ভাৰতীয় মহিলা ক্ৰিকেটাৰ
৩২ প্ৰবন্ধ
-
হৰমনপ্ৰীত কৌৰ
হৰমনপ্ৰীত কৌৰ (Harmanpreet Kaur; জন্ম: ৮ মাৰ্চ ১৯৮৯) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ যিয়ে ভাৰতৰ মহিলা জাতীয় দলৰ সকলো ফৰ্মেটতে অধিনায়ক। তেওঁ এগৰাকী অল-ৰাউণ্ডাৰ হিচাপে খেলে। ২০১৮ চনত ভাৰতৰ বাবে টি-২০ ইণ্টাৰনেশ্যনেল মেচত শতক অৰ্জন কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
-
ঝুলন গোস্বামী
ঝুলন নিশিত গোস্বামী ( Jhulan Goswami; জন্ম: ২৫ নৱেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ। ২০০২ চনৰ পৰা ২০২২ চনলৈকে তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ খেলিছিল। তেওঁ ৰাইট আৰ্ম মিডিয়াম ফাষ্ট বলাৰ আৰু ৰাইট হেণ্ড বেটছমেন হিচাপে খেলিছিল।
-
মিতালী ৰাজ
মিতালী দৰাই ৰাজ (Mithali Dorai Raj,জন্ম: ৩ ডিচেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় ক্ৰিকেট খেলুৱৈ আৰু বৰ্তমান ভাৰতীয় মহিলা ক্ৰিকেট দলৰ টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ অধিনায়ক।
-
স্মৃতি মান্ধানা
স্মৃতি শ্ৰীনিবাস মান্ধানা (Smriti Mandhana, জন্ম: ১৮ জুলাই ১৯৯৬) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ৷ তেওঁ ভাৰতীয় মহিলা দলৰ প্ৰতিনিধি৷ স্মৃতি মান্ধানাই মহিলাৰ প্ৰিমিয়াৰ লীগ (WPL)ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ খেলে।
-
অমিতা শৰ্মা
অমিতা শৰ্মা ( Amita Sharma) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ আৰু ভাৰতৰ মহিলা ক্ৰিকেট দলৰ বাছনি পেনেলৰ বৰ্তমানৰ অধ্যক্ষ। মূলতঃ সোঁহতীয়া মধ্যম বেগী বলাৰ হিচাপে খেলিছিল। ২০০২ চনৰপৰা ২০১৪ চনলৈকে ভাৰতৰ হৈ ৫খন টেষ্ট মেচ, ১১৬খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু ৪১খন টি-২০ ইণ্টাৰনেশ্যনেলত অংশগ্ৰহণ কৰিছিল।
-
দীপ্তি শৰ্মা
দীপ্তি ভগৱান শৰ্মা (জন্ম ২৪ আগষ্ট ১৯৯৭) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। বাঁওহতীয়া বেটিং আৰু অফ ব্ৰেকত সোঁহতীয়া বল কৰা এগৰাকী অল ৰাউণ্ডাৰ। ঘৰুৱা ক্ৰিকেটত উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰাৰ লগতে মহিলা প্ৰিমিয়াৰ লীগত ইউ পি ৱাৰিয়ৰ্জৰ হৈ খেলে।
-
উমা ছেত্ৰী
উমা ছেত্ৰী (Uma Chetry, জন্ম: ২৭ জুলাই ২০০২) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম গৰাকী অসমীয়া ক্ৰিকেটাৰ। তেওঁ এগৰাকী উইকেট-কিপাৰ আৰু বেটাৰ। তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উইকেট কিপাৰৰ লগতে অসম মহিলা ক্ৰিকেট দলৰো ইউকেট কিপাৰ।
-
গৌহেৰ চুলতানা
