সৰোজিনী হেমব্ৰাম (ইংৰাজী: Sarojini Hembram; ১ অক্টোবৰ ১৯৫৯) ওড়িশা ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ বিজু জনতা দলৰ (BJD) এগৰাকী সক্ৰিয় কৰ্মকৰ্তা। ২০০৯ চনত বাংৰিপোছি (ওড়িশা বিধান সভা সমষ্টি)ৰ পৰা ওড়িশা বিধানসভালৈ নিৰ্বাচিত হৈ ওড়িশা চৰকাৰৰ বস্ত্ৰ, হস্ততাঁত আৰু হস্তশিল্পৰ মন্ত্ৰী হয়। ২০১৪ চনত ওড়িশাৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভালৈ নিৰ্বাচিত হয়।১২৩
জীৱনী
সৰোজিনী হেমব্ৰামৰ জন্ম হৈছিল ওড়িশাৰ ময়ুৰভঞ্জৰ ৰাইৰাংপুৰ চহৰত। তেওঁৰ পিতৃৰ নাম আছিল চৈতন্য প্ৰসাদ মাঝি আৰু মাতৃৰ নান শ্ৰীমতী দময়ন্তী মাঝি। বাৰিপায়ত্তুয়দাৰ কে.এন.জি. হাইস্কুলত শিক্ষা লাভ কৰাৰ পিছত তেওঁ ভুৱনেশ্বৰৰ উত্তল সংগীত মহাবিদ্যালয়ত স্নাতকোত্তৰ (সংগীতত স্নাতকোত্তৰ) ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ স্বামী শ্ৰী ভাগীৰথী নায়ক এজন সমাজসেৱক।৪৫ ১৯৯০–৯৯ চনত সৰোজিনী হেমব্ৰাম ভুৱনেশ্বৰৰ নাহৰকান্তৰ জয়দেৱ শিক্ষা আৰু প্ৰযুক্তিবিদ্যা মহাবিদ্যালয়ত সংগীত বিষয়ৰ প্ৰবক্তা আছিল। তেওঁ চাঁওতালি, হিন্দী, ইংৰাজী, ওড়িয়া আৰু বাংলা ভাষা সুন্দৰকৈ ক’ব জানে। ১৯৯৬ চনত তেওঁ ময়ুৰভঞ্জৰ জিলা কল্যাণ বিভাগৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৬ চনত ভাৰতীয় জীৱন বীমা নিগম, বিভাগীয় কাৰ্যালয়, কটকৰ পলিচি হোল্ডাৰ্ছ কাউন্সিলৰ সদস্য হিচাপে নিযুক্তি লাভ কৰে। উৰিষ্যাৰ ৰাজ্যিক সম্পদ কেন্দ্ৰ (প্ৰাপ্তবয়স্ক শিক্ষা)ৰ কাৰ্যসূচী উপদেষ্টা সমিতিৰ সদস্য হিচাপেও তেওঁ নিযুক্তি লাভ কৰে। ১৯৮৩ চনৰ পৰা অল ইণ্ডিয়া ৰেডিঅ', কটক আৰু দূৰদৰ্শনত লোক-সংগীতৰ গায়িকা হিচাপেও পৰিচিত। শিল্পী হোৱাৰ বাবে জনজাতীয় সংস্কৃতিৰ সৈতে জড়িত বহুতো সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। তেওঁ এগৰাকী শিল্পী, নেপথ্য গায়িকা গায়িকা, অভিনেত্ৰী আৰু প্ৰডাকচন কণ্ট্ৰ'লাৰ হিচাপেও কাম কৰিছে।৬
ৰাজনৈতিক জীৱন
২০০৮ চনত সৰোজিনী হেমব্ৰাম বিজু জনতা দল (BJD), ময়ুৰভঞ্জৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হয়। এই পদত তেওঁ এবছৰ সেৱা আগবঢ়াইছিল। পিছৰ বছৰ ২০০৯ চনত ওড়িশা বিধানসভা নিৰ্বাচনৰ ঠিক আগতে তেওঁৰ নাম বিধানসভাৰ প্ৰতিদ্বন্দ্বী হিচাপে ঘোষণা কৰা হয়। ২০০৯ চনত চৰকাৰী চাকৰি এৰি ৰাজনীতিত যোগদান কৰি ঝাৰখণ্ড মুক্তি মৰ্চা (JMM)ৰ প্ৰভাৱশালী নেতা সুদাম মাৰাণ্ডীক পৰাজিত কৰি বাংৰিপোছি সমষ্টিৰ পৰা ওড়িশা বিধানসভালৈ নিৰ্বাচিত হয়।
