ফিল্মফেয়াৰ বঁটা বিজয়ী
২৩৬ প্ৰবন্ধ
-
বিদ্যা বালান
বিদ্যা বালান (Vidya Balan; জন্ম: ১ জানুৱাৰী, ১৯৭৮) হিন্দী ভাষা, বঙালী আৰু মালয়ালম ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ষোল্ল বছৰ বয়সতে তেওঁ "হম পাঁচ" (১৯৯৫) নামৰ ধাৰাবাহিকত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে।
-
জুহি চাওলা
জুহি চাওলা (Juhi Chawla; জন্ম: ১৩ নৱেম্বৰ, ১৯৬৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, ছবি প্ৰযোজক আৰু উদ্যোগী৷ ১৯৮৪ চনত অনুষ্ঠিত হোৱা ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ দখল কৰি জুহি চাওলাই আশীৰ দশকৰ শেষৰফালে হিন্দী ছবিজগতৰ এগৰাকী প্ৰতিষ্ঠিত তাৰকা হিচাপে স্ব-প্ৰতিষ্ঠিত হয়৷ কমিক-টাইমিং আৰু প্ৰাণোচ্চল চিনেমেটিক…
-
দুৰ্গা খোটে
দুৰ্গা খোটে ( Durga Khote; ১৪ জানুৱাৰী ১৯০৫ − ২২ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি তেওঁৰ সময়ৰ এগৰাকী আগশাৰীৰ মহিলা অভিনয়শিল্পী আছিল। তেওঁ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ লগতে থিয়েটাৰতো সক্ৰিয় হৈ আছিল। ৫০ বছৰীয়া কৰ্মজীৱনত তেওঁ প্ৰায় ২০০খন চলচ্চিত্ৰ আৰু আৰু অসংখ্য নাটকত অভিনয় কৰি গৈছে।
-
নূতন
নূতন সামৰ্থ ( Nutan Samarth, ৪ জুন ১৯৩৬- ২১ ফেব্ৰুৱাৰী ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি নূতন নামেৰে বহুলভাৱে জনা যায়। প্ৰায় চাৰি দশকৰ কৰ্মময় জীৱনত তেওঁ ৭০তকৈও অধিক হিন্দী চলচ্চিত্ৰত মূল ভূমিকাত অভিনয় কৰিছে। ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী অতি দক্ষ অভিনেত্ৰী বুলি তেওঁক গণ্য কৰা হয়।
-
ফাৰহান আখতাৰ
ফাৰহান আখতাৰ (জন্ম ৯ জানুৱাৰী, ১৯৭৪) এগৰাকী ভাৰতীয় কথাছবি পৰিচালক, চিত্ৰনাট্যকাৰ, প্ৰযোজক, অভিনেতা, গায়ক, গীতিকাৰ আৰু দূৰদৰ্শনৰ অনুষ্ঠান সঞ্চালক। তেওঁৰ পিতৃ জাভেদ আখতাৰ আৰু মাতৃ হানী ইৰাণী।
-
তবু
তবচ্চুম ফাতিমা হাচমী (Tabassum Fatima Hashmi; জন্ম: ৪ নৱেম্বৰ ১৯৭১) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতৰ জনপ্ৰিয় নাম হৈছে তবু। তেলুগু, তামিল, মালয়ালম, বঙালী আৰু মাৰাঠী ভাষাৰ ছবিতো তবুৱে অভিনয় কৰিছে।
-
ধনুষ
ধনুষ (தனுஷ்; জন্ম ২৮ জুলাই, ১৯৮৩) হৈছে ভাৰতীয় এজন তামিল চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, গীতিকাৰ আৰু নেপথ্য গায়ক। এখেতৰ জন্ম হয় ১৯৮৩ চনৰ ২৮ জুলাই তামিলনাডুৰ চেন্নাইত।
-
শচীন দেৱবৰ্মণ
শচীন দেৱবৰ্মণ (অক্টোবৰ ১, ১৯০৬ - অক্টোবৰ ৩১, ১৯৭৫) বিংশ শতাব্দীত ভাৰতীয় বাংলা গানৰ কিংবদন্তীতূল্য আৰু জনপ্ৰিয় সঙ্গীত শিল্পী। প্ৰায়: তেওঁক এচ, ডি, বৰ্মণ হিচাপে উল্লেখ কৰা হয়। কিছু অনুনাসিক কণ্ঠস্বৰৰ বাবে তেওঁ তেওঁৰ শ্ৰোতাসকলৰ মাজত বিশেষভাবে পৰিচিত।
