অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

চুৱে পাট

চুৱে পাট (ইংৰাজী: Suea pat; লাও: ເສື້ອປັດ) বা চুৱে পাই (Suea pai; ເສື້ອປ້າຍ) হৈছে লাওছ, উত্তৰ থাইলেণ্ড আৰু দক্ষিণ-পূব এছিয়াৰ অন্যান্য অঞ্চলৰ বিভিন্ন নৃগোষ্ঠীয় মহিলাসকলে পৰিধান কৰা এবিধ বিশেষ চোলা। এই নৃগোষ্ঠীসমূহৰ ভিতৰত সাধাৰণতে লাও, টাই লু, টাই খুন আৰু টাই য়ুৱান আদি অন্যতম।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ২৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ
চুৱে পাট পৰিহিত লাওছ ৰাজ্যৰ প্ৰয়াত ৰাজকুমাৰী খামলা খাম্মাও
চুৱে পাট পৰিহিত লাওছ ৰাজ্যৰ প্ৰয়াত ৰাজকুমাৰী খামলা খাম্মাওছবি: Lanphraya · CC BY-SA 3.0

চুৱে পাট (ইংৰাজী ভাষা: Suea pat; লাও (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা): ເສື້ອປັດ) বা চুৱে পাই (Suea pai; ເສື້ອປ້າຍ) হৈছে লাউচ, উত্তৰ থাইলেণ্ড আৰু দক্ষিণ-পূব এছিয়াৰ অন্যান্য অঞ্চলৰ বিভিন্ন নৃগোষ্ঠীয় মহিলাসকলে পৰিধান কৰা এবিধ বিশেষ চোলা।১২ এই নৃগোষ্ঠীসমূহৰ ভিতৰত সাধাৰণতে লাও, টাই লু, টাই খুন আৰু টাই য়ুৱান আদি অন্যতম।

চুৱে পাট হৈছে বুতাম নথকা এখন দীঘল হাতৰ চোলা। চোলাটোৰ সন্মুখৰ সোঁফালৰ অংশটো বাওঁফালৰ ওপৰত মেৰিয়াই লোৱা হয় আৰু দুয়োটা অংশ ৰছীৰে বান্ধি থোৱা হয়। লাওছৰ লুয়াং প্ৰবাঙৰ চুৱে পাটত সাধাৰণতে সোণালী ৰঙৰ ডাঙৰ কলাৰ থাকে।

ব্যুৎপত্তি

"চুৱে পাট" আৰু "চুৱে পাই" শব্দকেইটা টাই ভাষাৰ পৰা আহিছে। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে "মেৰিয়াই লোৱা চোলা"; 'চুৱে' মানে "চোলা", আনহাতে 'পাট' আৰু 'পাই' মানে "কাষলৈ মেৰিয়াই লোৱা"।

লাওছত ব্যৱহাৰ

বৰ্তমানৰ লাওছত মহিলাসকলে বিবাহৰ দৰে আনুষ্ঠানিক অনুষ্ঠানত চুৱে পাট পৰিধান কৰে।৩ প্ৰতি বছৰে লুয়াং প্ৰবাঙত মিছ চংক্ৰান প্ৰতিযোগিতাৰ বিজয়ীগৰাকীয়ে অৰ্থাৎ নাং চাংখান-এ চুৱে পাট পৰিধান কৰে। ইয়াৰ ওপৰত তেওঁলোকে এখন ফা বিয়াং (চাদৰসদৃশ কাপোৰ) লয়, যিখন সোঁ কঁকালৰ পৰা বাওঁ কান্ধলৈকে তিৰ্যকভাৱে মেৰিয়াই লোৱা হয়।

ডিজাইন

চুৱে পাটৰ চিত্ৰ
চুৱে পাটৰ চিত্ৰছবি: Bunsang · CC BY-SA 4.0

চুৱে পাট পৰম্পৰাগতভাৱে নীলা ৰঙৰ কপাহ, পাট বা মখমলৰ কাপোৰেৰে তৈয়াৰ কৰা হয়। বিভিন্ন টাই জনগোষ্ঠীৰ মাজত চুৱে পাটৰ বিভিন্ন সংস্কৰণ দেখা যায়।

চুৱে পাটৰ মূল অংশবোৰৰ ভিতৰত কলাৰ, সন্মুখৰ পটি, পিছফালৰ পটি, হাত আৰু বন্ধা ৰছী থাকে। পোছাকটোৰ কাষত কেতিয়াবা থোপোকা (tassels) থাকে। লাও ডিজাইনৰ আধুনিক সংস্কৰণবোৰত ৰছীৰ পৰিৱৰ্তে বুতাম ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ কলাৰত কেতিয়াবা জটিল সোণৰ কাম কৰা হয়। চোলাটোৰ হাতবোৰ হাতৰ মণিবন্ধলৈকে বা কিলাকুটিলৈকে চুটি হ’ব পাৰে।

এই 'ক্ৰছ-কলাৰ' ডিজাইনটো সম্ভৱতঃ মিং ৰাজবংশৰ সময়ৰ চীনৰ ফেশ্বনৰ প্ৰভাৱত গঢ় লৈ উঠিছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ สืบวิถีนุ่ง-ห่ม พัสตราภรณ์โบราณถิ่นล้านนา
  2. ↑ ການນຸ່ງຖືຂອງແມ່ຍິງລາວກັບງານປະເພນີ
  3. ↑ ການນຸ່ງຖືຂອງແມ່ຍິງລາວກັບງານປະເພນີ

সম্পৰ্কিত শ্ৰেণী

পোচাকবস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুৱে পাট” প্ৰবন্ধৰ সংশোধন ৫৯৪৪১২ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।