অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

জামানা

জামানা (ইংৰাজী: Jamana; কুৰ্দিচ: جامانە) যাক জামাদানী (Jamadani) বা আঘাবানু (Aghabanu) বুলিও জনা যায়, হৈছে কুৰ্দ্দসকলৰ এবিধ পৰম্পৰাগত শিৰস্ত্ৰাণ। ই কুৰ্দ্দ পৰম্পৰাগত সাজ-পাৰৰ এক অবিচ্ছেদ্য অংশ। ইয়াৰ প্ৰথম ব্যৱহাৰ মেচোপটেমিয়াত চুমেৰীয়সকলৰ দ্বাৰা হৈছিল।

হালনাগাদ: ১১ মাৰ্চ ২০২৬ ৩৬৩ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জামানা (ইংৰাজী ভাষা: Jamana; কুৰ্দিচ: جامانە) যাক জামাদানী (Jamadani) বা আঘাবানু (Aghabanu) বুলিও জনা যায়, হৈছে কুৰ্দ্দসকলৰ এবিধ পৰম্পৰাগত শিৰস্ত্ৰাণ। ই কুৰ্দ্দ পৰম্পৰাগত সাজ-পাৰৰ এক অবিচ্ছেদ্য অংশ। ইয়াৰ প্ৰথম ব্যৱহাৰ মেচোপটেমিয়াত চুমেৰীয়সকলৰ দ্বাৰা হৈছিল। পাহলৱী ভাষাত এই শব্দটোৱে এটুকুৰা নিচিলাই কাপোৰক বুজায়।

শিৰস্ত্ৰাণ পৰিহিত এগৰাকী চুমেৰীয় মহিলাৰ মূৰ্তি
শিৰস্ত্ৰাণ পৰিহিত এগৰাকী চুমেৰীয় মহিলাৰ মূৰ্তিছবি: ArchaiOptix · CC BY-SA 4.0

জামানা প্ৰধানকৈ পুৰুষসকলে পৰিধান কৰে। ইয়াৰ আন এক সংস্কৰণ কুৰ্দ্দ মহিলাসকলে চোলা বা ফেশ্বন টাৱেল হিচাপেও ব্যৱহাৰ কৰে।

পৰম্পৰাগত ব্যৱহাৰ

কিছুমান বিশেষ অনুষ্ঠানত, বিশেষকৈ ইৰানী কুৰ্দিস্তানত অনুষ্ঠিত 'নৌৰোজ' উৎসৱৰ সময়ত জামানা পৰিধান কৰা লোকসকলে ইৰানী চোৰাংচোৱা সংস্থাৰ দ্বাৰা নিৰ্যাতনৰ সন্মুখীন হোৱাৰ খবৰ পোৱা যায়। ইৰানী কুৰ্দ্দসকলৰ মাজত নৌৰোজ উৎসৱক প্ৰায়ে নৌৰোজী জামানা (জামানাৰ নৌৰোজ) বুলিও কোৱা হয়।

কুৰ্দিস্তান অঞ্চলৰ ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ এক প্ৰতিবেদন অনুসৰি, কুৰ্দিস্তান অঞ্চলত ১০০ৰো অধিক মছজিদ কুৰ্দ্দ জামানা শৈলীত নিৰ্মাণ কৰা হৈছে। সাধাৰণ ব্যৱহাৰৰ উপৰিও জামানা মুৰটো ৰ’দৰ পৰা ৰক্ষা কৰিবলৈ আৰু ঠাণ্ডা কৰি ৰাখিবলৈও ব্যৱহাৰ কৰা হয়। অতীতৰ কুৰ্দ্দ বিদ্ৰোহৰ সময়ত জামানা 'পেশ্বমাৰ্গা' যুঁজাৰুসকলৰ চৰকাৰী ইউনিফৰ্মৰ অংশ আছিল।

পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে বৰ্তমান মুৰত জামানা পিন্ধাৰ চৰ্চা কিছু হ্ৰাস পাইছে। অৱশ্যে নতুন প্ৰজন্মৰ মাজত ইয়াক ডিঙিত মেৰিয়াই এক ফেশ্বন অনুষংগ হিচাপে ব্যৱহাৰ কৰা দেখা যায়।

