অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ত্ৰিকানা পোভেইৰা

ত্ৰিকানা পোভেইৰা (ইংৰাজী: Tricana poveira) হ’ল পৰ্তুগালৰ পোভোৱা ডি ভাৰজিম চহৰৰ মহিলাসকলৰ এক পৰম্পৰাগত সাজ-পাৰ। ৰঙীন পোছাকেৰে গঠিত এই শৈলীটো ১৯২০ চনৰ পৰা ১৯৬০ চনলৈ অতি জনপ্ৰিয় আছিল। যিসকল মহিলাই এই ত্ৰিকানা পোভেইৰা শৈলীৰ পোছাক পিন্ধিছিল, তেওঁলোকক 'ত্ৰিকানা গাৰ্লছ' বুলি জনা গৈছিল।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ত্ৰিকানা পোভেইৰা (ইংৰাজী ভাষা: Tricana poveira) হ’ল পৰ্তুগালৰ পোভোৱা ডি ভাৰজিম চহৰৰ মহিলাসকলৰ এক পৰম্পৰাগত সাজ-পাৰ। ৰঙীন পোছাকেৰে গঠিত এই শৈলীটো ১৯২০ চনৰ পৰা ১৯৬০ চনলৈ অতি জনপ্ৰিয় আছিল। যিসকল মহিলাই এই ত্ৰিকানা পোভেইৰা শৈলীৰ পোছাক পিন্ধিছিল, তেওঁলোকক 'ত্ৰিকানা গাৰ্লছ' বুলি জনা গৈছিল।

বিৱৰণ

মাৰিয়াডেইৰা অঞ্চলৰ এগৰাকী ত্ৰিকানা গাভৰু
মাৰিয়াডেইৰা অঞ্চলৰ এগৰাকী ত্ৰিকানা গাভৰুছবি: José Carlos Marques/CMPV · CC BY-SA 3.0

ত্ৰিকানাৰ চৰম জনপ্ৰিয়তাৰ সময়ত, এগৰাকী ত্ৰিকানা গাভৰুৱে সাধাৰণতে এখন চাদৰ, এখন এপ্ৰন, স্কাৰ্ট, এখন ৰুমাল আৰু চিকচিকিয়া ওখ গোৰোহাৰ জোতা পিন্ধিছিল।১২

তেওঁলোকক পোভোৱান সৌন্দৰ্যৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। লেখক জোচে ডি আজেভেডোৱে তেওঁলোকৰ খোজ কঢ়াৰ বিশেষ ধৰণ আৰু সাজ-পাৰৰ কথা উল্লেখ কৰি ত্ৰিকানাসকলক "ৰাজকীয় আচাৰ-আচৰণ থকা সাধাৰণ লোক" বুলি অভিহিত কৰিছিল।৩

যদিও এই ফেশ্বন পৰম্পৰাগত মাছমৰীয়াৰ সাজ-পাৰৰ ওপৰত আধাৰিত আছিল, ত্ৰিকানাসকল সাধাৰণতে শ্ৰমিক শ্ৰেণীৰ আছিল—প্ৰায়ে মুচী, বাঢ়ৈ বা তেনে ধৰণৰ কাৰিকৰৰ জীয়ৰী আছিল আৰু তেওঁলোকৰ বহুতে নিজেই দৰ্জী হিচাপে কাম কৰিছিল। তেওঁলোকে ফেশ্বন জগতৰ এই জ্ঞান নিজৰ সাজ-পাৰত প্ৰয়োগ কৰিছিল। মেট্ৰিজ (Bairro da Matriz) অঞ্চলটো ইয়াৰ আকৰ্ষণীয় ত্ৰিকানাসকলৰ বাবে বিখ্যাত আছিল।৩

আনহাতে, মাছ ধৰা উদ্যোগত কাম কৰা মহিলাসকলে তেওঁলোকৰ পৰম্পৰাগত পোছাক পিন্ধিছিল। যদিও ত্ৰিকানা গাভৰুসকলৰ দৰেই তেওঁলোকৰ সাজ-পাৰ আছিল, তেওঁলোক দৃশ্যত দৰিদ্ৰ আছিল আৰু কম মানদণ্ডৰ কাপোৰেৰে তৈয়াৰী গাঢ় ৰঙৰ দীঘল স্কাৰ্ট পিন্ধিছিল।৩

এই শৈলীত চুলি সজোৱাৰ পদ্ধতিও গুৰুত্বপূৰ্ণ, য’ত পৰম্পৰাগত পোভোৱান কৌশল অনুসৰণ কৰা হয়। ইয়াৰ ভিতৰত 'পুক্সো' নামৰ চুলি টানি বন্ধা পদ্ধতিটো উল্লেখনীয়।৪