গৌহেৰ চুলতানা ( Gouher Sultana; জন্ম: ৩১ মাৰ্চ ১৯৮৮) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ। চুলতানাৰ জন্ম হায়দৰাবাদত। তেওঁ ভাৰতৰ ২১ বছৰ অনূৰ্ধ্ব মহিলা দল, আৰু ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মূলতঃ বাঁওহাতৰ গতানুগতিক স্পিন বলাৰ হিচাপে খেলিছে।
-
জয়া শৰ্মা
জয়া শৰ্মা ( Jaya Sharma; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৮০) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ যিয়ে বাঁওহতীয়া বেটিং কৰিছিল। ২০০৫ চনৰ বিশ্বকাপত খেলাকে ধৰি ২০০২ চনৰপৰা ২০০৮ চনৰ ভিতৰত ভাৰতৰ হৈ এখন টেষ্ট মেচ, ৭৭খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু এখন টি-২০ ইণ্টাৰনেশ্যনেলত অংশগ্ৰহণ কৰিছিল।
-
ডায়েনা এডুলজি
ডায়েনা এডুলজি (জন্ম ২৬ জানুৱাৰী ১৯৫৬) এগৰাকী প্ৰাক্তন ভাৰতীয় মহিলা টেষ্ট ক্ৰিকেটাৰ।মুম্বাইত জন্ম গ্ৰহণ কৰা এইগৰাকী প্ৰভাৱশালী খেলুৱৈয়ে নিচেই কম বয়সতে ক্ৰীড়া জগতত ভূমুকি মাৰে আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
-
শান্থা ৰঙ্গস্বামী
শান্থা ৰঙ্গস্বামী (জন্ম ১ জানুৱাৰী ১৯৫৪) এগৰাকী ভাৰতীয় অলৰাউণ্ডাৰ ক্ৰিকেটাৰ। ১৯৭৬ চনৰপৰা ১৯৯১ চনলৈ ভাৰতৰ হৈ ১৬খন মহিলা টেষ্ট ক্ৰিকেট খেল খেলিছিল, ১৯৭৬-৭৭ চনত ৮খন আৰু ১৯৮৩–৮৪ চনত চাৰিখন খেলত দলটোৰ অধিনায়কত্ব কৰিছিল।
-
শ্যামা দে
শ্যামা দে শ্ব’ (জন্ম: ৮ জুলাই ১৯৭১) এগৰাকী ভাৰতীয় প্ৰাক্তন অল-ৰাউণ্ডাৰ ক্ৰিকেটাৰ। তেওঁ বাওঁহতীয়া বেটিং আৰু বাওঁহতীয়া বলিং কৰিছিল। ১৯৯৫ চনৰ পৰা ১৯৯৭ চনলৈকে ভাৰতৰ হৈ তিনিখন টেষ্ট মেচ আৰু পাঁচখন ৱান ডে ইণ্টাৰনেশ্যনেল মেচত অংশগ্ৰহণ কৰিছিল। বংগৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল।
-
শ্ৰাৱন্তি নাইডু
শ্ৰাৱন্তি নাইডু ওৰফে স্থলম কৃষ্ণমূৰ্থ শ্ৰাৱন্তি নাইডু ( Sthalam Krishnamurth Sravanthi Naidu; জন্ম: ২৩ আগষ্ট ১৯৮৬) এগৰাকী ভাৰতীয় প্ৰাক্তন মহিলা ক্ৰিকেটাৰ। তেওঁ লেহেমীয়া বাঁওহতীয়া গতানুগতিক বলাৰ হিচাপে খেলিছিল।
-
সুলক্ষণা নাইক
সুলক্ষণা নাইক ( Sulakshana Naik; জন্ম: ১০ নৱেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ। তেওঁ উইকেট কীপাৰ আৰু সোঁহতীয়া বেটছমেন হিচাপে খেলিছিল। ২০০২ চনৰ পৰা ২০১৩ চনলৈকে ভাৰতৰ হৈ দুখন টেষ্ট মেচ, ৪৬ খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু ৩১ খন টি-২০ ইণ্টাৰনেশ্যনেলত অংশগ্ৰহণ কৰিছিল।
-
হেমলতা কালা
হেমলতা কালা ( Hemlata Kala; জন্ম: ১৫ আগষ্ট ১৯৭৫) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেট অল-ৰাউণ্ডাৰ। তেওঁ সোঁহতীয়া বেটছমেন আৰু সোঁহতীয়া মধ্যম বলাৰ হিচাপে খেলিছিল। ১৯৯৯ চনৰপৰা ২০০৮ চনৰ ভিতৰত ভাৰতৰ হৈ ৭খন টেষ্ট মেচ, ৭৮খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু এখন টি-২০ ইণ্টাৰনেশ্যনেলত অংশগ্ৰহণ কৰে।
