অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কীৰ্তি পাণ্ডিয়ান

কীৰ্তি পাণ্ডিয়ান (ইংৰাজী: Keerthi Pandian; জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল চলচ্চিত্ৰত কাম কৰে। এগৰাকী নৃত্যশিল্পী আৰু থিয়েটাৰ অভিনেত্ৰী হিচাপে চুটি কেৰিয়াৰৰ পিছত ২০১৯ চনত থুম্বাৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৬ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কীৰ্তি পাণ্ডিয়ান (ইংৰাজী: Keerthi Pandian; জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল ভাষা চলচ্চিত্ৰত কাম কৰে। এগৰাকী নৃত্যশিল্পী আৰু থিয়েটাৰ অভিনেত্ৰী হিচাপে চুটি কেৰিয়াৰৰ পিছত ২০১৯ চনত থুম্বাৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত গোকুলৰ পৰিচালনাত নিৰ্মিত চাৰ্ভাইভেল থ্ৰিলাৰ ছবি অন্বিৰ্কিনিয়ালত কৰা অভিনয়ৰ বাবে তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰে। তেওঁ অভিনেতা তথা ৰাজনীতিবিদ অৰুণ পাণ্ডিয়ানৰ কন্যা আৰু অভিনেত্ৰী ৰম্যা পাণ্ডিয়ানৰ খুৰাকৰ জীয়েক।

প্ৰাৰম্ভিক জীৱন

১৮ ফেব্ৰুৱাৰী ১৯৯২ তাৰিখে তামিলনাডুৰ চেন্নাইত অভিনেতা তথা ৰাজনীতিবিদ অৰুণ পাণ্ডিয়ান আৰু তেওঁৰ পত্নী বিজয়া পাণ্ডিয়ানৰ কোলাত কীৰ্তি পাণ্ডিয়ানৰ জন্ম হৈছিল।১ কবিতা পাণ্ডিয়ান আৰু কিৰণা পাণ্ডিয়ান নামৰ তেওঁৰ দুগৰাকী জ্যেষ্ঠ ভগ্নী আছে,২ আৰু তেওঁৰ ভগ্নী ৰম্যা পাণ্ডিয়ানও এগৰাকী অভিনেত্ৰী।৩ কীৰ্তিয়ে চেন্নাইৰ চেটিনাদ বিদ্যাশ্ৰমত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰপৰাই স্নাতক ডিগ্ৰীও লাভ কৰিছিল।১

কৰ্মজীৱন

স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত পাণ্ডিয়ানে বেলে আৰু চালচা নৃত্যশিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তাৰ পিছত ২০১৫ চনত থিয়েটাৰ অভিনয়লৈ মন মেলে। তেওঁ পিতৃৰ মালিকানাধীন চলচ্চিত্ৰ বিতৰণ কোম্পানী এ এণ্ড পি গ্ৰুপছৰ পৰিচালনা সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু চাভালে চামালি (২০১৫) আদি ছবিৰ বাবে কাম কৰিছিল। একে সময়তে তেওঁ ছিংগাপুৰত নিজাকৈ এটা বিতৰণ কোম্পানী চলাই আছিল।৪৫৬ ছালৰ ৰং আৰু ওজন কম হোৱাৰ বাবে বৈষম্যৰ বলি হোৱা বাবে পাণ্ডিয়ানে আৰম্ভণিতে চলচ্চিত্ৰ পৰিচালকসকলৰপৰা বিশেষ অফাৰ পোৱা নাছিল।৭৮৯ চৰিত্ৰ গুৰুত্বপূৰ্ণ নহ’লে তেওঁ বহুতো প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল; অডিশ্যনৰ সময়ত তেওঁ নিজক কেৱল প্ৰথম নামেৰেহে পৰিচয় দিছিল যাতে অৰুণ পাণ্ডিয়ানৰ কন্যা হোৱাৰ বাবে কোনো স্বজনপ্ৰীতিৰ প্ৰশ্ন নাহে।১০১১১২

পৰিচালক হৰিশ ৰামে তেওঁক থুম্বা (২০১৯) ছবিত মুখ্য চৰিত্ৰত অভিনয়ৰ বাবে আমন্ত্ৰণ জনাইছিল; তেওঁ সন্মতি দিছিল আৰু তামিল চলচ্চিত্ৰত এগৰাকী অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল।১৩১৪১৫ পাণ্ডিয়ানে পিছলৈ মালায়ালম ছবি হেলেন (২০১৯) ৰ ৰিমেক অন্বিৰ্কিনিয়াল (২০২১) ত পিতৃৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰে।১৬১৭

