অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুশীল চন্দ্ৰা

সুশীল চন্দ্ৰা (Sushil Chandra; জন্ম: ১৫ মে' ১৯৫৭) ১৯৮০ চনৰ বেট্চৰ আই আৰ এছ (আই টি) বিষয়া। তেওঁ ভাৰতৰ ২৪ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। ইয়াৰ পূৰ্বে তেওঁ প্ৰত্যক্ষ কৰৰ কেন্দ্ৰীয় ব'ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ৬ নৱেম্বৰ ২০২৪ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সুশীল চন্দ্ৰা (Sushil Chandra; জন্ম: ১৫ মে' ১৯৫৭) ১৯৮০ চনৰ বেট্চৰ আই আৰ এছ (আই টি) বিষয়া।১ তেওঁ ভাৰতৰ ২৪ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। ইয়াৰ পূৰ্বে তেওঁ প্ৰত্যক্ষ কৰৰ কেন্দ্ৰীয় ব'ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২৩

ব্যক্তিগত জীৱন

সুশীল চন্দ্ৰৰ জন্ম হৈছিল ১৯৫৭ চনৰ ১৫ মে'ত চন্দাউছি ইউ পি ত। তেওঁ ৰুৰকি বিশ্ববিদ্যালয়ৰ পৰা বি-টেক আৰু ডেৰাডুনৰ ডি এ ভি কলেজৰ পৰা এল এল বি সম্পূৰ্ণ কৰে।১ তেওঁ আই এম এফ, ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট বেংগালুৰু আৰু ৱাৰ্টন স্কুলত পৰিচালনাৰ বিভিন্ন প্ৰশিক্ষণতো অংশ লৈছে।৪

কৰ্মজীৱন

সুশীল চন্দ্ৰ আৰু ভাৰতত থকা কাজাখস্তান গণৰাজ্যৰ ৰাষ্ট্ৰদূত বুলাট ছাৰচেনবায়েভ ডাঙৰীয়াই ভাৰত আৰু কাজাখস্তানৰ মাজত বৰ্তমানৰ ডাবল টেক্সেচন এভয়ডেন্স কনভেনচন (ডিটিএচি) সংশোধনৰ বাবে প্ৰট’কলত স্বাক্ষৰ কৰি থকা অৱস্থাত, নতুন দিল্লীত
সুশীল চন্দ্ৰ আৰু ভাৰতত থকা কাজাখস্তান গণৰাজ্যৰ ৰাষ্ট্ৰদূত বুলাট ছাৰচেনবায়েভ ডাঙৰীয়াই ভাৰত আৰু কাজাখস্তানৰ মাজত বৰ্তমানৰ ডাবল টেক্সেচন এভয়ডেন্স কনভেনচন (ডিটিএচি) সংশোধনৰ বাবে প্ৰট’কলত স্বাক্ষৰ কৰি থকা অৱস্থাত, নতুন দিল্লীতছবি: Ministry of Finance of India · GODL-India

সুশীল চন্দ্ৰ আৰু ভাৰতত থকা কাজাখস্তান গণৰাজ্যৰ ৰাষ্ট্ৰদূত বুলাট ছাৰচেনবায়েভ ডাঙৰীয়াই ভাৰত আৰু কাজাখস্তানৰ মাজত বৰ্তমানৰ ডাবল টেক্সেচন এভয়ডেন্স কনভেনচন (ডিটিএচি) সংশোধনৰ বাবে প্ৰট’কলত স্বাক্ষৰ কৰি, নতুন দিল্লীত ভাৰতীয় অভিযান্ত্ৰিক সেৱাত কৰ্মজীৱন আৰম্ভ কৰিছিল। পিছলৈ ভাৰতীয় ৰাজহ সেৱাৰ ১৯৮০ চনৰ বেচত যোগদান কৰে। চেণ্ট্ৰেল ব’ৰ্ড অৱ ডাইৰেক্ট টেক্সৰ অধ্যক্ষতাত তেওঁ অপাৰেচন ক্লিন মানিত যথেষ্ট অৰিহণা যোগাইছিল।

তেওঁ দিল্লীৰ আয়কৰ (আপিল) আন্তঃৰাষ্ট্ৰীয় কৰ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ মুম্বাইৰ তদন্ত সঞ্চালক আৰু গুজৰাটৰ তদন্ত সঞ্চালক প্ৰধানো আছিল।৫৬৭ ২০১৯ চনৰ ১৫ ফেব্ৰুৱাৰীত তেওঁ ভাৰতৰ নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰে আৰু ২০২১ চনৰ ১৩ এপ্ৰিলত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।৮

মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে ৫টা নিৰ্বাচনকে ধৰি ১৬টা নিৰ্বাচনত জড়িত হৈ আছে। ২০২২ চনৰ ১৪ মে’ত তেওঁ অৱসৰ গ্ৰহণ কৰে, তেওঁৰ উত্তৰাধিকাৰী ৰাজীৱ কুমাৰ। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক লোকপালৰ অ-ন্যায়িক সদস্য হিচাপে নিযুক্তি দিয়া হয় আৰু ২০২৭ চনৰ ১৪ মে'লৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰে।৯

তথ্যসূত্ৰ

  1. ↑ Sushil Chandra Appointed Chief Election Commissioner After Sunil Arora Demits Office. The Wire
  2. ↑ Nath, Damini. (12 April 2021). Sushil Chandra appointed Chief Election Commissioner. The Hindu
  3. ↑ (12 April 2021). Who is Sushil Chandra? Know your new chief election commissioner. Hindustan Times
  4. ↑ Shri Sushil Chandra. Election Commission of India
  5. ↑ (14 April 2021). Sushil Chandra takes charge as new CEC
  6. ↑ (2019-02-15). Shri Sushil Chandra takes over as new Election Commissioner. Press Information Bureau, Government of India
  7. ↑ (2016-11-01). Shri Sushil Chandra takes over as the Chairman, Central Board of Direct Taxes (CBDT).. Press Information Bureau, Government of India
  8. ↑ (Apr 12, 2021). Sushil Chandra succeeds Sunil Arora as CEC, to take charge from tomorrow · India News - Times of India. The Times of India
  9. ↑ (2024-02-27). Ex-SC judge Justice A M Khanwilkar appointed Lokpal chairperson. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

অসামৰিক সেৱাভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তভাৰতীয় ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুশীল চন্দ্ৰা” প্ৰবন্ধৰ সংশোধন ৪৪৩০৬২ (৬ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।