arunachal Pradesh. Greener Pastures. First Choice
  3. ↑ (15 December 2016). Si-Donyi Festival to be Celebrated from January 4. Eclectic NorthEast
  4. ↑ (10 April 2016). Si-Donyi Festival. India's North East. Rongjeng Technologies Pvt. Ltd
  5. ↑ (7 January 2016). Si-Donyi Celebrated with Fervor in Arunachal. Northeast Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ উৎসৱসমূহঅৰুণাচল প্ৰদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছি-দঞি উৎসৱ” প্ৰবন্ধৰ সংশোধন ৪০৭৫৭৩ (২৫ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।