অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

জেওগৰী (পোছাক)

জেওগৰী( Jeogori/Tseogori) হ’ল হানবকৰ ওপৰ অংশত পিন্ধা এবিধ পৰম্পৰাগত কোৰিয়ান কাপোৰ, যিটো পুৰুষ আৰু মহিলা উভয়ে পিন্ধি আহিছে। পুৰুষে সাধাৰণতে বাজী বা পেণ্টৰ সৈতে জেওগৰি পিন্ধে; আনহাতে মহিলাসকলে চিমা বা স্কাৰ্টৰ সৈতে জেওগৰী পিন্ধে। এই কাপোৰে পিন্ধোতাজনৰ বাহু আৰু শৰীৰৰ ওপৰৰ অংশ আৱৰি ৰাখে।

হালনাগাদ: ১২ আগষ্ট ২০২৬ ৩৩৪ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

জেওগৰী( Jeogori/Tseogori) হ’ল হানবকৰ ওপৰ অংশত পিন্ধা এবিধ পৰম্পৰাগত কোৰিয়ান কাপোৰ, যিটো পুৰুষ আৰু মহিলা উভয়ে পিন্ধি আহিছে।১ পুৰুষে সাধাৰণতে বাজী বা পেণ্টৰ সৈতে জেওগৰি পিন্ধে; আনহাতে মহিলাসকলে চিমা বা স্কাৰ্টৰ সৈতে জেওগৰী পিন্ধে। এই কাপোৰে পিন্ধোতাজনৰ বাহু আৰু শৰীৰৰ ওপৰৰ অংশ আৱৰি ৰাখে।২৩৪

বুৎপত্তিবিজ্ঞান

জেওগৰী প্ৰাচীন কালৰে পৰা অৰ্থাৎ খৃ:পূ: ৫৭ চনৰ পৰা ৬৬৮ খৃ:লৈ তিনিখন দেশত বেলেগ বেলেগ নামেৰে পৰিধান কৰি আহিছে।৫ যদিও জেওগৰী শব্দটো কেতিয়াৰ পৰা এই কাপোৰক বুজাবলৈ ব্যৱহাৰ কৰিবলৈ আৰম্ভ হৈছিল সেয়া জনা নাযায়; তথাপি ৰজা চুংনিয়েলৰ ৰাজত্বকালৰ আশে-পাশে গ’ৰিয়েও যুগৰ শেষৰ ফালে ইয়াৰ আবিৰ্ভাৱ হোৱা বুলি ধৰা হয়। জেওগৰীৰ কথা উল্লেখ কৰা প্ৰথমখন ঐতিহাসিক নথি ৰাণী ৱংগিয়ঙৰ “চেওনজেওনুই’’ত আছে, যিখন অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানত ৰাজপ্ৰসাদৰ পৰা কফিন কঢ়িয়াই নিয়াৰ বাবে কৰা হৈছিল। ১৪২০ চনত চেজং দ্য গ্ৰেটৰ দ্বিতীয় ৰাজত্বকালত লিখা নথিখনত ইয়াক জেকগৰি আৰু ডাঞ্জেঅকগৰি বুলি লিপিবদ্ধ কৰা আছে।৫২ কিন্তু এই অভিধাটো কোৰিয়ান শব্দৰ হাঞ্জা লিপ্যন্তৰ নে মংগোলীয় ভাষাৰ প্ৰভাৱ, সেয়া স্পষ্ট নহয়। গ’ৰিয়েও যুগৰ আগতে এনে ওপৰত পিন্ধা কাপোৰক চিল্লা ভাষাত উইহ্(wihae) বুলি কোৱা হৈছিল।৬ যিহেতু উইহাই চিল্লা ভাষাৰ লিপ্যন্তৰ আছিল, সেয়েহে উটি আৰু উচিৰ দৰে উপভাষাৰ ৰূপ এতিয়াও বৰ্তমানলৈকে আছে।২৩৪

