অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়া আখতাৰ

জয়া আখতাৰ (জন্ম: ১৪ অক্টোবৰ, ১৯৭২) এগৰাকী ভাৰতীয় চিনেমা পৰিচালক আৰু চিত্ৰনাট্যকাৰ। ২০০৯ চনত তেওঁ লাক বাই চাঞ্চ নামৰ ছবিখনৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। চলচ্চিত্ৰখনে সমালোচকৰ আদৰ লাভ কৰিবলৈ সক্ষম হয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

জয়া আখতাৰ (জন্ম: ১৪ অক্টোবৰ, ১৯৭২) এগৰাকী ভাৰতীয় চিনেমা পৰিচালক আৰু চিত্ৰনাট্যকাৰ। ২০০৯ চনত তেওঁ লাক বাই চাঞ্চ নামৰ ছবিখনৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।১২ চলচ্চিত্ৰখনে সমালোচকৰ আদৰ লাভ কৰিবলৈ সক্ষম হয়। ২০১১ চনত তেওঁ সমালোচক তথা ব্যৱসায়িকভাৱে সফল জিন্দেগী না মিলেগী দোবাৰা শীৰ্ষক চলচ্চিত্ৰখন পৰিচালনা কৰে আৰু তাৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

ব্যক্তিগত জীৱন

জয়া আখতাৰৰ জন্ম ১৯৭২ চনৰ ১৪ অক্টোবৰত, পিতৃ জাভেদ আখতাৰ আৰু মাতৃ হানী ইৰাণী। শ্বাবানা আজমী তেওঁৰ মাহীমাক। জয়া আখতাৰ ফাৰহান আখতাৰৰ ভগ্নী। মেনেকজী স্কুলত তেওঁ স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত মুম্বাইৰ চেণ্ট জেভিয়াৰছ কলেজৰ পৰা কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে। পাছলৈ তেওঁ চিনেমা সম্পৰ্কীয় শিক্ষাৰ বাবে নিউয়ৰ্ক য়ুনিভাৰ্ছিটী ফিম্ল স্কুলত যোগদান কৰে।

কেৰিয়াৰ

জয়া আখতাৰে পোনপ্ৰথমে প্ৰাইচ অৱ বুলেট শীৰ্ষক এটি গানৰ ভিডিঅ’ৰ পৰিচালক হিচাপে কাম কৰি তেওঁৰ কেৰিয়াৰৰ আৰম্ভণি ঘটাইছিল। দিল চাহতা হেই আৰু স্প্লিট ৱাইদ অপেন-ত তেওঁ কাষ্টিং ডিৰেক্টৰ হিচাপে, লক্ষ্য আৰু দিল চাহতা হেই-ত সহাকাৰী পৰিচালক হিচাপে তেওঁ কাম কৰিছিল। তাৰ পাছতে তেওঁ ৰীমা কাগতিৰ ছবি হনিমুন ট্ৰেভেলছ্ প্ৰাইভেট্ লিমিটেড-ৰ সহপ্ৰযোজনা কৰে।৩ তেওঁ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা প্ৰথম চলচ্চিত্ৰখন হৈছে ২০০৯ চনত মুক্তি লাভ কৰা লাক বাই চাঞ্চ। ছবিখনে সমালোচকৰ আদৰ লাভ কৰিবলৈ সক্ষম হৈছিল যদিও বক্স অফিচত মুখ ঠেকেচা খায়। ২০১১ চনত তেওঁ ব্যৱসায়িকভাৱে যথেষ্ট সফল ছবি জিন্দেগী না মিলেগী দোবাৰা পৰিচালনা কৰে। ছবিখনে সমালোচকৰ পৰা ধনাত্মক মন্তব্য লাভ কৰাৰ উপৰিও জয়া আখতাৰে শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈও সক্ষম হয়। ২০১৩ চনত তেওঁ অনুৰাগ কাশ্যপ, দিবাকৰ বেনাৰ্জী আৰু কৰণ জোহৰৰ সৈতে লগ লাগি বম্বে টকীজ ছবিখন নিৰ্মাণ কৰে। এই ছবিখন ভাৰতীয় চিনেমাৰ শতবৰ্ষ উপলক্ষে নিৰ্মাণ কৰা হৈছিল।৪৫ ২০১৫ চনত তেওঁৰ পৰিচালিত আন এখন চিনেমা হৈছে দিল ঢড়কনে দো মুক্তি লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ (9 February 2009). Zoya Akhtar. Outlook
  2. ↑ (7 September 2009). 'I'm obsessed with people'. Rediff.com
  3. ↑ Zoya Akhtar. Excel Entertainment
  4. ↑ (7 May 2012). Bollywood directors join hands to pay homage to Indian cinema. The Times of India
  5. ↑ Dubey, Bharati. (25 January 2012). Film industry to mark Phalke centenary. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চলচ্চিত্ৰ পৰিচালকহিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালকফিল্মফেয়াৰ বঁটা বিজয়ীনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়া আখতাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭১৪৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।