অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শশীকলা পুষ্পা

শশীকলা পুষ্পা ( Sasikala Pushpa; জন্ম: ২৭ মে’ ১৯৭৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে তামিলনাডুৰ ভাৰতীয় জনতা পাৰ্টিৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ উচ্চ সদন ৰাজ্যসভালৈ এগৰাকী সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ২০১১ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ থুথুকুড়ি পৌৰ নিগমৰ মেয়ৰ আছিল।

হালনাগাদ: ২২ ফেব্ৰুৱাৰী ২০২৫ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শশীকলা পুষ্পা ( Sasikala Pushpa; জন্ম: ২৭ মে’ ১৯৭৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে তামিলনাডুৰ ভাৰতীয় জনতা পাৰ্টিৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ উচ্চ সদন ৰাজ্যসভালৈ এগৰাকী সদস্য হিচাপে নিৰ্বাচিত হৈছিল।১ ২০১১ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ থুথুকুড়ি পৌৰ নিগমৰ মেয়ৰ আছিল।২

ৰাজনৈতিক জীৱন

২০১৬ চনৰ আগষ্ট মাহত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দ্ৰাবিড়া মুনেত্ৰা কাঝাগমৰ (DMK) সাংসদ তিৰুচি শিৱাৰ সৈতে হোৱা বিবাদৰ পিছত তেওঁক অল ইণ্ডিয়া আন্না দ্ৰাবিড়া মুনেত্ৰা কাঝাগম (AIADMK) দলৰ পৰা বহিষ্কাৰ কৰা হয় বুলি অভিযোগ উত্থাপন হৈছিল।৩৪ ২০১৭ চনৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰে যে কোনো বহিষ্কাৰৰ জাননী দিয়া হোৱা নাই আৰু প্ৰকৃততে তেওঁক কৰ্তৃপক্ষই বহিষ্কাৰ কৰা নাই।৫

২০১৬ চনৰ ডিচেম্বৰ মাহত এআইএডিএমকেৰ কেডাৰসকলে বহিষ্কৃত এআইএডিএমকেৰ সাংসদ শশীকলা পুষ্পাৰ স্বামী লিংগেশ্বৰন থিলাগান আৰু তেওঁলোকৰ আইনী প্ৰতিনিধিসকলক মাৰপিট কৰে, যেতিয়া তেওঁ সাধাৰণ সম্পাদক পদৰ বাবে মনোনয়ন দাখিল কৰিবলৈ ৰায়পেটা এআইএডিএমকেৰ কাৰ্যালয়ত উপস্থিত হয়।৬ পিছত পুলিচে পুষ্পাৰ স্বামী লিংগেশ্বৰন থিলাগানক গ্ৰেপ্তাৰ কৰে।৭

শশীকলা পুষ্পা ২০২০ চনৰ ২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰে। তেওঁক তামিলনাডু বিজেপিৰ উপ-সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হয়।৮

তথ্যসূত্ৰ

  1. ↑ Members Page. 164.100.47.5
  2. ↑ Govardan, D. Expelled AIADMK MP Sasikala Pushpa joins BJP. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ AIADMK sacks Sasikala Pushpa after she alleges 'threat to life' in Rajya Sabha. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ (2016-08-01). AIADMK expels Sasikala Pushpa. দ্য হিন্দু
  5. ↑ (21 July 2017). Sasikala Pushpa's plea on immunity rejected by SC as 'premature'. DNA India
  6. ↑ (28 December 2016). Sasikala vs Sasikala in AIADMK turns violent, MP's husband and lawyer bashed up at HQ. Thenewsminute.com
  7. ↑ Chennai: Sasikala Pushpa's husband arrested for creating ruckus at AIADMK headquarters. Scroll.in
  8. ↑ Sasikala Pushpa appointed BJP vice-president in TN; Gayathri Raghuram relieved from party post | Chennai News - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

ৰাজ্যসভাৰ সাংসদভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শশীকলা পুষ্পা” প্ৰবন্ধৰ সংশোধন ৪৮০৮৬০ (২২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।