গঠন

জেওগৰীৰ গঠন: ১) হ’জাং ২) গ’দি ৩) ক্কেউটডং (somae buri) ৪) ছ’মী ৫) গৰীয়াম ৬) ইউ ৭) ড’ৰিয়ন ৮ ১১)জিনদং ৯) গিল ১০) বীৰে ১২) গিট ১৩)দংজেওং
জেওগৰীৰ গঠন: ১) হ’জাং ২) গ’দি ৩) ক্কেউটডং (somae buri) ৪) ছ’মী ৫) গৰীয়াম ৬) ইউ ৭) ড’ৰিয়ন ৮ ১১)জিনদং ৯) গিল ১০) বীৰে ১২) গিট ১৩)দংজেওংছবি: Kf8 · CC0

জেওগৰী কাপোৰ পৰম্পৰাগতভাৱে চামৰা, উল, ৰেচম, শণ বা ৰেমিৰ পৰা তৈয়াৰ কৰা হয়।৭৮৯ আধুনিক কালৰ কোৰিয়ান ডিজাইনাৰসকলে কেতিয়াবা আন আন সামগ্ৰী যেনে, জৰী আদিও ব্যৱহাৰ কৰে।.৭১০ কাপোৰ, ইয়াৰ চিলাই কৌশল আৰু আকৃতি অনুসৰি কেইবাবিধো জেওগৰী আছে।৪৫

জিওগৰীৰ মূল ৰূপটো হ'ল গিল, গিট, ডংজেওং, গ’ৰীয়াম আৰু হাতৰ আঁচলৰ ছ'মী: গিল হৈছে কাপোৰৰ সম্মুখ আৰু পিছফালৰ দুয়োটা ফালে থকা ডাঙৰ অংশ আৰু গিট হৈছে কলাৰটো, ট্ৰিম কৰা কাপোৰৰ বেণ্ড। দংজেওং হৈছে গিটৰ শেষৰ ফালে ৰখা এটা আঁতৰ কৰিব পৰা বগা কলাৰ আৰু সাধাৰণতে ইয়াক বৰ্গক্ষেত্ৰত ৰখা হয়। গ’ৰীয়াম হৈছে জেওগৰী বান্ধিবলৈ স্তনৰ অংশত সংলগ্ন কোটৰ ফিটা।১১ মহিলাৰ জেওগৰীত ক্কেউটডং হাতৰ আঁচলৰ শেষত বেলেগ ৰঙৰ পটী দিয়া থাকিব পাৰে। সময়ৰ লগে লগে জেওগৰীৰ ৰূপ সলনি হৈছে।৪

ইতিহাস

পূৰ্বে কোৰিয়াত তলৰ কাপোৰৰ ওপৰত জেওগৰী পিন্ধিছিল।৭ জেওগৰীৰ আটাইতকৈ প্ৰাচীন চিত্ৰসমূহ গগুৰিয়েওৰ দেৱাল চিত্ৰত আছে।১২

হানবক জিওগৰীৰ মূল গঠনটোৰ লগত ইউৰেছিয়াৰ প্ৰাচীন যাযাবৰী লোকসকলৰ কাপোৰৰ সৈতে সাদৃশ্য আছে, কাৰণ প্ৰাচীন কোৰিয়ানসকলে চিথিয়ানসকলৰ সৈতে সাংস্কৃতিক আদান-প্ৰদানৰ কৰিছিল।১৩১৪ প্ৰাচীন জেওগ’ৰীৰ এটা সৰল ৰূপ আছিল, এটা কলাৰ, যিটো হাতৰ বাওঁফালে পাৰ হৈছিল, হাতৰ আঁচল সংকীৰ্ণ আৰু নিতম্ব পৰ্যন্ত দৈৰ্ঘ্যৰ আছিল; যিবোৰ ছিথিয়ান কাপোৰ-শৈলীত পোৱা বৈশিষ্ট্যৰ লগত একে আছিল।.১৩১৫ কিছুমান প্ৰাচীন জিওগৰী বুকুৰ মাজৰডোখৰ কাফ্টানবোৰৰ দৰে বন্ধ আছিল৷১ সম্মুখফাল বন্ধ থকা এই ধৰণৰ জিওগ’ৰী গ’গৰীয় যুগত নিম্ন বৰ্গৰ মানুহে পিন্ধা বেছিকৈ পোৱা গৈছিল৷১৬ প্ৰথমাৱস্থাত জিওগ’ৰী সম্মুখৰ ফাল বন্ধ, পিছত বাওঁফালে খোলা আৰু শেষত সোঁফালে খোলা শৈলীত তৈয়াৰী৷১ ডিঙিৰ কলাৰৰ অংশ সোঁফালৰ পৰা বাওঁফাললৈ (অৰ্থাৎ বাওঁফালৰ বন্ধ) বাওঁফালৰ পৰা সোঁফাললৈ (অৰ্থাৎ সোঁফাল বন্ধ কৰা) সলনি হোৱাৰ লগতে বহল হাতৰ আঁচলৰ ব্যৱহাৰ, যিবোৰ বহুতো জেকেট আৰু কোটত পোৱা যায়, প্ৰাচীন চীনা প্ৰভাৱৰ বাবেই হৈছিল; জিওগ’ৰীৰ ওপৰত এই চীনা প্ৰভাৱ গগ’ৰীয়েও চিত্ৰত প্ৰতিফলিত হৈ আছে৷১৭১৮১৯৩ জিওগ’ৰীৰ সোঁফালে বন্ধ কৰাটো ৰু(চীনা জেকেট)ৰ বৈশিষ্ট্য৷২০ ১৬ শতিকাৰ পৰাই জেওগ’ৰী সোঁফাললৈ বন্ধ কৰাটো এটা ষ্টেণ্ডাৰ্ড শৈলীত পৰিণত হৈছে৷১ চিল্লাৰ শাসক শ্ৰেণীৰ জেওগ’ৰী চিল্লা বংশত চীনা টাং বংশৰ ফেশ্বনৰ প্ৰভাৱৰ পৰা চিলাৰ মুয়েল কিম চুন-চু(৬৪৮ খ্ৰীষ্টাব্দ) প্ৰভাৱিত হৈছিল।২১

আধুনিক শৈলী

সমসাময়িক কোৰিয়াত বিভিন্ন সামাজিক শ্ৰেণীৰ মাজৰ পৰা sumptuary laws উঠাই লোৱা হৈছিল আৰু উচ্চ শ্ৰেণীৰ বাবে সংৰক্ষিত ৰং, সজ্জা আৰু কাপোৰ সকলো শ্ৰেণীৰ বাবে মুকলি কৰা হৈছিল। ইয়াৰ ফলত হানবক শৈলীত বৈচিত্ৰময় পৰম্পৰাগত ডিজাইন উপাদানৰ বৃদ্ধি হ’ল। কিন্তু কুৰি শতিকা আৰু একবিংশ শতিকাত কোৰিয়ান পৰম্পৰাগত সাজ-পোছাক বেছিভাগ মানুহেই প্ৰতিদিনে পিন্ধা দেখা নাযায়।৭ হানবক বিশেষ অনুষ্ঠানৰ বাবে অধিক সংৰক্ষিত হৈ পৰিল, যেনে আনুষ্ঠানিক বা কইনাৰ সাজ-পোছাক, যিয়ে বৰ্তমানৰ সময়ক সোঁৱৰাই যায়।৭ নিজৰ বাকদান উদযাপনৰ সময়ত মহিলাসকলে গোলাপী ৰঙৰ জেওগ’ৰী পিন্ধিব পাৰে।২২ বিয়াৰ পিছত মহিলাসকলে নীলা জেওগ’ৰী পিন্ধিব পাৰে।২২ ইয়াৰ উপৰিও আধুনিক গঠনসমূহ সাধাৰণতে ঐতিহাসিক শৈলীতকৈ বেছি সুন্দৰ আৰু অধিক সৰল।৭২৩