-
সোনাক্ষী সিন্হা
সোণাক্ষী সিন্হা (Sonakshi Sinha), জন্ম: ২ জুন, ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী আৰু গায়িকা। তেখেতে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে। কেৰিয়াৰৰ আৰম্ভণিতে সোণাক্ষীয়ে সাজসজ্জা পৰিকল্পক হিচাপে কাম কৰে।
-
ৰাজকুমাৰ ৰাও
ৰাজকুমাৰ ৰাও (Rajkummar Rao) (জন্ম: ৰাজ কুমাৰ যাদৱ; ৩১ আগষ্ট ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০১০ চনৰ পৰা বৰ্তমানলৈকে তেওঁ ৩০খনতকৈও অধিক ছবিত অভিনয় কৰিছে।
-
অনুৰাধা পৌডৱাল
অনুৰাধা পৌডৱাল (Anuradha Paudwal; জন্ম: ২৭ অক্টোবৰ ১৯৫৪)মূলতঃ হিন্দী চলচ্চিত্ৰ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। প্ৰচাৰ মাধ্যমত তেওঁক এগৰাকী শীৰ্ষস্থানীয় ভজন গায়িকা আৰু আৰু আশী আৰু নব্বৈৰ দশকৰ বলীউডৰ অন্যতম সফল নেপথ্য কণ্ঠশিল্পী হিচাপে অভিহিত কৰা হয়।
-
অমিত ত্ৰিবেদী
অমিত ত্ৰিবেদী (અમિત ત્રિવેદી) এজন ভাৰতীয় চলচ্চিত্ৰ সংগীত পৰিচালক, সুৰকাৰ, গায়ক আৰু গীতিকাৰ। নাটক আৰু জিংগোল সুৰকাৰ হিচাপে কাম কৰাৰ পাছত বিভিন্ন এলবামত সংগীত পৰিচালনা কৰে। 'আমিৰ' চলচ্চিত্ৰৰ সংগীত পৰিচালক হিচাপে ২০০৮ চনত তেওঁ আত্মপ্ৰকাশ কৰিছিল।
-
কৰিশ্মা কাপুৰ
কৰিশ্মা কাপুৰ (Karisma Kapoor; জন্ম: ২৫ জুন ১৯৭৪) মূলতঃ হিন্দী চলচ্চিত্ৰৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ এগৰাকী কাপুৰ পৰিয়ালৰ সদস্য, অভিনেতা ৰণধীৰ কাপুৰ আৰু ববিতাৰ কন্যা আৰু অভিনেত্ৰী কৰিণা কাপুৰৰ বায়েক।
-
তনুজা
তনুজা সমৰ্থ (Tanuja Samarth, জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৪৩)ৰ জনপ্ৰিয় নাম হৈছে তনুজা। ভাৰতীয় চলচ্চিত্ৰ জগতৰ পৰিচিত ব্যক্তিত্ব তনুজাই সৰ্বাধিক কাম কৰিছে হিন্দী ভাষাৰ ছবিত। তেখেত অভিনেত্ৰী শোভনা সমৰ্থ আৰু ছবি প্ৰযোজক কুমাৰসেন সমৰ্থৰ জীয়েক। আনহাতে তনুজাৰ বিবাহ সম্পন্ন হৈছে ছবি-নিৰ্মাতা শমু মুখাৰ্জীৰ সৈতে।
-
পূজা ভাট
পূজা ভাট (Pooja Bhatt; জন্ম: ২৪ ফেব্ৰুৱাৰী, ১৯৭২) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেত্ৰী, ভয়ছ অভাৰ শিল্পী, মডেল আৰু ছবি-নিৰ্মাতা। পূজা ভাটে লাভ কৰা বহুকেইটা পুৰস্কাৰৰ ভিতৰত দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও সন্নিৱিষ্ট হৈ আছে। তেখেত চলচ্চিত্ৰ পৰিচালক মহেশ ভাটৰ জীয়ৰী।
-
ফৰিদা জালাল
