অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লীলাৱতী মুঞ্চি

লীলাৱতী মুঞ্চি (Lilavati Munshi) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু গুজৰাটী নিবন্ধকাৰ আছিল। ১৯৩৭ চনৰ পৰা ১৯৪৬ চনলৈ বম্বে বিধানসভা আৰু ১৯৫২ চনৰ পৰা ১৯৫৮ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২১ ফেব্ৰুৱাৰী ২০২৫ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

লীলাৱতী মুঞ্চি (Lilavati Munshi) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু গুজৰাটী নিবন্ধকাৰ আছিল। ১৯৩৭ চনৰ পৰা ১৯৪৬ চনলৈ বম্বে বিধানসভা আৰু ১৯৫২ চনৰ পৰা ১৯৫৮ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

জীৱনী

১৮৯৯ চনৰ ২১ মে'ত এটা গুজৰাটী জৈন পৰিয়ালত লীলাৱতীৰ জন্ম হয়। ১৯২০ চনৰ পৰা ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত তেওঁ জড়িত হৈ পৰিছিল আৰু লৱণ সত্যাগ্ৰহ আৰু আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰিছিল; যাৰ বাবে তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল।১

১৯৫০ চনত বোম্বাইত ‘ছোচাইটি ফৰ দ্য প্ৰিভেনচন অৱ আনহেল্থী ট্ৰেণ্ডছ ইন মোচন পিকচাৰ্ছ’ প্ৰতিষ্ঠা কৰে। ১৯৫৪ চনত তেওঁ ‘অবাঞ্চিত’চলচ্চিত্ৰ আৰু অশ্লীল দৃশ্য প্ৰদৰ্শন নিষিদ্ধ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়, যিটো সদনে গ্ৰহণ কৰে আৰু তাৰ পিছত চৰকাৰে ১৯৫৯ চনত চিনেমেট’গ্ৰাফ আইন সংশোধন কৰে। ১৯৫০ চনলৈকে ভাৰতীয় ছবিত চুমা খোৱাৰ দৃশ্য অস্বাভাৱিক নাছিল; তেওঁৰ সক্ৰিয়তাৰ বাবেই তেনে দৃশ্য নাইকীয়া হৈ গৈছিল।২

১৯৩৭ চনৰ পৰা ১৯৪৬ চনলৈকে তেওঁ বোম্বে বিধানসভাৰ সদস্য আছিল। ১৯৫২ চনৰ ৩ এপ্ৰিলৰ পৰা ১৯৫৮ চনৰ ২ এপ্ৰিললৈকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে বম্বে প্ৰদেশক প্ৰতিনিধিত্ব কৰি ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩

১৯৭৮ চনৰ ২০ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ Khan, Saeed. (2012-05-06). Gujarat woman gave censor the scissors. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Chaudhari. (2005). વીસમી સદીનું ગુજરાતી નારીલેખન. সাহিত্য অকাডেমি. পৃ. 351. ISBN 8126020350
  3. ↑ Rajya Sabha Members Biographical Sketches 1952 - 2003. ৰাজ্যসভা

সম্পৰ্কিত শ্ৰেণী

ৰাজ্যসভাৰ সাংসদভাৰতীয় ৰাজনীতিবিদভাৰতীয় সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীলাৱতী মুঞ্চি” প্ৰবন্ধৰ সংশোধন ৪৮০৬৬৩ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।