
অনুৰাধা পৌডৱাল (Anuradha Paudwal; জন্ম: ২৭ অক্টোবৰ ১৯৫৪)মূলতঃ হিন্দী চলচ্চিত্ৰ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।১২৩ প্ৰচাৰ মাধ্যমত তেওঁক এগৰাকী শীৰ্ষস্থানীয় ভজন গায়িকা৪ আৰু আৰু আশী আৰু নব্বৈৰ দশকৰ বলীউডৰ অন্যতম সফল নেপথ্য কণ্ঠশিল্পী হিচাপে অভিহিত কৰা হয়।৫৬৭ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, চাৰিটা ফিল্মফেয়াৰ বঁটা, দুটা উৰিষ্যা ৰাজ্যিক চলচ্চিত্ৰ বঁটাকে ধৰি তেওঁ বহুতো বঁটা-বাহন লাভ কৰিছে। কলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰে ভূষিত কৰিছে।
ডি ৱাই পাটিল বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডি.লিট ডিগ্ৰী প্ৰদান কৰিছে। লতা মংগেশকাৰৰ পিছত এই ডিগ্ৰী লাভ কৰা তেওঁ দ্বিতীয়গৰাকী গায়িকা।৮৯ তেওঁ সামাজিক কামতো জড়িত আৰু সূৰ্য্যোদয় ফাউণ্ডেশ্যন নামৰ এটা সংস্থা তেওঁ পৰিচালনা কৰিছিল।১০ চাৰি দশকৰো অধিক বিস্তৃত তেওঁৰ সাংগীতিক জীৱনত পৌডৱালে গুজৰাটী, হিন্দী, কানাড়া, মাৰাঠী, সংস্কৃত, বঙালী, তামিল, তেলেগু, উৰিয়া, অসমীয়া, পাঞ্জাবী, ভোজপুৰী, নেপালী আৰু মৈথিলিকে ধৰি কেইবাটাও ভাষাত ৯,০০০ৰো অধিক গীত আৰু ১৫০০ৰো অধিক ভজন বাণীবদ্ধ কৰিছে।৯১১১২ ৬ ইউটিউৱৰ মিউজিক চাৰ্টচ্ আৰু শীৰ্ষৰ বিশ্বপৰ্যায়ৰ ইনচাইট তালিকাত ৩ ফেব্ৰুৱাৰী ২০২২ তাৰিখত তেওঁৰ ৰেংক ৩১।৬ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ দ্বাৰা ভাৰতীয় ভক্তিমূলক সাংস্কৃতিক ৰাষ্ট্ৰদূত হিচাপে তেওঁক সন্মানিত কৰা হৈছে।১৩১৪
ব্যক্তিগত জীৱন
কাৰৱাৰৰ এটা মাৰাঠী ভাষী পৰিয়ালত অলকা নাডকাৰ্ণী নামেৰ তেওঁ জন্মগ্ৰহণ কৰিছিল।১৫১৬ বিবাহ হৈছিল অৰুণ পৌডৱাল নামৰ এজন সংগীত কম্পোজাৰৰ সৈতে। তেওঁলোকৰ আদিত্য আৰু কবিতা নামেৰে এহাল ল’ৰা-ছোৱালী আছে। জীয়ৰী কবিতা পেচাত এগৰাকী গায়িকা।১৭১৮ ২০০২ চনত মধ্যপ্ৰদেশত এটা হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা অনুৰাধাই কথমপি ৰক্ষা পৰে। ২০২০ চনৰ ১২ ছেপ্টেম্বৰত তেওঁৰ পুত্ৰ আদিত্যৰ বৃক্ক বিকল হৈ মৃত্যু হয়।১৯
কৰ্মজীৱন
শচীন দেৱ বৰ্মনে সুৰাৰোপ কৰা ১৯৭৩ চনত মুক্তি পোৱা হিন্দী ছবি অভিমানৰ এটা সংস্কৃত শ্লোক আবৃতিৰে অনুৰাধাই চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে।২০ ১৯৭০ৰ দশকত তেওঁ কিছু সংখ্যক জনপ্ৰিয় গীত গাইছিল, যিবোৰে সংগীত পৰিচালক আৰু শ্ৰোতা উভয়ৰে সমাদৰ পাইছিল। হিৰো (১৯৮৩) ছবিৰ তু মেৰা জানু হ্যায় গীতটো ব্যপক জনপ্ৰিয়তা পায়। তাৰ পিছতে আশীৰ দশকৰ মাজভাগৰ পৰা তেওঁ মহম্মদ আজিজৰ সৈতে গীত গাই এটাৰ পিছত আন এটা হিট গান উপহাৰ দিয়ে আৰু চলচ্চিত্ৰ উদ্যোগত নিজৰ খোপনি শক্তিশালী কৰি তোলে। এইখিনি সময়তে তেওঁক আনকি মংগেশকাৰ ভগ্নীসকলতকৈও অগ্ৰাধিকাৰ দিয়া হৈছিল।২১
বঁটা আৰু স্বীকৃতি
২) ১৯৮৬: শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা –মেৰে মন বাজো মৃদংগ (''উৎসৱ)।২৪
৩) ১৯৯১: শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা- নজৰ কে সামনে (আশিকী)।২৫
৪) ১৯৯২: শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা –দিল হ্যায় কী মানতা নেহী (দিল হ্যায় কী মানতা নেহী) ২৬
৫) ১৯৯৩: শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা –ধক ধক কৰনে লগা (বেটা) ২৭