প্ৰকাৰ আৰু পৰিধানৰ শৈলী

কুৰ্দ্দ শিৰস্ত্ৰাণ (জামানা) পৰিহিত উৰ্মিয়াৰ এজন ব্যক্তি
কুৰ্দ্দ শিৰস্ত্ৰাণ (জামানা) পৰিহিত উৰ্মিয়াৰ এজন ব্যক্তিছবি: Cristo Cardoc · CC BY 4.0

কুৰ্দিস্তানৰ বিভিন্ন অঞ্চলভেদে জামানাৰ বহুতো শৈলী দেখা যায়।১ জামানাৰ ৰং সাধাৰণতে ক’লা-বগা বা ৰঙা-বগা হয়।২ জেবাৰী, হাৰকী আৰু দোস্কি জনজাতিৰ কুৰ্দ্দসকলে ক’লা-বগা জামানা ব্যৱহাৰ কৰে। আনহাতে, বাৰজানী জনজাতি আৰু য়াজিদী কুৰ্দ্দসকলে ৰঙা-বগা জামানা ব্যৱহাৰ কৰে।৩

জামানা বিভিন্ন ধৰণে পৰিধান কৰিব পাৰি যদিও ইয়াৰ দুটা মূল শৈলী আছে:

  • খাও উ পান: ই অলপ বহল আৰু ঢিলাকৈ ক্লাউৰ ওপৰত থৈ দিয়া হয়।
  • লুল্ড্ৰা: ইয়াক ক্লাউৰ চাৰিওফালে টানকৈ মেৰিয়াই থোৱা হয়।

এই শিৰস্ত্ৰাণটো ক্লাউ নামৰ অলংকৃত সৰু টুপি এটাৰ ওপৰত জামানাখন ৰাখি সজোৱা হয়। ইয়াৰ এটা অংশ পিছফালে ওলমি থাকে আৰু প্ৰায়ে ডিঙিৰ চাৰিওফালে এপাক মেৰিয়াই লোৱা হয়। পৰম্পৰাগত কুৰ্দ্দ শিৰস্ত্ৰাণৰ ঠাইত বৰ্তমান ক’লা কাপোৰৰ টুকুৰা সংলগ্ন এডাল শকত ৰছীৰ দৰে অংশ ব্যৱহাৰ কৰা হয়, যাক 'পুচিন' বুলি কোৱা হয়। ইয়াক জামানাৰ ওপৰত মুৰত মেৰিয়াই লোৱা হয়। এই সাজযোৰক অতি মৰ্যাদাপূৰ্ণ বুলি গণ্য কৰা হয়, বিশেষকৈ সুলাইমানিয়াৰ ওখ-পাখ মহিলাসকলে পিন্ধিলে ইয়াক অতি শুৱনি দেখি; যাৰ ভিতৰত লেডী আদিলা আৰু হাপচা খানৰ দৰে বিশিষ্ট ব্যক্তি অন্যতম।৪

বৰ্তমানৰ ডিজাইনাৰসকলে পৰম্পৰাগত ৰূপটোৰ বাহিৰে জামানাক অধিক আধুনিক শৈলীত পুনৰ নিৰ্মাণ কৰিছে।৫

ক্লাউ

ক্লাউ হৈছে মানুহৰ মুৰৰ সমান জোখৰ এটা ঘূৰণীয়া বস্তু যিটো জামানা পিন্ধাৰ বাবে এক অপৰিহাৰ্য ভিত্তি হিচাপে কাম কৰে।৬ ক্লাউৰ অবিহনে জামানা সঠিকভাৱে পিন্ধিব নোৱাৰি।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2025-06-23). First factory for traditional Kurdish Jamana opens in Erbil. Kurdishglobe
  2. ↑ Kurdish clothing. Kurdish Central
  3. ↑ جلوبەرگی کوردی، مێژوویەکی سێ هەزار ساڵە. JINHAGENCY News
  4. ↑ (1918). Kurdistan Missionary. Inter-Synodical Ev. Luth. Orient-Mission Society. পৃ. 30
  5. ↑ Enlightors: Jamana. Enlightors
  6. ↑ Kilaw - کڵاو. ferheng.info. Contemporary Kurdish Unified Dictionary

সম্পৰ্কিত শ্ৰেণী

পোচাকবস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জামানা” প্ৰবন্ধৰ সংশোধন ৫৮৭০৯৫ (১১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।