তথ্যসূত্ৰ

  1. ↑ Lee, Samuel Songhoon. (17 December 2015). Hanbok: Timeless Fashion Tradition. Seoul Selection. ISBN 9781624120565
  2. ↑ 저고리. Empas / EncyKorea
  3. ↑ 저고리. Doosan Encyclopedia
  4. ↑ 저고리. Empas / Britannica
  5. ↑ Song, Mikyung. Jeogori. Encyclopedia of Korean Folk Culture
  6. ↑ 太平御覽: 四夷部二·東夷二: 新羅. ctext.org
  7. ↑ Levinson, David; Christensen, Karen. (2002). Encyclopedia of modern Asia. Charles Scribner's Sons. পৃ. 120–121. ISBN 0-684-80617-7
  8. ↑ V&A · Jogakbo – traditional Korean patchwork. Victoria and Albert Museum
  9. ↑ 박, 선희. (1998). 고대 한국의 복식 재료: 가죽과 모직. Journal of the Korea Fashion & Costume Design Association. পৃ. Types of leather and processed goods=83,82,20 Woolen Fabrics and processed goods=114,113,15
  10. ↑ Hanbok ensemble with black lace Yeonan Kim Clan jacket and cream skirt - Victoria & Albert Museum - Search the Collections. m.vam.ac.uk
  11. ↑ Traditional clothing. KBS World
  12. ↑ 허 [Heo], 윤희 [Yeonhee]. (2011). 조선 여인 저고리 길이 300년간 2/3나 짧아져. 조선닷컴
  13. ↑ 김 [Kim], 문자 [Munja]. (1984). 고대한국복식의 원류에 관한 연구: 스키타이계 복식문화를 중심으로. EWHA Womans University Library
  14. ↑ Kim, So-Hee; Chae, Keum-Seok. (2018). 스키타이 복식 유형 및 형태에 관한 연구,고대 한국과의 관계를 중심으로. Journal of the Korea Fashion & Costume Design Association. পৃ. 61–77
  15. ↑ Chang, Youngsoo. (2020-04-30). Empirical Review of the Scythian Origin Theory of Ancient Korean Costumes: Analysis of Commonalities and Differences Between Artifacts of the two Costume Types. Journal of the Korean Society of Costume. পৃ. 188–208
  16. ↑ Shim, Hwa-jin. (2001). An Analysis and Comparison of the Characteristics of Traditional Hanbok and Everyday(daily) Hanbok Focusing on the Basic Dress. Journal of Fashion Business (패션비즈니스). পৃ. 77–86
  17. ↑ Yi, Kyŏng-ja; 李 京子. (2003). Uri ot kwa changsin'gu: Han'guk chŏnt'ong poksik, kŭ wŏnhyŏng ŭi mihak kwa silche. Yŏrhwadang. ISBN 89-301-0048-1
  18. ↑ Yi, Kyŏng-ja. (2005). Traditional Korean costume. Global Oriental. ISBN 978-1-905246-04-5
  19. ↑ Chae Keum-Seok. (January 2005). A Study on the Development of Jeogori's Structure and Changes of its Form -Focused on the Era of the Three Kingdoms to United Shilla Era
  20. ↑ (2010). Costumes d'enfants: miroir des grands: Établissement public du musée des arts asiatiques Guimet, 20 octobre 2010-24 janvier 2011. Réunion des musées nationaux. পৃ. 68. ISBN 978-2-7118-5759-3
  21. ↑ Lee, Han-sang. (2014). 신라 복식의 변천과 그 배경. The Journal of the Research Institute for Silla Culture. পৃ. 137–171
  22. ↑ Jacket. Victoria and Albert Museum
  23. ↑ Encyclopedia of Clothing and Fashion. Ed. Valerie Steele. Vol. 1. Detroit, MI:Charles Scribner's Sons, 2005. p82-85. Web

সম্পৰ্কিত শ্ৰেণী

বস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেওগৰী (পোছাক)” প্ৰবন্ধৰ সংশোধন ৬২৬৫১০ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।