-
ৰাধা যাদৱ
ৰাধা যাদৱ ( Radha Yadav; জন্ম: ২১ এপ্ৰিল ২০০০) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ মুম্বাই, বৰোদা আৰু ৱেষ্ট জ'নৰ হৈ খেলে। তেওঁ ৪খন প্ৰথম শ্ৰেণী, ১৩খন তালিকা ক আৰু ১৬খন মহিলা টি-২০ মেচ খেলিছে। ২০১৫ চনৰ ১০ জানুৱাৰীত কেৰালাৰ বিৰুদ্ধে জ্যেষ্ঠ ঘৰুৱা ক্ৰিকেটত আত্মপ্ৰকাশ কৰে। বিশ্ব চেম্পিয়ন (২০২৫)।
-
ৰিচা ঘোষ
ৰিচা ঘোষ (ইংৰাজী: Richa Ghosh; জন্ম: ২৮ ছেপ্টেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ ভাৰতীয় মহিলা জাতীয় দলত উইকেট-কীপাৰ বেটাৰ হিচাপে খেলি থাকে। ঘৰুৱা ক্ৰিকেটত বংগ আৰু মহিলা প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰ বেংগালুৰু দলক প্ৰতিনিধিত্ব কৰে।
-
অঞ্জলি শৰ্মা (ক্ৰিকেটাৰ)
অঞ্জলি শৰ্মা (জন্ম ১২ ডিচেম্বৰ ১৯৫৬) এগৰাকী প্ৰাক্তন ৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ যিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ভাৰতৰ হৈ তিনিখন ৱান ডে ইণ্টাৰনেশ্যনেল খেলিছিল, এই সকলোবোৰ ১৯৭৮ চনৰ জানুৱাৰী মাহত, আৰু দুটা উইকেট দখল কৰিছিল, সৰ্বোত্তম বলিং ১/৩২।
-
অঞ্জুম চোপ্ৰা
অঞ্জুম চোপ্ৰা ( Anjum Chopra); জন্ম: ২০ মে' ১৯৭৭) এগৰাকী ভাৰতীয় ক্ৰিকেট মন্তব্যকাৰী আৰু প্ৰাক্তন ক্ৰিকেটাৰ। ১৮ বছৰত ফৰ্মেটত ১৫০ খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ভাৰতৰ হৈ ১০০০ এদিনীয়া ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী মহিলা আছিল চোপ্ৰা।
-
ক্ৰান্তি গৌড়
ক্ৰান্তি গৌড় ( ইংৰাজী: Kranti Gaud; জন্ম: ১১ আগষ্ট ২০০৩) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত মধ্যপ্ৰদেশ আৰু মহিলা প্ৰিমিয়াৰ লীগত ইউ পি ৱাৰিয়ৰ্জক তেওঁ প্ৰতিনিধিত্ব কৰে।. ২০২৫ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দলটোৰ তেওঁ প্ৰতিনিধি আছিল।
-
গাৰ্গী বেনাৰ্জী
গাৰ্গী বেনাৰ্জী (ইংৰাজী: Gargi Banerjee; জন্ম: ২০ জুলাই ১৯৬১) এগৰাকী প্ৰাক্তন টেষ্ট আৰু এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ যিয়ে ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছিল।
-
তনুজা কঁৱৰ
তনুজা কঁৱৰ ( ইংৰাজী: Tanuja Kanwar; জন্ম: ২৮ জানুৱাৰী ১৯৯৮) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ যিয়ে বৰ্তমান ৰেলৱে আৰু গুজৰাট জায়েণ্টছৰ হৈ খেলে। তেওঁ বাওঁহাতৰ গতানুগতিক বলাৰ হিচাপে খেলে। ২০২৪ চনত ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ অভিষেক ঘটে।