ব্যক্তিগত জীৱন

অন্বিৰ্কিনিয়াল ছবিত পাণ্ডিয়ানৰ ভতিজী দ্ৰিয়াই তেওঁৰ চৰিত্ৰটোৰ সৰু কালৰ ৰূপটো ৰূপায়ণ কৰিছিল।১৮ ২০২০ চনৰ আৰম্ভণিতে ভাৰতত প্ৰথম ক'ভিড-১৯ তলাবন্ধৰ সময়ছোৱাত পাণ্ডিয়ানে তেওঁৰ আবদ্ধ সম্পত্তিৰ ভিতৰতে খেতি-বাতি কৰা আৰু শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে সহায় কৰাৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল।১৯২০ তেওঁ জুই খোৱা কৌশলটোও জানে।২১

২০২৩ চনৰ ১৩ ছেপ্টেম্বৰত তিৰুনেলভেলীত কীৰ্তি পাণ্ডিয়ানে অভিনেতা অশোক চেলভানৰ সৈতে বিবাহপাশত আবদ্ধ হয়।২২২৩ তেওঁলোকে ব্লু ষ্টাৰ নামৰ ছবিত একেলগে অভিনয় কৰিছিল।২৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Actress Keerthi Pandian. Nettv4u
  2. ↑ (15 February 2021). Helen Tamil remake titled Anbirkiniyal. Cinema Express
  3. ↑ (4 October 2020). Bigg Boss Tamil 4 contestant Ramya Pandian's profile, photos and everything you need to know. The Times of India
  4. ↑ (2 March 2021). Keerthi Pandian On Why It's Important To Understand The Business Of Films. Film Companion
  5. ↑ On Stage. Keerthi Pandian
  6. ↑ A&P Groups. IndiaMART
  7. ↑ (18 June 2019). Keerthi Pandian gets emotional on stage, reveals being body shamed!. Cinema Express
  8. ↑ Balachandran, Logesh. (18 August 2021). People are more accepting of dark skin tones now: Keerthi Pandian. The Times of India
  9. ↑ (19 June 2019). Keerthi Pandian reveals that she was body shamed by directors. The Times of India
  10. ↑ (19 February 2019). I will outshine as a performer, not just as heroine: Keerthi Pandian. News Today
  11. ↑ (9 February 2020). Another dad-daughter duo to hit the silver screen. Deccan Chronicle
  12. ↑ (23 June 2019). Humans are the worst creatures on the planet: Keerthi Pandian. Cinema Express
  13. ↑ (23 June 2019). Keerthi Pandian debuts in fantasy adventure. Deccan Chronicle
  14. ↑ S, Srivatsan. (20 February 2019). 'Thumbaa' was an instinctive yes, says Keerthi Pandian. The Hindu
  15. ↑ (18 February 2019). Arun Pandian's daughter Keerthi makes her film debut. The New Indian Express
  16. ↑ (8 February 2020). Keerthi Pandian signs her second film in Tamil. DT Next
  17. ↑ (16 February 2021). Arun Pandian and daughter Keerthi's film titled Anbirkiniyal. DT Next
  18. ↑ Darshan, Navein. (5 March 2021). Anbirkiniyal Movie Review: A satisfying remake with an extra pinch of drama. Cinema Express
  19. ↑ (29 May 2021). Keerthi Pandian is excited about learning a new skill in farming. Cinema Express
  20. ↑ (28 April 2020). Farming keeps 'Thumbaa' actress Keerthi Pandian busy during lockdown. The Times of India
  21. ↑ (17 December 2021). Actress Keerthi Pandian performs fire eating with street performers. The Times of India
  22. ↑ (13 September 2023). Ashok Selvan, Keerthi Pandian tie the knot in close-knit traditional ceremony. See photos. The Indian Express
  23. ↑ (13 September 2023). Ashok Selvan and Keerthi Pandian are married. Check out dreamy first official wedding pics. Hindustan Times
  24. ↑ (20 May 2023). Pa Ranjith’s next production, starring Ashok Selvan and Shanthnu, titled ‘Blue Star’. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কীৰ্তি পাণ্ডিয়ান” প্ৰবন্ধৰ সংশোধন ৬৩৪৮৬৯ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।