অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপা কুমাৰ

দীপা কুমাৰ (Deepa Kumar) এগৰাকী ভাৰতীয় আমেৰিকান পণ্ডিত আৰু সক্ৰিয় কৰ্মী। তেওঁ ৰাটজাৰ্ছ বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু মিডিয়া অধ্যয়নৰ অধ্যাপক। মিডিয়া এডুকেশ্বন ফাউণ্ডেশ্যনে কুমাৰক "ইছলাম ফ'বিয়াৰ বিষয়ত দেশৰ অন্যতম আগশাৰীৰ পণ্ডিত" বুলি উল্লেখ কৰিছে আৰু আৰু নিউয়ৰ্ক টাইমছৰ দ্বাৰা "ইছলামোফ'বিয়া…

হালনাগাদ: ১ ছেপ্তেম্বৰ ২০২৫ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

দীপা কুমাৰ (Deepa Kumar) এগৰাকী ভাৰতীয় আমেৰিকান পণ্ডিত আৰু সক্ৰিয় কৰ্মী। তেওঁ ৰাটজাৰ্ছ বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু মিডিয়া অধ্যয়নৰ অধ্যাপক। মিডিয়া এডুকেশ্বন ফাউণ্ডেশ্যনে কুমাৰক "ইছলাম ফ'বিয়াৰ বিষয়ত দেশৰ অন্যতম আগশাৰীৰ পণ্ডিত" বুলি উল্লেখ কৰিছে আৰু আৰু নিউয়ৰ্ক টাইমছৰ দ্বাৰা "ইছলামোফ'বিয়া আৰু জাতিৰ বিশ্ববিখ্যাত পণ্ডিত" হিচাপে অভিহিত কৰিছে। তেওঁ ৰাটজাৰ্ছ ফেকাল্টি ইউনিয়ন, এএইউপি-এএফটিৰ এগৰাকী নেত্ৰী। তেওঁ সভাপতি হৈ থকাৰ সময়ত, ইউনিয়নে লিংগ আৰু বৰ্ণ সমতাৰ বাবে যুঁজ দিছিল, আৰু ২০১৯ চনত এএফটিৰ সভাপতি ৰাণ্ডি ৱেইনগাৰ্টেনে কৈছিল যে “ই সমগ্ৰ দেশৰ উচ্চ শিক্ষাৰ পেছাদাৰীসকলক তেওঁলোকৰ জীৱন – আৰু আনৰ জীৱন – ৰাজপথত আৰু দৰদামৰ টেবুলত উন্নত কৰাৰ বাবে নিজৰ নিজৰ যুদ্ধত যুঁজিবলৈ আৰু জয়ী হ’বলৈ অনুপ্ৰাণিত কৰিব।” ১২৩

শিক্ষা আৰু কৰ্মজীৱন

কুমাৰে বলিং গ্ৰীণ ষ্টেট ইউনিভাৰ্চিটিৰ পৰা গণসংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি স্নাতকোত্তৰ বি.এছ. (যোগাযোগ) বাংগালুৰু বিশ্ববিদ্যালয়ৰ পৰা কৰে‍।৪ তেওঁ পিটছবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা পি. এইচডি. ডিগ্ৰী লাভ কৰিছিল।৪

ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু সংবাদ মাধ্যম অধ্যয়নৰ অধ্যাপিকা হিচাপে তেওঁ "লিংগ, জাতি, আৰু সাম্ৰাজ্য"ৰ দৰে পাঠ্যক্ৰম অধ্যাপনা কৰে। ২০২০ চনত ৰাটগাৰ্ছৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনে তেওঁলোকৰ পুৰুষ সমকক্ষসকলতকৈ কম দৰমহা দিয়াৰ অভিযোগ উত্থাপন কৰি গোচৰ তৰিছিল পাঁচগৰাকী মহিলা টেন্যুৰ অধ্যাপিকাৰ ভিতৰত তেওঁ অন্যতম।৪

বঁটা আৰু স্বীকৃতি

২০১৬ চনত কুমাৰে ডালাছ স্মাইথ বঁটা লাভ কৰে, এই বঁটা ইউনিয়ন ফৰ ডেম'ক্ৰেটিক কমিউনিকেশ্যনে "ডালাছ স্মাইথৰ জটিল ৰাজনৈতিক অৰ্থনৈতিক পৰম্পৰাত কাম কৰা এজন অসাধাৰণ আৰু প্ৰভাৱশালী পণ্ডিতক" প্ৰদান কৰে।৫

তেওঁ আমেৰিকান এছ 'চিয়েশ্যন অৱ ইউনিভাৰ্চিটি প্ৰফেছৰ্ছৰ পৰা দুটা বঁটা লাভ কৰিছে; ২০১৬ চনত জৰ্জিনা এম. স্মিথ বঁটা, আৰু ২০২০ চনত মেৰিলিন ষ্টাৰ্ণবাৰ্গ বঁটা।৬৭

তথ্যসূত্ৰ

  1. ↑ Constructing the Terrorist Threat. Media Education Foundation Online Store
  2. ↑ (October 15, 2020). https://www.nytimes.com/2020/10/15/nyregion/rutgers-equal-pay-lawsuit.html
  3. ↑ (2019-04-17). Rutgers union hails 'historic' faculty contract, pivots to advocating for part-time lecturers. CUE, Inc.
  4. ↑ Deepa Kumar. Rutgers University School of Communication and Information, }
  5. ↑ Kumar. (May 1, 2018). Dallas Smythe Award Keynote Lecture Fighting from the Margins: Neoliberalism, Imperialism, and the Struggle to Democratize the University. Democratic Communiqué
  6. ↑ (21 March 2007). Georgina M. Smith Award. American Association of University Professors
  7. ↑ (19 December 2012). Marilyn Sternberg Award. American Association of University Professors

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় বিজ্ঞানীভাৰতীয় মূলৰ আমেৰিকানবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপা কুমাৰ” প্ৰবন্ধৰ সংশোধন ৫৩৬৫৯৭ (১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।