ফৰিদা জালাল (Farida Jalal, জন্ম ১৪ মাৰ্চ ১৯৪৯) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ পঞ্চাছ বছৰৰো অধিক সময় ছবি জগতৰ লগত জড়িত থকা ফৰিদা জালালে হিন্দী, তেলেগু আৰু তামিল ভাষাৰ দুইশতাধিক ছবিত অভিনয় কৰিছে৷ স্বতন্ত্ৰ ছিনেমাকে ধৰি মূলসুঁতিৰ একাধিক ছবিত অভিনয় কৰা ফৰিদা জালালে চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ…
-
ৰাখী গুলজাৰ
Rakhee Gulzar ( Rakhee Gulzar; জন্ম ৰাখী মজুমদাৰ ১৫ আগষ্ট ১৯৪৭; অধিক জনাজাত নাম ৰাখী) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বহুতো হিন্দী আৰু বঙালী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তিনিটা ফিল্মফেয়াৰ বঁটা আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
-
ৰেখা (অভিনেত্ৰী)
ভানুৰেখা গণেশন (Bhanurekha Ganesan; জন্ম ১০ অক্টোবৰ ১৯৫৪) ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী বহুমুখী প্ৰতিভা সম্পন্ন আৰু অতি নিপুণ অভিনেত্ৰী, যাৰ জনপ্ৰিয় বৃত্তিগত নাম ৰেখা। তেওঁ ১৮০খনতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰিছে আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু তিনিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
-
শাম্মী কাপুৰ
শাম্মী কাপুৰ (शम्मी कपूर, Shammi Kapoor; জন্মঃ ২১ অক্টোবৰ, ১৯৩১ - মৃত্যুঃ ১৪ আগষ্ট, ২০১১) আছিল ভাৰতীয় চলচ্চিত্ৰ শিল্প জগতৰ এসময়ৰ জনপ্ৰিয় নায়ক আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৫০ আৰু ১৯৬০ ৰ দশকত হিন্দী চিনেমাৰ জগতত তেওঁ আছিল অত্যন্ত জনপ্ৰিয়, শীৰ্ষস্থানীয় চিত্ৰতাৰকা শিল্পী আৰু প্ৰভাৱশালী ব্যক্তিত্ব।
-
অক্ষয় খান্না
অক্ষয় খান্না (Akshaye Khanna; জন্ম: ২৮ মাৰ্চ ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী ছবিত কাম কৰে। তেওঁ তেওঁৰ অভিনয়ৰ বহুমুখিতা আৰু শক্তিশালী চিত্ৰণৰ বাবে পৰিচিত। তেওঁ ফিল্মফেয়াৰ বঁটাকে ধৰি বহুতো বঁটা-বাহন তথা স্বীকৃতি লাভ কৰিছে।
-
অমৰীশ পুৰী
অমৰীশ পুৰী (Amrish Puri; ২২ জুন ১৯৩২ – ১২ জানুৱাৰী ২০০৫) এগৰাকী ভাৰতীয় অভিনেতা আৰু থিয়েটাৰ শিল্পী আছিল। তেওঁ ঘাইকৈ হিন্দী চলচ্চিত্ৰ সমূহত খলনায়কৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে বিশেষ ভাবে জনাজাত।
-
আনন্দ বক্সী
আনন্দ বক্সী (২১ জুলাই ১৯৩০ — ৩০ মাৰ্চ ২০০২) জনপ্ৰিয় ভাৰতীয় কবি আৰু হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ আছিল। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত পঞ্জাৱ প্ৰদেশৰ ৰাৱালপিণ্ডি (বৰ্তমানৰ পাকিস্তান)ত এখেতৰ জন্ম হৈছিল। ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত পৰিয়ালৰ সৈতে লক্ষ্ণৌলৈ আহি থাকিবলৈ লয়।
-
সুনিধি চৌহান
