অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লালা লাজপত ৰায়

লালা লাজপত ৰায় (Lala Lajpat Rai)(২৮ জানুৱাৰী ১৮৬৫-১৭ নৱেম্বৰ ১৯২৮) আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী৷ তেখেত আছিল আগৰৱাল জৈন আৰু তেখেতৰ গোত্ৰ আছিল ৰায় ৷ ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতে সক্ৰিয়ভাৱে বৰঙণি আগবঢ়াইছিল৷ তেখেত পঞ্জাৱ কেশৰী নামেৰেও পৰিচিত৷ লাল বাল পাল শীৰ্ষক ত্ৰিমূৰ্তিৰ তেখেতো এজন…

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ৭১১ শব্দ · ৪ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

লালা লাজপত ৰায় (Lala Lajpat Rai)(২৮ জানুৱাৰী ১৮৬৫-১৭ নৱেম্বৰ ১৯২৮) আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী৷ তেখেত আছিল আগৰৱাল জৈন আৰু তেখেতৰ গোত্ৰ আছিল ৰায় ৷ ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতে সক্ৰিয়ভাৱে বৰঙণি আগবঢ়াইছিল৷ তেখেত পঞ্জাৱ কেশৰী নামেৰেও পৰিচিত৷ লাল বাল পাল শীৰ্ষক ত্ৰিমূৰ্তিৰ তেখেতো এজন আছিল৷ ১ পঞ্জাৱ নেশ্যনেল বেংক আৰু লক্ষ্মী বীমা কোম্পানীৰ প্ৰাৰম্ভিক সময়ছোৱাৰ কৰ্মপন্থাত লালা লাজপত ৰায়ে সহযোগিতা আগবঢ়াইছিল৷ ভাৰতৰ সংবিধান সংশোধনৰ বাবে সৰ্ব-ব্ৰিটিছ সদস্যৰে সংগঠিত ছাইমন কমিশ্যন ভাৰতলৈ আহোঁতে তেখেতে এক শান্তিপূৰ্ণ প্ৰতিবাদী সমদল উলিয়াইছিল, যাৰ বাবে তেখেত আৰক্ষীৰ লাঠী-চালনাৰ সমুখীন হৈছিল৷ তেখেত একাধিক স্থানত আঘাতপ্ৰাপ্ত হয়৷ এই শোকাৱহ ঘটনাৰ কিছুসপ্তাহ পাছতেই লালা লাজপত ৰায়ে মৃত্যুক সাবটি লয়৷

প্ৰাৰম্ভিক জীৱন

১৮৬৫ চনৰ ২৮ জানুৱাৰী তাৰিখে এটা জৈন পৰিয়ালত লালা লাজপত ৰায়ৰ জন্ম হৈছিল৷ ২৩ পিতৃ আছিল উৰ্দু আৰু পাৰ্চী চৰকাৰী বিদ্যালয়ৰ শিক্ষক মুঞ্চী ৰাধা কৃষণ আজাদ আৰু মাতৃ আছিল গোলাব দেৱী৷ ৪ জন্মস্থান আছিল ধুড়িকে৷৫৬৭ পঞ্জাবৰ লুধিয়ানা জিলাৰ জাগৰাওতেই তেখেতে কৈশোৰ আৰু যৌৱনৰ অধিকাংশ সময় অতিবাহিত কৰিছিল৷ জাগৰাওত তেখেতৰ ঘৰটো এতিয়াও দৃশ্যমান হয়৷ ঘৰটোত এটা পুথিভঁৰাল আৰু এটি সংগ্ৰাহালয় আছে৷৮

শিক্ষা

১৮৭০ৰ দশকত লাল লাজপত ৰায়ৰ পিতৃ ৰেৱাৰীলৈ বদলি হয়৷ ৰেৱাৰীত থকা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তেই লালা লাজপত ৰায়ে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে৷ এইখন বিদ্যালয়তে তেখেতৰ পিতৃয়ে উৰ্দু শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল৷ জীৱনৰ আদিছোৱা সময়ত, ৰায়ৰ উদাৰনৈতিক দৃষ্টিভংগী আৰু হিন্দুধৰ্মীয় বিশ্বাস গঢ় দিয়াত পিতৃ আৰু ধৰ্মপ্ৰাণা মাতৃ উভয়েই সহায় কৰিছিল৷ এই শিক্ষাকে সাৰোগত কৰি পাছলৈ ৰায়ে ৰাজনীতি আৰু সংবাদমূলক লেখাৰ জৰিয়তে ধৰ্ম আৰু ভাৰতীয় ৰাজনৈতিক বাতাৱৰণ সলনি কৰিবলৈ প্ৰয়াস কৰিছিল৷ ৯ ১৮৮০ চনত লালা লাজপত ৰায়ে লাহোৰত থকা চৰকাৰী কলেজলৈ আইনৰ শিক্ষা ল'বলৈ ৰাওনা হয়৷ এইখন শিক্ষানুষ্ঠানতেই তেখেত ভৱিষ্যতৰ স্বাধীনতা সংগ্ৰামী মহাত্মা হংসৰাজ আৰু পণ্ডিত গুৰু দত্তৰ সান্নিধ্যলৈ আহে৷ অধ্যয়নৰ কালছোৱাতেই তেখেত দয়ানন্দ সৰস্বতীৰ নেতৃত্বত চলি থকা হিন্দু সংস্কাৰকামী আন্দোলনৰ দ্বাৰা প্ৰভাৱান্বিত হয়৷ ১৮৭৭ চনত স্থাপিত হোৱা আৰ্য সমাজ, লাহোৰৰ তেখেত সদস্য হয় আৰু লাহোৰত থকা আৰ্য-গেজেটৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব চম্ভালে৷ ১০ আইন পঢ়ি থাকোঁতেই তেখেতৰ মনত হিন্দুত্ববাদ সম্পৰ্কে এটা স্থায়ী ধাৰণাই গঢ় দিয়ে যে, ৰাষ্ট্ৰীয়তাবাদৰো ঊৰ্দ্ধত গৈ দৰাচলতে হিন্দুত্ববাদৰ ভেটিতেই ভাৰতীয় জীৱনশৈলী আধাৰিত হোৱা উচিত৷ তেখেতে বিশ্বাস কৰিছিল যে, হিন্দুত্ববাদে শান্তি আৰু মানৱতাবাদৰ অনুশীলন পৰিচালিত কৰে৷ যেতিয়া ৰাষ্ট্ৰীয়তাবাদী ধাৰণাক এইধৰণৰ শান্তিপূৰ্ণ বিশ্বাস-প্ৰণালীৰ লগত একত্ৰিত কৰা হয়, তেতিয়া ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ গঠন কৰিব পাৰি৷ উপ-মহাদেশখনত এনেধৰণৰ হিন্দুত্ববাদৰ অভ্যাসৰ বলতেই তেখেত পাছলৈ শান্তিপূৰ্ণ আন্দোলনত বিশ্বাসী হৈ উঠিছিল আৰু স্বাধীনতা আন্দোলনতো তাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছিল৷ ১০ অখিল ভাৰতীয় হিন্দু মহাসভাৰ দৰে সংগঠনৰ লগত গঢ়ি উঠা ঘনিষ্ঠতাৰ বাবে তেখেতে নৱজৱান ভাৰত সভাৰ পৰা সমালোচনা লাভ কৰিছিল যদিও,১১ অন্যান্য মুহূৰ্তত তেখেত দলটোৰ সদস্যবৃন্দৰ শ্ৰদ্ধাৰ পাত্ৰ হৈছিল৷১২

আইন

আৰু বিপিন চন্দ্ৰ পাল]]

১৮৮৪ চনত লালা লাজপত ৰায়ৰ পিতৃ ৰোতটকলৈ বদলি হয় আৰু ৰায়েও লাহোৰত শিক্ষা সমাপ্ত কৰি পিতৃৰ সৈতে ৰোহটকলৈ আহে৷ ১৮৮৬ চনত তেখেত পিতৃৰ নতুন বদলিৰ ঠাই হিছাৰলৈ যায় আৰু তাতেই আইনৰ অনুশীলন আৰম্ভ কৰে৷ ইয়াতেই বাবু চুড়ামণিৰ সৈতে তেখেতে হিছাৰ অধিবক্তা পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে বিবেচিত হয়৷ একেটা বৰ্ষতে তেখেতে হিছাৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জিলা শাখা এটাও প্ৰতিষ্ঠা কৰে৷ পুনৰ বাবু চূড়ামণিৰ দৰে একাংশ ব্যক্তিৰ লগলাগি তেখেতে আৰ্য সমাজ প্ৰতিষ্ঠা কৰে৷১৩ ১৮৮৮ আৰু ১৮৮৯ চনত তেখেতে বাবু চুড়ামণিৰ সৈতে এলাহাবাদত অনুষ্ঠিত কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে৷ তেওঁলোকৰ লগত থকা আন দুজন ব্যক্তি আছিল লাল ছাবিল দাস আৰু শেঠ গৌৰী শংকৰ৷ ১৮৯২ চনত লালা লাজপত ৰায় আইনীসেৱাৰ বাবে লাহোৰ উচ্চ ন্যায়ালয়লৈ যায়৷ স্বাধীনতা-প্ৰাপ্তিৰ বাবে ভাৰতৰ ৰাজনৈতিক নীতি সলনি কৰিবলৈ তেখেতে সংবাদকৰ্মতো জড়িত হৈছিল আৰু দ্য ট্ৰিবিউনকে ধৰি একাধিক কাকতকৈ নিয়মীয়াকৈ লিখা-মেলা কৰিছিল৷ ১৮৮৬ চনত তেখেতে মহাত্মা হংশৰাজক লাহোৰত দয়ানন্দ এংলো-বৈদিক বিদ্যালয় প্ৰতিষ্ঠা কৰাত সহায় কৰে৷

১৯১৪ চনত লাল লাজপত ৰায়ে আইনসেৱা পৰিহাৰ কৰি ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে৷ তেখেতে ব্ৰিটেইনলৈ যাত্ৰা কৰে আৰু ইয়াৰ পিছত ১৯১৭ চনত যাত্ৰা কৰে আমেৰিকালৈ৷ ১৯১৭ চনৰ অক্টোবৰ মাহত তেখেতে আমেৰিকাৰ নিউ ইয়ৰ্কত আমেৰিকাৰ ভাৰতীয় হ'ম ৰুল লীগ প্ৰতিষ্ঠা কৰে৷ ১৯১৭ চনৰ পৰা ১৯২০ চনলৈকে তেখেত যুক্তৰাষ্ট্ৰতে থাকে৷ তেখেতৰ প্ৰথম পৰ্যায়ৰ স্বাধীনতা সংগ্ৰাম আৰ্য সমাজ আৰু সাম্প্ৰদায়িক প্ৰতিনিধিত্বৰ দ্বাৰা প্ৰভাৱিত হৈছিল৷ ১৪

ৰাজনীতি

ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ পাছত আৰু পঞ্জাবত ৰাজনৈতিক বিৰোধ প্ৰদৰ্শন কৰাৰ পাছত লালা লাজপত ৰায়ক মাণ্ডালয়লৈ প্ৰেৰণ কৰা হয়৷ কিন্তু তেওঁক পৰাভূত কৰিবলৈ পৰ্যাপ্ত প্ৰমাণ মজুত নাছিল৷ ১৯০৭ চনৰ ডিচেম্বৰ মাহত তেখেতৰ সভাপতি পদটো সুৰক্ষিত কৰিবলৈ সমৰ্থকগণে প্ৰয়াস কৰিছিল যদিও বিফল হৈছিল৷

