অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেছমা চেট্টী

ৰেছমা চেট্টী (ইংৰাজী: Reshma Shetty; জন্ম: ২ নৱেম্বৰ ১৯৭৭) এগৰাকী ব্ৰিটিছ মূলৰ আমেৰিকান অভিনেত্ৰী যিয়ে ইউএছএ নেটৱৰ্কৰ টিভি ধাৰাবাহিক ৰয়েল পেইনছত দিব্যা কাটদাৰেৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।

হালনাগাদ: ২০ মাৰ্চ ২০২৬ ২৩৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰেছমা চেট্টী (ইংৰাজী ভাষা: Reshma Shetty; জন্ম: ২ নৱেম্বৰ ১৯৭৭) এগৰাকী ব্ৰিটিছ মূলৰ আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী যিয়ে ইউএছএ নেটৱৰ্কৰ টিভি ধাৰাবাহিক ৰয়েল পেইনছত দিব্যা কাটদাৰেৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।

প্ৰাৰম্ভিক জীৱন

১৯৭৭ চনৰ ২ নৱেম্বৰত মানচেষ্টাৰত ভাৰতীয় পিতৃ-মাতৃৰ ঘৰত চেট্টীৰ জন্ম হৈছিল আৰু ১৫ বছৰ বয়সত তেওঁ ভাৰ্জিনিয়াৰ ৰিচমণ্ডলে স্থানান্তৰিত হয়।১ তেওঁ প্ৰথমে জেমছ মেডিচন ইউনিভাৰ্চিটিত প্ৰাক-চিকিৎসা বিষয়ত অধ্যয়ন কৰিছিল, কিন্তু কণ্ঠ প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ পাছত তেওঁ নিজৰ বিষয় সলনি কৰে আৰু অপেৰা পৰিৱেশনত স্নাতক (বিএম) ডিগ্ৰী লাভ কৰে।২ চেট্টীয়ে চিনচিনাটি কনজাৰভেটৰী অৱ মিউজিকলৈ যোৱাৰ আগতে ইউনিভাৰ্চিটি অৱ কেণ্টাকীৰপৰা পৰিৱেশন কলাত স্নাতকোত্তৰ ডিগ্ৰী (এমএম) লাভ কৰিছিল, য’ত তেওঁ ২০০৫ চনত অপেৰাত আৰ্টিষ্ট ডিপ্লমা অৰ্জন কৰে।১৩

কেৰিয়াৰ

২০০৬ চনত ব্ৰডৱে মিউজিকেল বোম্বে ড্ৰিমছৰ ৰাষ্ট্ৰীয় ভ্ৰমণত চেট্টীক মহিলা মুখ্য চৰিত্ৰ প্ৰিয়া হিচাপে নিৰ্বাচন কৰা হৈছিল। ইয়াৰ উপৰি তেওঁ অফ-ব্ৰডৱে নাটক ৰাফ্টা ৰাফ্টাতো অভিনয় কৰিছিল।৩ তেওঁ আমেৰিকান টিভি কাৰ্যসূচী ৰয়েল পেইনছৰ এগৰাকী অভিনেতা আছিল য’ত তেওঁ চিকিৎসকৰ সহায়ক দিব্যা কাটদাৰেৰ চৰিত্ৰত অভিনয় কৰিছিল।৪৫

চেট্টী ফক্স নিউজ চেনেলৰ ব্যংগ অনুষ্ঠান ৰেড আই উইথ গ্ৰেগ গুটফেল্ডৰ মাজে মাজে অতিথি পেনেলিষ্ট হিচাপেও উপস্থিত আছিল। তেওঁ নেটফ্লিক্সৰ ৰিবুট সংস্কৰণ শ্বি-ৰা এণ্ড দ্য প্ৰিন্সেছেছ অৱ পাৱাৰত ৰাণী এঞ্জেলাৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ ভাৰতত ডভ ময়শ্বৰাইজাৰবাৰৰ বিজ্ঞাপনৰ মুখ।

ব্যক্তিগত জীৱন

চেট্টী বৰ্তমান নিউয়ৰ্ক চহৰত বাস কৰে। তেওঁ অভিনেতা তথা বিত্তীয় উপদেষ্টা দীপ কাটদাৰেৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যিয়ে তেওঁৰ সৈতে বোম্বে ড্ৰিমছত অভিনয় কৰিছিল। ২০১১ চনৰ ১৯ মাৰ্চত তেওঁলোকৰ বিবাহ সম্পন্ন হয়। ২০১৫ চনৰ ৬ অক্টোবৰত তেওঁ তেওঁলোকৰ কন্যা সন্তান আৰিয়া এলিয়ানাক জন্ম দিয়ে।৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Reshma Shetty's Bollywood musical adventure
  2. ↑ Souri, Ranjit. (November 9, 2009). Desis On Cable: Reshma Shetty and Danny Pudi. India Currents
  3. ↑ Royal Pains. USA Network
  4. ↑ Royal Pains Q&A: Reshma Shetty
  5. ↑ Interview with Reshma Shetty in Buzzine Magazine
  6. ↑ (October 21, 2015). Reshma Shetty Welcomes Daughter Ariya Eliana. PEOPLE

সম্পৰ্কিত শ্ৰেণী

বৃটিছ অভিনেত্ৰীআমেৰিকান অভিনয় শিল্পীভাৰতীয় মূলৰ আমেৰিকান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেছমা চেট্টী” প্ৰবন্ধৰ সংশোধন ৫৯১০৭১ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।