সুনীধি চৌহান (Sunidhi Chauhan; জন্ম: ১৪ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। দিল্লীত জন্মগ্ৰহণ সুনিধিয়ে ৫ বছৰ বয়সৰ পৰাই স্থানীয় অনুষ্ঠানত সংগীত পৰিবেশন কৰিবলৈ আৰম্ভ কৰে আৰু ১৩ বছৰ বয়সত শাস্ত্ৰ (১৯৯৬) ছবিৰ জৰিয়তে কৰ্মজীৱনত আত্মপ্ৰকাশ কৰে।
-
অনুষ্কা শৰ্মা
অনুষ্কা শৰ্মা (Anushka Sharma; জন্ম: ১ মে' ১৯৮৮) এগৰাকী ভাৰতীয় চিত্ৰাভিনেত্ৰী আৰু প্ৰযোজক। তেওঁৰ অধিকাংশ ছবিয়েই হিন্দী ভাষাত নিৰ্মিত। ভাৰতবৰ্ষৰ এগৰাকী স্বনামধন্য আৰু উপাৰ্জনকাৰী তাৰকা হিচাপে সমাদৃত অনুষ্কাই ফিল্মফেয়াৰ, আইফাকে ধৰি বহুকেইটা বঁটা-স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।
-
অমৃতা সিং
অমৃতা সিং (Amrita Singh; জন্ম: ৯ ফেব্ৰুৱাৰী, ১৯৫৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ বেটাব আৰু মৰ্দৰ দৰে ছবিত অভিনয় কৰি খ্যাতি আৰু সমাদৰ লাভ কৰা অমৃতা সিং আশীৰ দশকত এগৰাকী আগশাৰীৰ তাৰকালৈ উন্নীত হয়৷ নবৈৰ দশকৰ আৰম্ভণিতে তেখেতে ছবিৰ পৰা বিৰতি লয়৷ প্ৰায় দশকজোৰা বিৰতিৰ পাছত তেখেত ২০০২ চনত পুনৰ…
-
ওম পুৰী
ওম প্ৰকাশ পুৰী (Om Puri); ১৮ অক্টোবৰ ১৯৫০ – ৬ জানুৱাৰী ২০১৭) আছিল এজন ভাৰতীয় অভিনেতা যিয়ে মূলসুঁতিৰ বাণিজ্যিক হিন্দী ছবিৰ লগতে উৰ্দু, মালয়ালম, বাংলা, কানাড়া, ইংৰাজী, পাঞ্জাবী, গুজৰাটী, তেলেগু, আৰু মাৰাঠী ছবিৰ লগতে স্বতন্ত্ৰ আৰু কলাত্মক ছবিত অভিনয় কৰিছিল আৰু কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চিনেমাতো…
-
কাদেৰ খান
কাদেৰ খান (Kader Khan; ২২ অক্টোবৰ ১৯৩৭ — ৩১ ডিচেম্বৰ ২০১৮) এজন ভাৰতীয়-কানাডিয়ান অভিনেতা, চিত্ৰনাট্যকাৰ, কমেডিয়ান আৰু বোলছবি পৰিচালক। অভিনেতা হিচাপে তেওঁ ৩০০ তকৈও বেছি বোলছবিত অভিনয় কৰিছে। তেওঁ ৰাজেশ খান্না অভিনীত ছবি "দাগ"ৰ জৰিয়তে বলিউডত অভিনয়ৰ পাতনি মেলিছিল।
-
কুণাল গাঞ্জাৱালা
কুণাল গাঞ্জাৱালা (કુણાલ ગાંજાવાલા, Kunal Ganjawala) (জন্ম: ১৪ এপ্ৰিল, ১৯৭২) হৈছে এজন ভাৰতীয় নৱাগত নেপথ্য গায়ক কাম কৰি আছে। তেওঁ হিন্দী, কান্নাড়া, তামিল, তেলেগু, মাৰাঠী, বঙালী, অসমীয়া, ওড়িয়া, মালয়ালম, পঞ্জাবী আৰু উৰ্দু আদি ভাৰতৰ বিভিন্ন ভাষাৰ গানত কণ্ঠদান কৰিছে।
-
জয়া আখতাৰ
জয়া আখতাৰ (জন্ম: ১৪ অক্টোবৰ, ১৯৭২) এগৰাকী ভাৰতীয় চিনেমা পৰিচালক আৰু চিত্ৰনাট্যকাৰ। ২০০৯ চনত তেওঁ লাক বাই চাঞ্চ নামৰ ছবিখনৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। চলচ্চিত্ৰখনে সমালোচকৰ আদৰ লাভ কৰিবলৈ সক্ষম হয়।
-
নিৰূপা ৰয়
নিৰূপা ৰয় (জন্ম কোকিলা কিশোৰচন্দ্ৰ বুলচাৰা; Nirupa Roy; નિરુપા રોય; ৪ জানুৱাৰী ১৯৩১- ১৩ অক্টোবৰ ২০০৪) হিন্দী ছবিৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল।