অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

দোপো (কাপোৰ)

দোপো ( Dopo clothing) হৈছে হানবক নামৰ পোছাকৰ ভিতৰুৱা প' বা অভাৰকোট, যিটো প্ৰথমবাৰৰ বাবে ১৬ শতিকাৰ জো’চেন যুগৰ মাজভাগৰ পৰা পিন্ধা হৈছিল। জো’চেন যুগত চেঅ'নবি নামৰ পুৰুষ কনফুচিয়ান পণ্ডিতসকলৰ বেছিভাগেই এই দোপোটো পিন্ধিছিল। ইয়াক ৰজা আৰু ৰাজকুমাৰ আৰু চৰকাৰী বিষয়াসকলেও পিন্ধিছিল।

হালনাগাদ: ২২ মাৰ্চ ২০২৪ ১৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

দোপো ( Dopo clothing) হৈছে হানবক নামৰ পোছাকৰ ভিতৰুৱা প' বা অভাৰকোট, যিটো প্ৰথমবাৰৰ বাবে ১৬ শতিকাৰ জো’চেন যুগৰ মাজভাগৰ পৰা পিন্ধা হৈছিল।১২৩৪ জো’চেন যুগত চেঅ'নবি নামৰ পুৰুষ কনফুচিয়ান পণ্ডিতসকলৰ বেছিভাগেই এই দোপোটো পিন্ধিছিল।৫৬ ইয়াক ৰজা আৰু ৰাজকুমাৰ আৰু চৰকাৰী বিষয়াসকলেও পিন্ধিছিল।৭ দোপোৰ কনফুচিয়াছবাদৰ এটা শক্তিশালী মূল্য আছিল।৭ ইয়াক নব্য কনফুচিয়াছ পণ্ডিতসকলে দৈনন্দিন বাহিৰৰ কাপোৰ হিচাপে পিন্ধিছিল,৮ যাক সাধাৰণতে চৰকাৰী কামত পিন্ধা কাপোৰ হিচাপে বা আনুষ্ঠানিকতাৰ কাপোৰ বুলি কোৱা হৈছিল।১ ইয়াৰ উপৰিও ই আছিল আদালতৰ বিষয়াসকলে পিন্ধা এটা সাধাৰণ চোলা।১ ১৮৯৪ চনৰ সংস্কাৰ সাধনৰ পৰা দোপোকে ধৰি বহল হাতৰ সকলো ধৰণৰ প' ৰজা গ'জঙে সাধাৰণ মানুহে পিন্ধাটো নিষিদ্ধ কৰিছিল, সেয়ে ইয়াৰ পৰিৱৰ্তে মানুহে ডুৰুমাগি পিন্ধিবলগীয়া হৈছিল।৯

গঠন আৰু শৈলী

দোপো হৈছে ভি-নেক (ইংৰাজী V আখৰটোৰ দৰে) আৰু বহল হাতৰ সৈতে এটা দীঘল অভাৰ-কোট।১২ দোপো পিন্ধোতাজনৰ ভৰিৰ গোৰোহালৈকে ঢাক খাই থকাকৈ দীঘল।১০১ সাধাৰণতে সাধাৰণ ব্যৱহাৰৰ বাবে বগা ৰঙৰ দোপো পিন্ধা হৈছিল, আনহাতে পাতল নীলা ৰঙৰ ড'পো উৎসৱমুখৰ অনুষ্ঠানৰ বাবে পিন্ধা হৈছিল।১০৮ আন বহুতো ৰঙো দোপোৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ৰেমিৰ পৰা তৈয়াৰী দোপো গ্ৰীষ্মকালত ব্যৱহাৰ কৰা হৈছিল; আনহাতে ৰেচম আৰু কপাহৰ পৰা তৈয়াৰী দোপো শীতকালত ব্যৱহাৰ কৰা হৈছিল।৮ দোপো তৈয়াৰ কৰাৰ ক্ষেত্ৰত দোপোৰ মূল ৰূপটো পোন কলাৰ থকা জিক্ৰিয়ংৰ দৰেই আছিল।৭ অৱশ্যে ই মু(gusset) আকৃতিৰ জিকিয়ংতকৈ পৃথক।৭ দোপোৰ মু অংশ কাপোৰৰ ভিতৰত বা পিঠি ফালৰ ঠাইত পোৱা গৈছিল; ইয়াক কাপোৰৰ সম্মুখৰ অংশৰ কাষেৰে নি কাপোৰটোৰ পিছফালে দুটা ফ্লেপৰ সৃষ্টি কৰিছিল।৭ দোপোৰ আন এটা বৈশিষ্ট্য হ'ল, ইয়াৰ পিছফালৰ অঞ্চলটো, যিটো পিঠিফালৰ সোঁমাজৰ ৰেখাত ২টা ভাগত বিভক্ত আৰু সম্পূৰ্ণৰূপে জেওনছাম নামৰ আন এটুকুৰা কাপোৰেৰে আবৃত কৰা হয়।১ সাধাৰণ মানুহে পিন্ধা দোপোবোৰ ৰাজপৰিয়ালৰ সদস্যসকলে পিন্ধা দোপোতকৈ শৈলীৰ ফালৰ পৰা পৃথক আছিল; উদাহৰণস্বৰূপে, সাধাৰণ মানুহে পিন্ধা দোপোৰ লেপেল (বুকুৰ পৰা ডিঙিটো মেৰ খাই থকা কলাৰ অংশ) পোন আছিল আনহাতে ৰজা ইয়ংজোৱে পিন্ধা দোপোৰ লেপেল আছিল বৰ্গক্ষেত্ৰৰ আকৃতিৰ, যিটো নোমাল উপাদানৰ সংমিশ্ৰণৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল।৩