৬) ১৯৮৯: শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা –হে এক ৰেশমী (মাৰাঠী চলচ্চিত্ৰ কালত-নকালত)। ২৮
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Ravi, S. (29 April 2016). 'Success is ephemeral': Anuradha Paudwal. দ্য হিন্দু
- ↑ (1 February 2017). Wanted to quit playback singing at my peak: Anuradha Paudwal. হিন্দুস্তান টাইমছ
- ↑ (27 October 2017). Anuradha Paudwal birthday special: Top 10 songs from the soulful voice. The Free Press Journal
- ↑ प्रसिद्ध गायिका अनुराधा पौडवाल के साथ खास चर्चा
- ↑ Bollywood singers who ruled the '90s. MSN
- ↑ (27 October 2021). Anuradha Paudwal, The Melodious Voice of '80s And '90s in India, Turns 66. News18
- ↑ Top 10 Best Female Indian Singers. TheTopTens
- ↑ (30 December 2016). Playback singer Anuradha Paudwal to be conferred with honorary D Litt degree. The Indian Express
- ↑ Anuradha Paudwal to be conferred with honorary D.Litt degree. India Today
- ↑ Anuradha Paudwal contributes to donation of cardiac ambulance. The New Indian Express
- ↑ Suryodaya Foundation – Suryodaya Foundation
- ↑ 93 Indian Popular Female Singers. thelistacademy.com
- ↑ Anuradha Paudwal gets conferred with the title of Vidushi and Ashthan Gayanee - Times of India. The Times of India
- ↑ (10 July 2018). Anuradha Paudwal Was Honoured As The Cultural Ambassador Of Devotional Music. Urban Asian
- ↑ (27 October 2020). Happy birthday Anuradha Paudwal: All times Government recognized her. DNA
- ↑ Nishika V. (6 May 2017). Still trailblazer. Deccan Herald
- ↑ (15 April 1995). Singing sibling. ইণ্ডিয়া টুডে
- ↑ (14 May 2017). My mother's guidance most important to me: Kavita Paudwal. Eenadu
- ↑ न्यूज़, एबीपी. (12 September 2020). अनुराधा पौडवाल के बेटे आदित्य पौडवाल का अस्पताल में निधन, किडनी की बीमारी से थे पीड़ित. abplive.com
- ↑ Anup Pandey. (4 March 2017). I only struggled to be my best. The Hindu
- ↑ Anuradha Paudwal never felt pressure in her career - Times of India. The Times of India
- ↑ Sharma, Smrity. (25 January 2017). Padma Awards 2017: Aashiqui singer Anuradha Paudwal surprised by the unexpected honour. India.com
- ↑ Anuradha Paudwal Awards: List of awards and nominations received by Anuradha Paudwal · Times of India Entertainment. The Times of India
- ↑ The Filmfare Awards Winners – 1985. The Times Group
- ↑ The Filmfare Awards Winners – 1990. The Times Group
- ↑ The Filmfare Awards Winners – 1991. The Times Group
- ↑ The Filmfare Awards Winners – 1992. The Times Group
- ↑ 37th National Film Awards. Directorate of Film Festivals
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুৰাধা পৌডৱাল” প্ৰবন্ধৰ সংশোধন ৪২৬০২৯ (১৬ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।