-
দেৱীকা বৈদ্য
দেৱীকা বৈদ্য (জন্ম: ১৩ আগষ্ট ১৯৯৭) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ৷ তেওঁ মহাৰাষ্ট্ৰৰ হৈ ঘৰুৱা খেল আৰু ভাৰতৰ মহিলা জাতীয় দলৰ হৈ খেলে। বৈদ্যই শৈশৱত মহাৰাষ্ট্ৰ মণ্ডলত অধ্যয়ন কৰিছিল।
-
নন্দিনী কাশ্যপ
নন্দিনী কাশ্যপ (ইংৰাজী: Nandini Kashyap; জন্ম: ১৩ ডিচেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ঘৰুৱা ক্ৰিকেটত উত্তৰাখণ্ড মহিলা ক্ৰিকেট দলৰ হৈ সোঁহতীয়া বেটাৰ আৰু উইকেটৰক্ষক হিচাপে খেলে।
-
প্ৰিয়া পুনিয়া
প্ৰিয়া পুনিয়া (জন্ম ৬ আগষ্ট ১৯৯৬) এগৰাকী ভাৰতীয় ক্ৰিকেট খেলুৱৈ।২০১৮ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় মহিলা ক্ৰিকেট দলত ২০১৮–১৯ চনত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হোৱা ক্ৰিকেট শৃংখলাত তেওঁৰ অভিষেক ঘটে। আৰু ২০১৯ চনৰ ৬ ফেব্ৰুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ হৈ মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়।
-
মন্নত কাশ্যপ
মন্নত কাশ্যপ (ইংৰাজী: Mannat Kashyap; জন্ম: ১৫ ডিচেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ। তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলি আহিছে আৰু ঘৰুৱা ক্ৰিকেটত গুজৰাট জায়াণ্টছ আৰু নৰ্থ জ'ন দলৰ হৈ খেলি আহিছে।
-
মেঘনা সিং
মেঘনা সিং (জন্ম ১৮ জুন ১৯৯৪) হৈছে এখন ভাৰতীয় মহিলা ক্ৰিকেটাৰ, যিয়ে ৰে'ইলৱেৰ হৈ খেল কৰে। আগষ্ট ২০২১-ত, তেওঁ প্ৰথমবাৰৰ বাবে ভাৰত মহিলা ক্ৰিকেট দলত স্থান লাভ কৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধৰ শৃংখলাত, য'ত তেওঁ টেষ্ট দলতো স্থান লাভ কৰে।
-
সন্ধ্যা আগৰৱাল
সন্ধ্যা আগৰৱাল ( Sandhya Agarwal; জন্ম: ৯ মে' ১৯৬৩) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ আৰু ভাৰতৰ মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক। তেওঁৰ ঘৰ মধ্যপ্ৰদেশৰ ইন্দোৰত।
-
স্নেহ ৰাণা
স্নেহ ৰাণা (ইংৰাজী: Sneh Rana; জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৯৪) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ৷ তেওঁ মহিলা জাতীয় দলৰ হৈ সোঁহাতৰ অফ ব্ৰেক বলাৰ আৰু সোঁহাতৰ বেটছমেন হিচাপে খেলে। ৰাণাই ঘৰুৱা ক্ৰিকেটত ৰেলৱে আৰু মহিলা প্ৰিমিয়াৰ লীগত দিল্লী কেপিটেলছক প্ৰতিনিধিত্ব কৰে।
-
হৰলিন দেওল
হৰলিন কৌৰ দেওল (ইংৰাজী: Harleen Kaur Deol; জন্ম: ২১ জুন ১৯৯৮) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ৷ তেওঁ ভাৰতীয় মহিলা জাতীয় দলৰ হৈ সোঁহাতৰ বেটছমেন হিচাপে খেলে আৰু মাজে মাজে সোঁহাতৰ লেগ স্পিন বল কৰে।