উৎপত্তি

এইটো লিখিত তথ্যৰ পৰা জনা যায় যে দোপো প্ৰথমে জোচেন বংশৰ মাজভাগত পৰিধান কৰা হৈছিল।১ ঐতিহাসিক তথ্য আৰু ধ্বংসাৱশেষ অনুসৰি ১৬ শতিকাৰ পৰাই জোচেনত দোপৰ প্ৰচলন হ'বলৈ আৰম্ভ কৰে।৩ লি ইউনজুৰ মতে, দোপো প্ৰথমে চীন দেশত প্ৰৱৰ্তন কৰা হৈছিল যদিও অতিৰিক্ত উপাদান সংযুক্ৰ কৰি কোৰিয়াত ইয়াক স্থানীয়কৰণ কৰা হৈছিল।১১ Seongho saseol Ojuyeon munjang jeonsango ৰ দৰে উল্লেখযোগ্য ঐতিহাসিক নথি অনুসৰি এই কাপোৰখন বৌদ্ধ ধৰ্মৰ দ্বাৰা প্ৰভাৱিত আছিল। লেখকসকলে দাবী কৰিছিল যে, দোপো আছিল প্ৰথমে সন্ন্যাসীৰ চোলা যাক, gwontu বুলি কোৱা হৈছিল, যিটো জাংছাম বা সন্ন্যাসীৰ আন কাপোৰৰ সৈতে একে আছিল।১২১৩১৪ বৌদ্ধ জাংছাম (দীঘল চোলা) আছিল বৌদ্ধ ভিক্ষুসকলৰ পোছাক, যিটো “কাছায়া (কাপোৰ)’’ৰ তলত পিন্ধা হৈছিল; জোচেন যুগৰ আৰম্ভণিলৈকে, চীনা মঠৰ ঝিডুও চোলাৰ আকৃতিৰ আছিল৷১৫ কোৰিয়াত জাপানী আক্ৰমণ(১৫৯২–১৫৯৮,ইমজিন যুদ্ধ)ৰ পিছত জোচেন ব্যৱস্থাত পোক চোলা হিচাপে গ্ৰহণ কৰা হয়, যিয়ে দোপো আৰু ডুৰুমাগি জংছাম (সন্যাসীৰ বস্ত্ৰ) হিচাপে ব্যৱহাৰ কৰা হয়।১৫ চো গেউন-হীৰ মতে দোপো নামটোৰ উৎপত্তি চীন ভাষাৰ পৰা হ'ব পাৰে; কিন্তু দোপোৰ গঠন অন্যান্য ধৰণৰ পৰম্পৰাগত কোৰিয়ান পোছাকৰ প্ৰভাৱত বিকশিত হৈছিল৷১৬

তথ্যসূত্ৰ

  1. ↑ Myoung-Hee, Lee. (1977). A Study on Dopo, Korean Man's Robe. Journal of the Korean Society of Clothing and Textiles. পৃ. 15–23
  2. ↑ 도포. 한국의식주생활사전 [Encyclopedia of Korean Folk Culture]
  3. ↑ Administration Cultural Heritage of Republic of Korea. Full Dress Worn by King Yeongjo - Heritage Search. Cultural Heritage Administration - English Site
  4. ↑ Geun-hi, Cho. (1988). A Study on Dopo Dealt with its History and Folklore -in Young-dong Province Area-. Journal of the Korean Society of Clothing and Textiles. পৃ. 1–11
  5. ↑ 崔莎莎、胡曉東. (February 2016). 孔府舊藏明代男子服飾結構選例分析. 服飾導刊. পৃ. 61–67
  6. ↑ Traditional Korean Costume by Kyŏng-ja Yi, Na-yŏng Hong, Suk-hwan Chang, Mi-ryang Yi
  7. ↑ Kim, Jeong-Ae; Lee, Sang-Eun. (2016). A Study on the Composition of Dopo (Long Robe) Found in the Tomb of Bae Cheonjo (1532) - Focusing on the Clothing Found in the Tombs of the Seongsan Bae Clan in the Joseon Dynasty -. Journal of the Korea Fashion and Costume Design Association. পৃ. 35–49
  8. ↑ Lee, Samuel Songhoon. (2013). Hanbok: Timeless Fashion Tradition. Seoul Selection. পৃ. 59. ISBN 9781624120565
  9. ↑ 김정애. (2010). 조선시대 도포(道袍)의 형태변화(形態變化)에 관한 연구. ScienceON
  10. ↑ 도포. terms.naver.com
  11. ↑ 이은주 [Lee Eunjoo]. (1998). A Study on the Origin and Structural Development of Do-po. Journal of the Korean Society of Costume. পৃ. 1–23
  12. ↑ ko:도포 (道袍). Empas / EncyKorea
  13. ↑ ko:도포 (道袍). Doosan Encyclopedia
  14. ↑ ko:도포 (道袍). Empas / Britannica
  15. ↑ Seungbok(僧服). Encyclopedia of Korean Folk Culture
  16. ↑ 조근희 [Cho Geun-Hee]. (1986). 道袍에 관한 硏究. 이화여자대학교 대학원

সম্পৰ্কিত শ্ৰেণী

বস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দোপো (কাপোৰ)” প্ৰবন্ধৰ সংশোধন ৪১৩৪৫৯ (২২ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।