ৰঙৰ সংকেত

শোভাযাত্ৰাৰ সময়ত, ছয়টা পৰম্পৰাগত অঞ্চলৰ ত্ৰিকানাসকলে নিজৰ নিজৰ এলেকাৰ নিৰ্দিষ্ট ৰঙৰ পোছাক পৰিধান কৰে।১

অঞ্চল (Bairro)ত্ৰিকানা সাজ-পাৰৰ ৰংৰ সংকেত
বাইৰো নৰ্টে (Bairro Norte)নীলা আৰু হালধীয়া
বাইৰো চুল (Bairro Sul)সেউজীয়া আৰু বগা
বাইৰো ডা মেট্ৰিজ (Bairro da Matriz)ৰঙা আৰু বগা
মাৰিয়াডেইৰা (Bairro da Mariadeira)ৰঙা আৰু হালধীয়া
বেলেম (Bairro de Belém)নীলা আৰু বগা
ৰেগুফে (Bairro de Regufe)ৰঙা আৰু সেউজীয়া

ইতিহাস

ত্ৰিকানা শৈলীৰ সোণালী সময় আছিল ১৯২০ চনৰ পৰা ১৯৬০ চনৰ ভিতৰত, যেতিয়া এই শৈলীয়ে পোভোৱা ডি ভাৰজিমৰ লগতে চহৰখনলৈ অহা পৰ্যটকসকলৰ ওপৰতো এক গভীৰ প্ৰভাৱ পেলাইছিল।৩

১৯৭০ চনত ৰেডিমেইড কাপোৰৰ আৱিৰ্ভাৱ হোৱালৈকে মধ্যবিত্তীয় কিশোৰীসকলৰ মাজত ত্ৰিকানা সাজ-পাৰ এক জনপ্ৰিয় ফেশ্বন আছিল। যেতিয়া যুৱপ্ৰজন্মই অধিক আধুনিক আন্তঃৰাষ্ট্ৰীয় ফেশ্বন গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে, ত্ৰিকানা পোভেইৰা বৰ্তমান কেৱল চহৰীয়া লোককলা গোট আৰু শোভাযাত্ৰাসমূহৰ মাজতে সীমাবদ্ধ হৈ পৰিল।৩

বৰ্তমান সময়ত ত্ৰিকানা সাজ-পাৰৰ মূল্য ব্যৱহৃত সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি যথেষ্ট ব্যয়বহুল হ’ব পাৰে। এক শক্তিশালী পৰম্পৰা হিচাপে আজিও ২৮ আৰু ২৯ জুনত অনুষ্ঠিত হোৱা 'ৰুছগাছ ডি চাও পেড্ৰো' (Rusgas de São Pedro বা ছেইণ্ট পিটাৰ পেৰেড) উৎসৱত ত্ৰিকানা গাভৰুসকলে এক বিশেষ ভূমিকা পালন কৰে।৩

১৯২০ চনৰ পৰাই ত্ৰিকানা শৈলীৰ ওপৰত আধাৰিত প্ৰথমটো লোককলা গোট 'ত্ৰিকানাছ ডো চিড্ৰাল' (Tricanas do Cidral) আৰম্ভ হৈছিল।৫ ইয়াৰ পিছত ১৯৫২ চনত 'ত্ৰিকানাছ ডা লাপা' (Tricanas da Lapa), ১৯৫৪ চনত 'ৰাঞ্চো এষ্ট্ৰেলা ডো নৰ্টে' (Rancho Estrela do Norte)৬ আৰু ১৯৯৩ চনত আঞ্চলিক 'ত্ৰিকানাছ পোভেইৰাছ' (Tricanas Poveiras) গঠন হয়।২ চহৰখনৰ দক্ষিণ অংশৰ সংস্থা লিয়োজ ডা লাপা এফ.চি.-য়ে (Leões da Lapa F.C.) 'মিছ ত্ৰিকানা' প্ৰতিযোগিতাও অনুষ্ঠিত কৰে।৭

লগতে চাওক

তথ্যসূত্ৰ

টোকাগ্ৰন্থপঞ্জী

  • Azevedo, José de. (2007). Poveirinhos pela graça de Deus. Câmara Municipal da Póvoa de Varzim. ISBN 9789729146459

তথ্যসূত্ৰ

  1. ↑ Vera Rodrigues. (June 21, 2011). Bairros com novidades para o S. Pedro. Póvoa Semanário
  2. ↑ Bairros com novidades para o S. Pedro. CMPV
  3. ↑ Azevedo 2007
  4. ↑ (June 27, 2012). A Arte do Puxo da Tricana. A Voz da Póvoa
  5. ↑ Associação Cultural e Recreativa da Matriz. CMPV
  6. ↑ 55º Aniversário Rancho Estrela do Norte. CMPV
  7. ↑ Bairro Sul escolhe a Miss Tricana. CMPV

সম্পৰ্কিত শ্ৰেণী

পোচাকবস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰিকানা পোভেইৰা” প্ৰবন্ধৰ সংশোধন ৬০২৩৫৯ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।