সুপ্ৰিয়া গণেশ (ইংৰাজী ভাষা: Supriya Ganesh; জন্ম: ১৬ ডিচেম্বৰ, ১৯৯৭) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী।১ তেওঁ এইচবিঅ’ মেক্সৰ মেডিকেল ড্ৰামা টেলিভিছন শৃংখলা দ্য পিট (২০২৫–বৰ্তমান)-ত ডা° সমীৰা মোহনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।২
প্ৰাৰম্ভিক জীৱন
গণেশৰ জন্ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতৰ তামিলনাডুৰ প্ৰৱাসী পিতৃ-মাতৃৰ ঘৰত হৈছিল।৩ তিনি বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে নতুন দিল্লীলৈ স্থানান্তৰিত হয়।৩৪ তেওঁ পাথৱেজ স্কুল নয়দাত অধ্যয়ন কৰিছিল, য’ত তেওঁ ২০১৫ চনত নিজৰ স্নাতক বৰ্ষৰ শ্ৰেষ্ঠ শিক্ষাৰ্থী (ভেলিডিক্টৰিয়ান) আছিল।৫৬ পৰৱৰ্তী সময়ত তেওঁ কলম্বিয়া ইউনিভাৰ্চিটিত অধ্যয়ন কৰিবলৈ পুনৰ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু তাৰপৰা নিউৰ’চাইনচ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। লগতে তেওঁ লিংগ অধ্যয়ন (জেণ্ডাৰ ষ্টাডিজ) বিষয়টো গৌণ বিষয় হিচাপে লৈছিল। তেওঁৰ লক্ষ্য আছিল মেডিকেল স্কুলত অধ্যয়ন কৰা।২৭
কেৰিয়াৰ
গণেশে কলম্বিয়া ইউনিভাৰ্চিটিৰ ছাত্ৰী হৈ থকা অৱস্থাতে অভিনয়ৰ চৰিত্ৰৰ বাবে অডিচন দিবলৈ আৰম্ভ কৰিছিল।৩৮ তেওঁ ২০১৮ চনত চিবিএছৰ ধাৰাবাহিক ব্লু ব্লাডছৰ জৰিয়তে পৰ্দাত আত্মপ্ৰকাশ কৰে আৰু ২০২২ চনত স্ক্ৰীন এক্টৰ্ছ গিল্ড (এছএজি) কাৰ্ড লাভ কৰে।২৯ দ্য পিটত অভিনয়ৰ সুযোগ পোৱাৰ পূৰ্বে তেওঁ চিকিৎসা মহাবিদ্যালয়ত (মেডিকেল স্কুল) অধ্যয়ন কৰাৰ পৰিকল্পনা কৰিছিল; অৱশ্যে ধাৰাবাহিকখনৰ প্ৰথম ছিজনৰ সম্প্ৰচাৰৰ সময়ছোৱাতো তেওঁ এজন এমচিএটি (MCAT) শিক্ষক হিচাপে কাম কৰি গৈছিল।৪১০ ২০২৫ চনৰ মে’ মাহত অ’ল্ড গ্ল’ব থিয়েটাৰত দীপক কুমাৰৰ হাউচ অৱ ইণ্ডিয়াৰ বিশ্ব প্ৰিমিয়াৰত তেওঁ বৈদেহীৰ চৰিত্ৰত অভিনয় কৰিছিল।১১
ব্যক্তিগত জীৱন
২০২৫ চনৰ মে' মাহত গণেশে নিজকে 'কুৱেৰ' বুলি ঘোষণা কৰে। তেওঁ 'She/they' সৰ্বনাম ব্যৱহাৰ কৰে।৩
তথ্যসূত্ৰ
- ↑ Ganesh, Supriya. (December 16, 2021). ✨ you're welcome for me 🎂 ✨
- ↑ Chernikoff, Leah. (June 20, 2025). Everyone's Favorite Resident on The Pitt Is Still Processing Her Success. Harper's Bazaar
- ↑ Malkin, Marc. (May 28, 2025). 'The Pitt' Star Supriya Ganesh on Wanting to See More of Samira's Personal Life in Season 2 and Using She/They Pronouns: 'Hey, I'm Queer. See Me'. Variety
- ↑ Bains, Pahull. (April 29, 2025). 'The Pitt' is over, but Supriya Ganesh is just getting started. The Nod
- ↑ Sankaranarayanan, Aruna. (December 28, 2013). Dare to be different. দ্য হিন্দু
- ↑ Valedictorians. Pathways School Noida
- ↑ Fuentes, Tamara. (8 January 2026). 'The Pitt' Star Supriya Ganesh Refuses to Choose Between Art and Reality, and They're Ready to See Where Else It Leads Them. Cosmopolitan
- ↑ Ng, Philiana. (13 March 2026). 'The Pitt': Supriya Ganesh on that 'devastating' scene — and why the worst is still to come. Gold Derby
- ↑ Allaire, Christian. (13 February 2026). From The Pitt's ER to NYFW: Supriya Ganesh Hits Her First Fashion Week. Vogue
- ↑ Roy, Jessica. (April 11, 2025). "The Pitt" Has Found a Loyal Fanbase. The New York Times
- ↑ Higgins, Molly. (March 28, 2025). See Who's Starring in Deepak Kumar's House of India at The Old Globe. Playbill
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুপ্ৰিয়া গণেশ” প্ৰবন্ধৰ সংশোধন ৫৯১১৮৮ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।