লাহোৰৰ ব্ৰেডলাগ কলেজৰ ভিতৰত প্ৰতিষ্ঠা কৰা নেশ্যনেল কলেজৰ এজন স্নাতক আছিল ভগৎ সিং৷ ১৫ ১৯২০ চনত কলিকতাত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিশেষ অধিৱেশনত লালা লাজপত ৰায় সভাপতি হিচাপে নিৰ্বাচিত হৈছিল৷১৬ ১৯২১ চনত তেখেতে Servants of the People Society নামৰ এটি অলাভজনক কল্যাণকামী সংগঠন লাহোৰত প্ৰতিষ্ঠা কৰে, যিটো ভাগ-বতৱাৰাৰ পিছত দিল্লীলৈ স্থানান্তৰিত হয়৷ ইয়াৰ শাখাও ভাৰতৰ বহু এলেকাত আছে৷১৭ৰায়ৰ মতে, হিন্দু সমাজখনে জাতিবাদ, নাৰীৰ স্থিতি আৰু অস্পৃশ্যতাৰ দৰে সমস্যাবোৰৰ বিৰুদ্ধে যুঁজিবলৈ নিজাববীয়াকৈ প্ৰয়াস কৰিব লাগিব৷১৮ লাল লাজপত ৰায়ে কৈছিল যে নিম্ন জাতৰ লোকসকলেও বেদ আৰু তাৰ মন্ত্ৰসমূহ পঢ়া উচিত৷ ১৯

তথ্যসূত্ৰ

  1. ↑ Ashalatha, A.; Koropath, Pradeep; Nambarathil, Saritha. (2009). Social Science: Standard VIII Part 1. Government of Kerala • Department of Education. State Council of Educational Research and Training (SCERT). পৃ. 7
  2. ↑ (2020-01-27). Lala Lajpat Rai Birth Anniversary: The legacy of the famed nationalist. Hindustan Times
  3. ↑ Agarwal, Dr Meena. (2017-12-29). Lala lajpat rai: राष्ट्रीय जीवनी माला - लाला लाजपत राय. Diamond Pocket Books Pvt Ltd. ISBN 978-93-5278-756-2
  4. ↑ (2020-01-28). Lala Lajpat Rai Biography: Early Life, Family, Achievements, Slogan and death. Jagranjosh.com
  5. ↑ (2020-01-27). Lala Lajpat Rai Birth Anniversary: The legacy of the famed nationalist. Hindustan Times
  6. ↑ (2020-01-28). Lala Lajpat Rai 155th Birth Anniversary: Know About Punjab Kesari And His Role in Indian Freedom Struggle · 🙏🏻 LatestLY. LatestLY
  7. ↑ Agarwal, Dr Meena. (2017-12-29). Lala lajpat rai: राष्ट्रीय जीवनी माला - लाला लाजपत राय. Diamond Pocket Books Pvt Ltd. ISBN 978-93-5278-756-2
  8. ↑ Sub Division, Jagraon, Punjab. www.jagraonadministration.in
  9. ↑ Lala Lajpat Rai. Encyclopædia Britannica
  10. ↑ Ahluwalia, Kewal. (February 2010). Lala Lajpat Rai. aryasamaj.com
  11. ↑ Mittal, S. K.; Habib, Irfan. (1979). Towards Independence and Socialist Republic: Naujawan Bharat Sabha, Part Two. Social Scientist. পৃ. 31–40
  12. ↑ Habib, S. Irfan. (2019-03-23). Revolutionary ideas that live on. The Hindu
  13. ↑ Jugal Kishore Gupta. (1991). History of Sirsa Town. Atlantic Publishers & Distri. পৃ. 182–
  14. ↑ (PDF) Religion and Nationalism: The Views of Lala Lajpat Rai. ResearchGate
  15. ↑ (17 April 2011). Bradlaugh Hall's demise. Pakistan Today
  16. ↑ Lala Lajpat Rai. congresssandesh.com
  17. ↑ Head Office. Servants of the People Society
  18. ↑ www.researchgate.net/publication/279205755_Relig
  19. ↑ Bhargav, Vanya. (2018). Lala Lajpat Rai's Ideas on Caste: Conservative or Radical?. Studies in Indian Politics. পৃ. 15–26

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদভাৰতৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লালা লাজপত ৰায়” প্ৰবন্ধৰ সংশোধন ৬৩৫৫৬৫ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।