অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডায়েনা এডুলজি

ডায়েনা এডুলজি (জন্ম ২৬ জানুৱাৰী ১৯৫৬) এগৰাকী প্ৰাক্তন ভাৰতীয় মহিলা টেষ্ট ক্ৰিকেটাৰ।মুম্বাইত জন্ম গ্ৰহণ কৰা এইগৰাকী প্ৰভাৱশালী খেলুৱৈয়ে নিচেই কম বয়সতে ক্ৰীড়া জগতত ভূমুকি মাৰে আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩০৩ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ডায়েনা এডুলজি (জন্ম ২৬ জানুৱাৰী ১৯৫৬) এগৰাকী প্ৰাক্তন ভাৰতীয় মহিলা টেষ্ট ক্ৰিকেটাৰ।১মুম্বাইত জন্ম গ্ৰহণ কৰা এইগৰাকী প্ৰভাৱশালী খেলুৱৈয়ে নিচেই কম বয়সতে ক্ৰীড়া জগতত ভূমুকি মাৰে আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। তেওঁলোক বসবাস কৰা ৰেলৱে কলনীতে প্ৰথমে ডায়েনাই এটা টেনিছ বলৰে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল। ক্ৰিকেটৰ জগত খনলৈ বদলি হোৱাৰ পূৰ্বে ডায়েনাই ৰাষ্ট্ৰীয় পৰ্যায়ত কনিষ্ঠ শাখাত টেবুল টেনিছ আৰু বাস্কেটবল খেলিছিল। পূৰ্বৰ টেষ্ট ক্ৰিকেটাৰ 'লালা অমৰনাথ'ৰ দ্বাৰা আয়োজিত ক্ৰিকেট ক্যাম্পত তেওঁ দক্ষতা অৰ্জন কৰিছিল। ডায়েনাই ভাৰতৰ হৈ ২০ খনকৈ টেষ্ট আৰু ৩৪খন অ'ডিআই খেলাৰ ৰেকৰ্ড গঢ়িছিল। ১৯৭৮ চনৰ মহিলা বিশ্বকাপত ভাৰতৰ সৰ্বকালৰ প্ৰথমটি মহিলা ক্ৰিকেট অ'ডিআই দলৰ নেতৃত্বৰ দায়িত্ব ডায়েনা এডুলজিৰ হাতত অৰ্পণ কৰা হৈছিল। কলকাতাৰ ইডেন গাৰ্ডেনত ইংলেণ্ডৰ বিৰুদ্ধে তেওঁলোকৰ এই দলটি পৰাজিত হয়। লগতে আন দুখন খেলটো নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ হাতত পৰাজয় বৰণ কৰে। ১৯৯১চনত তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমখন টেষ্ট আৰু ১৯৯৩চনত ডেনমাৰ্কৰ বিপক্ষে অন্তিমখন অ'ডিআই খেলিছিল। সেই সময়ত ভাৰতত মহিলাৰ ক্ৰিকেট জনপ্ৰিয় হৈ উঠিছিল। ইয়াৰ পিছত ডায়েনাই ৰেলৱে আৰু ভাৰতীয় মহিলা ক্ৰিকেট টিমৰ হৈ খেলিছিল। ডায়েনা ধীৰ গতিৰ বাওঁহতিয়া বলাৰ আছিল। ১৯৭৫ চনত তেওঁ প্ৰথম বাৰলৈ তেওঁ জীৱনৰ প্ৰথমটো সৃংখলা খেলিছিল। ১৯৭৮ চনত তেওঁ দলৰ অধিনায়ক হয়। টেষ্টত তেওঁ তৃতীয় সৰ্বোচ্চ উইকেট লওঁতা আছিল।২ অৱশ্যে তেওঁৰ ব্যক্তিগত ৰেকৰ্ড কম প্ৰভাৱশালী।৩ ১৯৮৬ চনত ভাৰতীয় দলৰ অধিনায়ক হৈ যাওঁতে ইংলেণ্ডলৰ এডুলজি লৰ্ড পেভিলিয়নত ডায়েনাৰ প্ৰৱেশ প্ৰত্যাখ্যান কৰা হৈছিল। কাৰণ ডায়েনাই প্ৰহসন কৰি MCC(Marylebone Cricket Club)ৰ পৰিৱৰ্তে MCP("male chauvinist pigs")কৰিব লাগে বুলিছিল।৪ মহিলা টেষ্ট ইতিহাসত সকলোতকৈ অধিক সংখ্যক বল(+৫০৯৮) দিয়াৰ ৰেকৰ্ড নিজৰ পক্ষত ৰাখিবলৈ সক্ষম হৈছিল।৫ ডায়েনাক ১৯৮৩চনত ভাৰতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া সম্মান অৰ্জুন বঁটা প্ৰদান কৰা হয়। ইয়াৰোপৰি ২০০২ চনত ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়।৬ ডায়েনাই গোটেই জীৱনচোৱাত ক্ৰিকেট খেলাৰ সময়ত সমুখৰ চাৰিটাকৈ দাঁত হেৰুৱাইছে যদিও খেলৰ প্ৰতি তেওঁৰ আগ্ৰহ, বিচক্ষণতা তথা উৎসৰ্গাই উঠি অহা চামক অনুপ্ৰেৰণা জন্মাবলৈ সক্ষম হ'ব। ডায়েনা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ভাৰতীয় মহিলা ক্ৰিকেটাৰ বুলি গণ্য কৰা হয়। ২০১৭ চনৰ ৩০জানুৱাৰীত সন্মানীয় সৰ্বোচ্চ ন্যায়ালয়ে BCCI প্ৰশাসনৰ পেনেলত নিযুক্তি দিয়ে।৭

তথ্যসূত্ৰ

  1. ↑ 'BCCI a male chauvinist organisation' Edulji
  2. ↑ Records · Women's Test matches · Bowling records · Most wickets in career · ESPNcricinfo. Cricinfo
  3. ↑ Records · Women's One-Day Internationals · Bowling records · Most wickets in career · ESPNcricinfo. Cricinfo
  4. ↑ Hopps, David. (29 April 2006). Great Cricket Quotes. Robson Books. পৃ. 143. ISBN 978-1861059673
  5. ↑ Records · Women's Test matches · Bowling records · Most balls bowled in career · ESPN Cricinfo. Cricinfo
  6. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  7. ↑ Diana Edulji, the Cricketer Trusted to Run BCCI

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীঅৰ্জুন বঁটা বিজয়ীভাৰতীয় মহিলা ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডায়েনা এডুলজি” প্ৰবন্ধৰ সংশোধন ৬৩২২২১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।