অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰিচা ঘোষ

ৰিচা ঘোষ (ইংৰাজী: Richa Ghosh; জন্ম: ২৮ ছেপ্টেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ ভাৰতীয় মহিলা জাতীয় দলত উইকেট-কীপাৰ বেটাৰ হিচাপে খেলি থাকে। ঘৰুৱা ক্ৰিকেটত বংগ আৰু মহিলা প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰ বেংগালুৰু দলক প্ৰতিনিধিত্ব কৰে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২৬১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ৰিচা ঘোষ (ইংৰাজী: Richa Ghosh; জন্ম: ২৮ ছেপ্টেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ ভাৰতীয় মহিলা জাতীয় দলত উইকেট-কীপাৰ বেটাৰ হিচাপে খেলি থাকে।১ ঘৰুৱা ক্ৰিকেটত বংগ আৰু মহিলা প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰ বেংগালুৰু দলক প্ৰতিনিধিত্ব কৰে। ২০২৫ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপ, ২০২২ চনৰ মহিলা এছিয়া কাপ, ২০২২ চনৰ এছিয়ান গেমছত স্বৰ্ণ পদক আৰু ২০২৩ চনৰ অনুৰ্ধ্ব-১৯ টি২০ বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰ অংশ আছিল।

কেৰিয়াৰ

২০২০ চনত, মাত্ৰ ১৬ বছৰ বয়সতে, ঘোষক ২০২০ চনৰ আইচিচি মহিলা টি২০ বিশ্বকাপৰ বাবে ভাৰতৰ দলত অন্তৰ্ভুক্ত কৰা হৈছিল।২৩৪ একে মাহতে তেওঁ ২০২০ চনৰ ত্ৰিদেশীয় শৃংখলাৰ বাবেও ভাৰতৰ দলত স্থান লাভ কৰে।৫ ১২ ফেব্ৰুৱাৰী ২০২০ তাৰিখে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ত্ৰিশৃংখলাৰ অন্তিম খেলত তেওঁ মহিলা টি২০ আন্তঃৰাষ্ট্ৰীয়ত অভিষেক কৰে।৬

মে’ ২০২১ত তেওঁ প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চুক্তি লাভ কৰে।৭

আগষ্ট ২০২১ত অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতৰ দলত অন্তৰ্ভুক্ত কৰা হয়।৮৯১০ ২১ ছেপ্টেম্বৰ ২০২১ তাৰিখে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মহিলা এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত অভিষেক কৰে।১১

২০২১–২২ চনৰ মহিলা বিগ বেছ লীগ মৌচুমত তেওঁ হ’বাৰ্ট হাৰিকেইনছৰ হৈ খেলিছিল।১২ জানুৱাৰী ২০২২ত নিউজিলেণ্ডত অনুষ্ঠিত মহিলা এদিনীয়া বিশ্বকাপৰ বাবে ভাৰতৰ দলত স্থান লাভ কৰে।১৩

২০২৩ চনৰ মহিলা প্ৰিমিয়াৰ লীগৰ নিলামত তেওঁ ১.৯০ কোটি টকাত ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ সৈতে চুক্তিবদ্ধ হয়।১৪

ডিচেম্বৰ ২০২৩ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ বাবে ভাৰতৰ দলত অন্তৰ্ভুক্ত কৰা হয়।১৫ ২১ ডিচেম্বৰ ২০২৩ তাৰিখে মহিলা টেষ্টত অভিষেক কৰে।১৬ ২০২৪ চনৰ আইচিচি মহিলা টি২০ বিশ্বকাপৰ বাবেও ভাৰতৰ দলত অন্তৰ্ভুক্ত হয়।১৭

১৯ ডিচেম্বৰ ২০২৪ তাৰিখে পশ্চিম ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি২০ত তেওঁ যুগ্ম-দ্ৰুততম অৰ্ধশতকৰ অভিলেখ গঢ়ে।১৮

২০২৫ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁ ৯৪ ৰান সংগ্ৰহ কৰি ৮ নম্বৰ স্থানত সৰ্বাধিক ৰানৰ অভিলেখ গঢ়ে।১৯২০

খেলপথাৰৰ বাহিৰত

২০২৫ চনৰ ৪ ডিচেম্বৰ তাৰিখে পশ্চিম বংগ আৰক্ষীত সন্মানীয় উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰে।২১

তথ্যসূত্ৰ

  1. ↑ Richa Ghosh. ESPNcricinfo
  2. ↑ Never thought things will happen so fast, says teenager Richa Ghosh. Times of India
  3. ↑ Meet Richa Ghosh, the new 'Girl in Blue'. Sportstar
  4. ↑ World Cup-bound at just 16, Siliguri's Richa Ghosh fulfils her father's dream. New Indian Express
  5. ↑ India Squad for Women's T20 World Cup 2020 Announced. Female Cricket
  6. ↑ Australia Women vs India Women final, Australia tri-nation womens T20 Series 2019–20. ESPNcricinfo
  7. ↑ India Women central contracts: Shafali Verma promoted, Ekta Bisht dropped. ESPNcricinfo
  8. ↑ Meghna Singh, Renuka Singh Thakur earn maiden call-ups; uncapped Yastika Bhatia returns for Australia tour. Women's CricZone
  9. ↑ India Women's squad for one-off Test, ODI and T20I series against Australia announced. Board of Control for Cricket in India
  10. ↑ India Women call up Meghna Singh, Yastika Bhatia, Renuka Singh for Australia tour. ESPNcricinfo
  11. ↑ 1st ODI, Mackay, Sep 21 2021, India Women tour of Australia. ESPNcricinfo
  12. ↑ Sportstar, Team. WBBL 2021: From Harmanpreet Kaur to Smriti Mandhana - Full list of Indian signings. Sportstar
  13. ↑ Renuka Singh, Meghna Singh, Yastika Bhatia break into India's World Cup squad. ESPNcricinfo
  14. ↑ Tripathi. (14 February 2023). WPL Auctions: Richa Ghosh most expensive among Indian wicketkeepers, sold to RCB for 1.90 crore. The Hindustan times
  15. ↑ Team India (Senior Women) squad for England T20Is and two Tests announced. Board of Control for Cricket in India
  16. ↑ (2023-12-24). India (W) vs AUS WMN, Australia Women in India, Only Test, December 21 - 24, 2023. ESPNcricinfo
  17. ↑ India’s squad for the ICC Women's T20 World Cup 2024 announced. Board of Control for Cricket in India
  18. ↑ Bharat, E. T. V. (2024-12-20). Richa Ghosh Records Joint-Fastest Fifty In Women T20I Cricket. ETV Bharat News
  19. ↑ Moonda, Firdose. (9 October 2025). De Klerk upstages Ghosh as South Africa win thriller. ESPNcricinfo
  20. ↑ Most runs in an innings (by batting position) in WODIs. ESPNcricinfo
  21. ↑ (4 December 2025). DSP Richa Ghosh begins duty as ACP Siliguri after World Cup success. India Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিচা ঘোষ” প্ৰবন্ধৰ সংশোধন ৬২৪২০২ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।