শ্ৰীথা শিৱদাস (ইংৰাজী ভাষা: Shritha Sivadas) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু দূৰদৰ্শনৰ আঁতধৰোঁতা। তেওঁ মূলতঃ মালয়ালম ভাষা আৰু তামিল ভাষা ভাষাৰ ছবিত অভিনয় কৰে। সুগীতৰ পৰিচালনাত মুক্তিপ্ৰাপ্ত ২০১২ চনৰ চলচ্চিত্ৰ অৰ্ডিনাৰী যোগে তেওঁ অভিনয় জগতত আত্মপ্ৰকাশ কৰে।১ সুদীৰ্ঘ বিৰতিৰ পিছত ২০১৯ চনত ধিল্লুকু ধুদ্ধু ২ ছবিখনৰ জৰিয়তে তেওঁ পুনৰ অভিনয় জগতলৈ প্ৰত্যাৱৰ্তন কৰে।
ব্যক্তিগত জীৱন
কেৰালাৰ অলুভাৰ উলিয়ানূৰত শ্ৰীথাৰ জন্ম হৈছিল। পিতৃ শিৱদাস আৰু মাতৃ উমাৰ ঘৰত জন্ম লোৱা শ্ৰীথাৰ প্ৰকৃত নাম পাৰ্বতী।২৩ তেওঁ কালাডীৰ শ্ৰী শংকৰা college-ৰপৰা মাইক্ৰ’বায়’লজী বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
কৈৰালী টিভিৰ ডিউ ড্ৰপছ নামৰ এক অনুষ্ঠানৰ আঁতধৰোঁতা হিচাপে শ্ৰীথাই কৰ্মজীৱনৰ সূচনা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ একেটা চেনেলৰে তাৰোৎসৱম নামৰ অনুষ্ঠানটোৰো আঁত ধৰে।৩ ২০১২ চনত সুগীতৰ ছবি অৰ্ডিনাৰী আছিল তেওঁৰ প্ৰথম অভিনীত ছবি। এই ছবিখনত কৰা অভিনয়ৰ বাবে দৰ্শক আৰু সংবাদ মাধ্যমে তেওঁক গাভি গাৰ্ল বুলি অভিহিত কৰিছিল।৩ ইয়াৰ পিছত তেওঁ ছিন অন্নু নাম্মুদে ভিডু ছবিত অভিনেতা আছিফ আলীৰ সৈতে এটা গীতৰ দৃশ্যত অতিথি শিল্পী হিচাপে অভিনয় কৰে।৪ চাঞ্চল্যকৰ থ্ৰিলাৰধৰ্মী ছবি ১০:৩০ এ এম লোকেল কলত তেওঁ নিম্মী নামৰ এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰে।৪ তেওঁৰ পৰৱৰ্তী ছবি আছিল জয়ৰাজ বিজয় পৰিচালিত মানি বেক পলিচি।৫৬
২০১৩ চনৰ মাৰ্চ মাহত শ্ৰীথাই এক বিবৃতিত প্ৰকাশ কৰে যে মালয়ালম চলচ্চিত্ৰ উদ্যোগত পোৱা চৰিত্ৰসমূহক লৈ তেওঁ সুখী নহয় আৰু সেয়ে তেওঁ তামিল চলচ্চিত্ৰ জগতলৈ গতি কৰাৰ সিদ্ধান্ত লৈছে।৭ অৱশ্যে এই মন্তব্যৰ পিছতো তেওঁ কেইবাখনো মালয়ালম ছবিত কৰিবলৈ চুক্তিৱদ্ধ হয়, যাৰ ভিতৰত হেংঅভাৰ, ৰাস্পুতিন, উইপিং বয়, কুঠাৰা আৰু অন্নুম মিন্দাতে অন্যতম।৮
চলচ্চিত্ৰপঞ্জী
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | টোকা |
|---|---|---|---|---|
| ২০১২ | অৰ্ডিনাৰী | কল্যাণী | মালয়ালম | মনোনীত—শ্ৰেষ্ঠ নবাগত অভিনেত্ৰীৰ ছিমা বঁটা (SIIMA Award) |
| ছিন অন্নু নাম্মুদে ভিডু | পাৰ্বতী | এটা গীতৰ দৃশ্যত অতিথি শিল্পী | ||
| ২০১৩ | ১০:৩০ এ এম লোকেল কল | নিম্মী | ||
| উইপিং বয় | গীতু | |||
| মানি বেক পলিচি | বাছৰ যাত্ৰী | বিশেষ দৃশ্যত উপস্থিতি | ||
| ২০১৪ | হেংঅভাৰ | সঞ্জনা | ||
| কুঠাৰা | শিল্পা | |||
| অন্নুম মিন্দাতে | ||||
| ২০১৫ | ৰাস্পুতিন | অনুযুক্তা | ||
| ২০১৬ | ডাম | শ্বেৰিন | ||
| ২০১৯ | ধিল্লুকু ধুদ্ধু ২ | মায়া | তামিল | |
| ২০২০ | মনিয়াৰায়িলে অশোকন | অঞ্জু | মালয়ালম | বিশেষ দৃশ্যত উপস্থিতি |
| ২০২১ | ছানী | অদিতি | ||
| কুৰাল | তামিল | |||
| ২০২২ | অষ্টকৰ্ম | দিব্যা | ||
| ৱাৰ্ড ১২৬ | ৰোজলিন মাৰিয়া | |||
| ডুডি |
দূৰদৰ্শন
| + | বৰ্ষ | অনুষ্ঠান | চৰিত্ৰ | ভাষা | চেনেল |
| ২০০৯ | ডিউ ড্ৰপছ | আঁতধৰোঁতা | মালয়ালম | কেৰালী টিভি | |
| ২০১০ | তাৰোৎসৱম | ||||
| ২০১৫ | স্মাৰ্ট শ্বো | ফ্লাৱাৰ্ছ টিভি | |||
| ২০১৭ | গ্ৰেণ্ড মেজিকেল ছাৰ্কাছ | পৰিচালিকা/হোষ্ট | অমৃতা টিভি | ||
| ২০২১–২০২২ | এংগা ভেটু মীনাক্ষী | মীনাক্ষী | তামিল | কালাৰ্ছ তামিল | |
| ২০২২ | জোকাৰ পোকাৰ | প্ৰতিযোগী | জি তামিল | ||
| ২০২৪–২০২৫ | ভিটুকু ভিডু ভাছাপাদি | পাৰ্বতী৯ | ষ্টাৰ বিজয় |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Binoy, Rasmi. (19 March 2012). Ordinary — A thrilling ride, for the most part. দ্য হিন্দু
- ↑ Sshritha Official Site
- ↑ Parvathy Nambidi. Gavi Girl Speaking. Newindianexpress.com
- ↑ Parvathy S. Nayar. (11 October 2012). Shritha Sivadas is in no hurry to sign films. দ্য টাইমছ অৱ ইণ্ডিয়া
- ↑ Sreenivasan, Sritha Sivadas in Money Back Policy. Sify
- ↑ Shritha's getting busy. দ্য টাইমছ অৱ ইণ্ডিয়া
- ↑ (18 March 2013). Sritha eyes Kollywood. দ্য TIMEছ অৱ ইণ্ডিয়া
- ↑ (23 November 2013). Sritha to romance Sunny - The Times of India.://indiatimes.com
- ↑ (26 March 2024). Veetuku Veedu Vaasapadi · Coming Soon · Launch Promo 1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীথা শিৱদাস” প্ৰবন্ধৰ সংশোধন ৬২৫০৪১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।