২০১০ চনত তেওঁ জনজাতি উপদেষ্টা পৰিষদ, মহিলা আৰু শিশু কল্যাণ, পৰিৱেশ আৰু প্ৰদূষণ সম্পৰ্কীয় হাউছ কমিটি আৰু ওড়িশা বিধানসভাৰ সদস্যৰ সুবিধাসমূহৰ উপ-সমিতিৰ সদস্য হয়। লগতে, তেওঁ ওড়িশা বিধানসভাৰ ৰাজ্যিক পৰ্যায়ৰ উচ্চ শক্তি সতৰ্কতা আৰু নিৰীক্ষণ সমিতি (এছ টি/এছ চি) আৰু স্বাস্থ্য সম্পৰ্কীয় স্থায়ী সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ওড়িশাৰ ভাৰত স্কাউটছ এণ্ড গাইডছৰ উপ-সভানেত্ৰী হয়।
২০১১ চনত ৰাজ্যিক পৰ্যায়ৰ বাছনি সমিতি- পঞ্চায়তী ৰাজ বিভাগ, ওড়িশা চৰকাৰৰ সদস্য হয়।
২০১২ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ ওড়িশা চৰকাৰৰ বস্ত্ৰ, হস্ততাঁত আৰু হস্তশিল্প বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) হিচাপে কাৰ্যনিৰ্বাহ কৰে।
২০১৪ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হয়। ২০১৪ চনৰ জুলাই মাহত ভুৱনেশ্বৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ৰ সদস্য আৰু ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত সামাজিক ন্যায় আৰু সৱলীকৰণ সমিতিৰ সদস্য হয়।
২০১৫ চনৰ মে’ মাহৰ পৰা ২০১৬ চনৰ এপ্ৰিল মাহলৈ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণ সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০১৮ চনত তেওঁ চৰকাৰী নিশ্চয়তা সমিতিৰ সদস্য হয়।৭
২০১৯ চনৰ শীতকালীন অধিবেশনত তেওঁ প্ৰথমবাৰৰ বাবে ৰাজ্যসভা সংসদীয় সদনত তেওঁৰ মাতৃভাষা চাঁওতালি ভাষাৰ জৰিয়তে নিজৰ স্থানীয়তাৰ বিষয় উত্থাপন কৰে আৰু সংখ্যালঘু ভাষাৰ বিপন্নতা সম্পৰ্কে এক ইতিহাস ৰচনা কৰে।৮
তথ্যসূত্ৰ
- ↑ (8 February 2014). Sarojini Hembram first woman MLA from Odisha elected to RS. The Economic Times
- ↑ (13 November 2013). Odisha 'focus state' at 33rd India International Trade Fair. Deeptiman Tiwary. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (7 February 2014). BJD wins 3 Rajya Sabha seats, Congress gets one. Business Standard India. Business Standard
- ↑ Smt. Sarojini Hembram · National Portal of India. www.india.gov.in
- ↑ Sarojini Hembram Biography - About family, political life, awards won, history
- ↑ Sarojini Hembram: Age, Biography, Education, Husband, Caste, Net Worth & More - Oneindia
- ↑ Sarojini Hembram: Age, Biography, Education, Husband, Caste, Net Worth & More - Oneindia
- ↑ Santhali debuts in RS with Hembram speaking | Bhubaneswar News - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰোজিনী হেমব্ৰাম” প্ৰবন্ধৰ সংশোধন ৫২৯৭৭৯ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।